১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মহানগৰীৰ আঠগাঁও গোশালা মেলাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত হয়। ঘটনাস্থলীত উপস্থিত থকা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

২. বটদ্ৰৱা সমষ্টিৰ দলংঘাটত শুকুৰবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰচিলা পঞ্চায়তৰ ৪ জন কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰৰ মনোনয়ন পত্ৰৰ লগত জমা দিয়া নথি নিশাটোৰ ভিতৰতে নোহোৱা হোৱাৰ অভিযোগ।

৩. নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোৰ লৈ সমদল বাহিৰ কৰে আছু আৰু ২৯টা সংগঠনে। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সংগঠন কেইটাই।

৪. 'মোডী চৰকাৰে চিবিআইক প্ৰাইভেট আৰ্মীৰ দৰে ব্যৱহাৰ কৰিছে।' শুকুৰবাৰে কংগ্ৰেছ নেতা পৱন খেৰা মোডী চৰকাৰক কটাক্ষ কৰি কৰিলে এই মন্তব্য।

৫. গোলাঘাটৰ ফৰকাটিঙত চুৰিকাঘাতৰ ঘটনাৰ অভিযুক্ত ভূপেন বৰাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে। দুটা ফৈদৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিতে চুৰিৰে আক্ৰমণ কৰিছিল যুৱকক।

৬. বিশিষ্ট নাৰীবাদী লেখিকা তছলিমা নাজলিমৰ বিতৰ্কিত মন্তব্য- 'কেৰালাৰ সবৰিমালা মন্দিৰলৈ যোৱাতকৈ মহিলা সাংবাদিক সকল এবাৰ গ্ৰামাঞ্চললৈ যাওঁক'। তছলিমাৰ মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া।

৭. এ পি এছ চি তদন্তৰ অতিৰিক্ত ৪৫ দিনৰ সময়সীমা বৃদ্ধি ডিব্ৰুগড় আৰক্ষীক। আৰক্ষীয়ে বিশেষ আদালতত ৩ মাহৰ বাবে আবেদন জনাইছিল।

৮. গাজা ধুমুহাত বিধ্বস্ত তামিলনাডু। ৰাজ্যখনৰ মু্খ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ। সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি তামিলনাডু চৰকাৰক।

৯. ছত্তীশগড়ত কংগ্ৰেছ-বিজেপি কাৰোৰে সৈতে নাথাকে বিএছপি। দুই দলৰ পৰাই সমান দূৰত্বত অৱস্থান কৰিব দলটোৱে। বিএছপি নেত্ৰী মায়াৱতীৰ ঘোষণা কৰে শুকুৰবাৰে।

১০. শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে জেকব জে চিমনচনৰ নেতৃত্বত ৰাষ্ট্ৰসংঘৰ এটা দলে। সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে দলটোৱে।

১১. মিডিয়াকো প্ৰয়োজন নেকি চেন্সৰৰ? এই প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ ঘোষণা- এয়া সম্ভৱ নহয়। নেশ্যনেল প্ৰেছ ডে'ত এই মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে।

১২. কলিয়াবৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ১৫ হাজাৰ টকা উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল প্ৰফুল্ল বৰাৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। চামগুৰিৰ ভেলেউগুৰিস্থিত বাসগৃহত অভিযানত জব্দ হয় বহু আপত্তিজনক নথি।

১৩. হিমাচল প্ৰদেশত ক্ৰমে হ্ৰাস পাইছে তাপমাত্ৰা। শুকুৰবাৰে ছিমলাত তাপমাত্ৰা -৫.৪ লৈ হ্ৰাস।

১৪. মুৰাদাবাদত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে চলোৱা হ'ল দেশৰ প্ৰথমখন ইঞ্জিনবিহীন 'ট্ৰেইন ১৮' ৰেলখন। আৰ ডি এছ অ' দলটোও উপস্থিত হয় মুৰাদাবাদত।

১৫. জিম্বাবৱেত চলন্ত অৱস্থাতে যাত্ৰীবাহী বাছত অগ্নিকাণ্ড। ৰাজধানী হাৰাৰেৰ পৰা কিছু দূৰৈত সংঘটিত এই ঘটনাত ৪২জনৰো অধিক লোক জীৱন্তে অগ্নিদগ্ধ।

১৬. কম্ব'ডিয়াৰ ২০ জন লোকক হত্যা কৰাৰ অপৰাধত এক বিশেষ আদালতৰ ৰায় প্ৰদান। দুজন ৰাজনৈতিক নেতাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে।

১৭. চলিত বৰ্ষৰ ১৪ ডিচেম্বৰত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাব ভৌতিক হিন্দী ছবি 'আমাবশ'। ছবিখনৰ পৰিচালনা কৰিছে ভূষণ পেটেলে।

১৮. তেলেংগানাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ চতুৰ্থখন ৭জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। বৰ্তমানলৈকে তেলেংগানাৰ ১১৯টা বিধানসভা সমষ্টিৰ বাবে ৯৩জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে।

১৯. অলপতে ইটালীত সম্পূৰ্ণ হৈ গ'ল দীপিকা আৰু ৰণবীৰৰ বিয়া। বিয়াৰ পাছত সপৰিয়ালে ফটো উঠিলে দুয়ো। দীপিকাৰ বিয়াৰ ফটো ভাইৰেল ছ'চিয়েল মিডিয়াত।

২০. মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি বিধায়িকাই যোগদান কৰিলে কংগ্ৰেছত। মধ্যপ্ৰদেশৰ কংগ্ৰেছত যোগদান কৰা বিধায়িকা গৰাকী হৈছে জয়সিং নগৰৰ প্ৰমীলা সিং।

২১. হঠাৎ স্বাস্থ্যৰ অৱণতী ঘটিছে লালু প্ৰসাদ যাদৱৰ। মধুমেহ ৰোগত আক্ৰান্ত লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱণতীৰ কথা সদৰি কৰে চিকিৎসকে।

২২. 'বৰ্তমান কংগ্ৰেছৰ অৱস্থা দৰা নোহোৱা বিয়াৰ নিচিনা।' শুকুৰবাৰে ছত্তীশগড়ত এই মন্তব্য কৰিলে গৃহমন্ত্ৰী ৰাজনাথ সিঙে।

২৩. অহা ১৪ ডিচেম্বৰত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি পাব অসমীয়া ছবি 'উল্কা'। ছবিখন পৰিচালনা কৰিছে প্ৰণৱ বিবেকে।

২৪. তেলেংগানা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলে প্ৰতিদিনে খৰচ কৰিব মাত্ৰ ১০ হাজাৰ টকা। তেলেংগানা নিৰ্বাচনী আয়োগে দিলে এই নিৰ্দেশ।

২৫. আৰু, এদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিহাৰত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। এন আই টিৰ দৃক্ষান্ত সমাৰোহত ভাগ ল'বলৈ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণসূচী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in