১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. কৰ্ণাটকৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। কংগ্ৰেছ প্ৰাৰ্থী পি নাগৰাজে য়েশৱন্থপুৰ বিধানসভা সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

২. শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিক টেলিফোন যোগে শুভকামনা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। শনিবাৰে শ্ৰীলংকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ঐতিহাসিক জয়লাভ কৰিবলৈ সক্ষম হৈছিল গোটাবায়া ৰাজাপক্সাই।

৩. বাংলাদেশৰ চিট্টাগঙত গেছ পাইপলাইনত সংঘটিত বিস্ফোৰণ। বিস্ফোৰণৰ ফলত প্ৰায় ৭জনকৈ লোকৰ মৃত্যু।

৪. দেওবাৰে এন চি পিৰ ক'ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হয়। দলটোৰ মুৰব্বী শৰদ পাৱাৰৰ বাসভৱনত অনুষ্ঠিত হয় এই বৈঠক।

৫. বিজেপি নেতা ভুপেন্দ্ৰ যাদৱে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানক। পাছৱানৰ বাসগৃহত সাক্ষাৎ কৰে তেওঁক।

৬. দেওবাৰৰ পৰা বন্ধ বদ্ৰীনাথ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। শীতকালৰ বাবে বন্ধ কৰা হয় মন্দিৰ।

৭. বিজেপিৰ পাৰ্লিয়ামেন্ট্ৰী পাৰ্টিৰ বৈঠক অনুষ্ঠিত হ'ব সংসদৰ পুথিভঁৰাল অট্টালিকাত। ১৯ নবেম্বৰত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন।

৮. পঞ্জাৱত উপস্থিত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্রধানমন্ত্ৰী ট'নী এব্বট। স্বৰ্ণ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা জনাই তেওঁ।

৯. জম্মু-কাশ্মীৰৰ ট্ৰালত সন্ত্ৰাসবাদীয়ে জ্বলাই দিলে এখন ট্ৰাক। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

১০. মুম্বাইত বালাচাহেব থাকৰেক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। শিৱসেনাৰ নেতা-কৰ্মীসকলৰ লগতে বিজেপি নেতা দেৱেন্দ্ৰ ফড়নভিছেও জনাই শ্ৰদ্ধাঞ্জলি।

১১. কৰ্ণাটকৰ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে বিজেপি। দেওবাৰে ৪০ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে দলটোৱে।

১২. ২২ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি পাগলপন্টী। ছবিখনত অনিল কাপুৰ, জন আব্ৰাহমৰ লগতে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

১৩. পঞ্জাৱৰ সংৰুৰত দলিত যুৱক জগমাইল সিঙৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ। শনিবাৰে একাংশ লোকে মৰিয়াই হত্যা কৰিছিল যুৱকজনক।

১৪. কেৰালাৰ সবৰিমালা মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ। মণ্ডালা পূজা মহোৎসৱ উপলক্ষ্যে দেওবাৰে মন্দিৰৰ দ্বাৰ মুকলি হোৱাৰ পিছতে ভিৰ লাগিছে ভক্তৰ।

১৫. ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছ। দেওবাৰে ৩গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে।

১৬. হিমাচল প্ৰদেশত তুষাৰপাতৰ নান্দনিক দৃশ্যৰ মাজতে তীব্ৰ যান-জঁটৰ সৃষ্টি। কোকচাৰা আৰু ৰোহতাঙ সংযোগী পথত তুষাৰপাতৰ ফলত আবদ্ধ হৈ পৰিছে বহু যান-বাহন।

১৭. জেএনইউৰ ছাত্ৰ প্ৰতিবাদক লৈ সৰৱ চিপিএমৰ নেতা কে কে ৰাগেশ। উপাচাৰ্য্যক কটাক্ষ কৰি ক'লে- 'আপুনি তিহাৰ জেলৰ অধীক্ষক নহয়।'

১৮. পঞ্জাৱৰ সংৰুৰত গণ অপৰাধ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ। ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত।

১৯. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ। ৰাজ্যখনৰ চাউল উৎপাদন আৰু ৰপ্তানী সন্দৰ্ভত কৰে আলোচনা।

২০. জম্মু-কাশ্মীৰৰ অখনুৰত আইইডি বিস্ফোৰণত শ্বহীদ ভাৰতীয় সেনা জোৱান সন্তোষ কুমাৰ। আগ্ৰাৰ পুৰা ভদৌৰিয়া গাঁৱৰ নিৱাসী আছিল জোৱানজন।

২১. মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ-শিৱসেনাৰ গুৰুত্বপূৰ্ণ বৈঠক। এই কথা জনালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বিৰাজ চৌহানে।

২২. 'কংগ্ৰেছৰ সৈতে আলোচনাৰ পিছতহে আমি আমাৰ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিম।' – মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত এই মন্তব্য কৰে এনচিপি নেতা নৱাব মালিকে।

২৩. দিল্লীৰ নেৰালাত ভয়ংকৰ অগ্নিকাণ্ড। এটা জোতাৰ ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিহত এজন লোক।

২৪. 'সংসদৰ শীতকালীন অধিবেশনৰ সময়ত দুয়োখন সদনত নাগৰিকৰ উন্নয়ন আৰু দেশৰ বিকাশৰ বাবে যোগাত্মক যুক্তিৰে সকলোৱে আগবাঢ়িব বুলি আমাৰ বিশ্বাস।' – দেওবাৰে অনুষ্ঠিত সৰ্ব্বদলীয় বৈঠকৰ অন্তত টুইটযোগে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

২৫. শিৱসাগৰৰ নামতিত তিনিটাকৈ মছজিদত চুৰিকাণ্ড। নামতি চাৰিআলি বৰ মছজিদ, নামতি আলি মছজিদ আৰু টিং মছজিদত চোৰে চলালে লুটপাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in