১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিৰ 'সেৱা সপ্তাহ' শীৰ্ষক বিশেষ কাৰ্যসূচী আৰম্ভ। সোমবাৰৰ পৰা শুভাৰম্ভ হৈছে এই কাৰ্যসূচী।

২. ১৪ ছেপ্তেম্বৰত মিজোৰামৰ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা আৰ লালজিৰলিয়ানাক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ।

৩. মণিপুৰৰ গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত এগৰাকী উপ-পৰিদৰ্শকৰ লগতে গাঁওৰক্ষী বাহিনীৰ ৩জন জোৱানক নিলম্বন। ঘটনাৰে জড়িত ৫ জনক গ্ৰেপ্তাৰ, পলাতক ৮ অভিযুক্ত।

৪. বাক্সাৰ কদমতলত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ'ল ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান। ১০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন।

৫. হিজবুল মুজাহিদীনৰ সৈতে জড়িত ধৃত কামৰুজ জামানৰ জ্যেষ্ঠ ভাতৃ ছাইফুল ইছলামক দুদিন ধৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ। সোমবাৰে গ্ৰেপ্তাৰ কৰে ছাইফুলক।

৬. ভাৰতৰ বিদেশ ৰাজ্যমন্ত্ৰী জেনেৰেল ভি. কে সিঙৰ পাকিস্তান সন্দৰ্ভত মন্তব্য, 'দিনকদিনে পাকিস্তানত সন্ত্ৰাসবাদ বাঢ়িয়ে আছে। সেনাই পাতিলে ইমৰান খানক প্ৰধানমন্ত্ৰী।'

৭. সোমবাৰে আফগানিস্তানত তালিবানৰ আক্ৰমণত ১০ সুৰক্ষাকৰ্মী নিহত।

৮. উচ্চতম ন্যায়ালয়ে চেৰিদন, প্ৰিটান আৰু ডাৰ্ট ড্ৰাগছ নামৰ তিনি ঔষধৰ বিক্ৰীৰ ওপৰত থকা প্ৰতিবন্ধকতা খাৰিজ কৰে। কেন্দ্ৰীয় চৰকাৰে ৩২৮ বিধ ঔষধত লগাইছিল প্ৰতিবন্ধকতা।

৯. সোমবাৰে মালায়ালম ছবিজগতৰ অভিনেতা কেপ্তেইন ৰাজুৰ দেহাৱসান ঘটে। ভাৰতীয় সেনাৰ চাকৰি এৰি ছবিজগতত অভিনয় কৰিছিল তেওঁ।

১০. বিশ্ব অৰ্থনীতি সংস্থা চমুকৈ ডব্লিউ ই এফৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনলৈ বিশ্বৰ ৫২ শতাংশ কামেই মানুহে পৰিৱৰ্তে যন্ত্ৰই কৰিব।

১১. আৰ এছ এছৰ বিশেষ সভাত সোমবাৰে 'ভৱিষ্যতৰ ভাৰত' শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। মুখ্য বক্তা হিচাপে ভাগ লয় সংঘৰ অধ্যক্ষ মোহন ভগৱতে।

১২. আৰ এছ এছৰ বিশেষ সভালৈ ৪০টা ৰাজনৈতিক দলৰ লগতে ভিন্ন ধাৰ্মিক আৰু সামাজিক সংগঠনক নিমন্ত্ৰণ। সোমবাৰে সংঘৰ সভাত উপস্থিত থাকে বলীউডৰ কেইবাগৰাকীও তাৰকা।

১৩. ৩২ বছৰত ভৰি থলে টীম ইণ্ডিয়াৰ স্পীনাৰ আৰ অশ্বিনে।  ১৯৮৬ চনত চেন্নাইত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল স্পিনাৰজনে।

১৪. পশ্চিম বংগ, অন্ধপ্ৰদেশৰ পাছত এইবাৰ কৰ্ণাটকত পেট্ৰল-ডিজেলৰ দাম ২ টকাকৈ হ্ৰাস। সোমবাৰে মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে কৰিলে এই ঘোষণা।

১৫. ১৯ চেপ্তেম্বৰত এচিয়াকাপত মুখামুখি হব ভাৰত-পাকিস্তান। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব খেল। ভাৰতক নেতৃত্ব দিব ৰোহিত শৰ্মাই।

১৬. ২০১৮ৰ ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে মনোনীত হৈছে মীৰাবাই চানু আৰু বিৰাট কোহলি। অৰ্জুন বটাৰ বাবে মনোনয়ন তালিকাত অন্তৰ্ভুক্ত হৈছে নীৰজ চোপ্ৰা, হিমা দাসকে ধৰি ২০জন খেলুৱৈৰ নাম।

১৭. হাৰিয়ানাৰ ৰেৱাড়ীৰ গণধৰ্ষনৰ অভিযুক্তৰ হৈ কোনো অধিবক্তাই নকৰে ওকালতি। ২৫খন গাঁৱৰ মহাপঞ্চায়তে কৰিলে এই ঘোষণা।

১৮. আইআৰচিটিচি কেলেংকাৰী সন্দৰ্ভত লালুপ্ৰসাদ, ৰাবড়ী দেৱী আৰু তেজস্বী যাদৱলৈ আদালতৰ চমন। ৬ অক্টোবৰত আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ।

১৯. দেওবাৰে নিশা ১০ বাজি ৮ মিনিটত ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই মহাকাশলৈ প্ৰেৰণ কৰা দুটা উপগ্ৰহ সুকলমে কক্ষপক্ষত স্থাপন কৰে। প্ৰায় ১৭ মিনিট ৪৫ চেকেণ্ডৰ অন্তত নিজ কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হয় উপগ্ৰহ দুটা।

২০. বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ৰাজনীতিলৈ কেতিয়াও নাহে। অভিনেতা জনে ক'লে, 'মই জননেতা হ'ব নিবিচাৰো, ৰাজনীতিলৈ মোৰ ভয় লাগে।'

২১. কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণক হত্যাৰ পৰিকল্পনা কৰি ৰঙাঘৰত সোমাল উত্তৰাখণ্ডৰ দুই যুৱক।

২২. ফেচবুক আৰু কেমব্ৰিজ এনালাইটিকালৈ চিবিআইৰ পত্ৰ। ডাটা কেলেংকাৰী সন্দৰ্ভত পত্ৰ প্ৰেৰণ ভাৰতীয় তদন্তকাৰী সংস্থাটোৰ।

২৩. মাতৃত্বৰ গৌৰৱৰে গৌৰৱান্বিত অভিনেত্ৰী লিজা ৰয়। ছাৰ'গেচী পদ্ধতিৰে দুটি যমজ সন্তানৰ মাতৃ হয় অভিনেত্ৰীগৰাকী। ছ'চিয়েল মিডিয়াত ফটো প্ৰকাশেৰে ৰাজহুৱা কৰিলে এই কথা।

২৪. ভিয়েটনামৰ সংগীত মহোৎসৱত অঘটন। ড্ৰাগছ সেৱন কৰি ৭জনৰ মৃত্যু। চিকিৎসাধীন হৈ আছে আন ৫জন।

২৫. মধ্যপ্ৰদেশৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি কংগ্ৰেছৰ। ভূপালত ৰাহুল গান্ধীৰ ৰেলী। চাহ, ছিঙৰা আৰু ছেল্ফিৰে জনতাৰ সৈতে ৰেলীত অংশগ্ৰহণ কংগ্ৰেছ সভাপতিগৰাকীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in