১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মহাৰাষ্ট্ৰৰ নাগপুৰৰ বতিবুৰী-উমৰেড লাইনত মালবাহী ৰে'লৰ খুন্দাত নিহত ৩ জন লোক। লোক কেইজনে ৰে'ল লাইন পাৰ হ'ব লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।

২. পঞ্জাৱৰ ভাৰত-পাকিস্তান আন্তৰাষ্ট্ৰীয় সীমান্তৰ সমীপত জব্দ ২৩ কেজি হেৰ'ইন আৰু ২ পিষ্টল মেগাজিন। বৰ্ডাৰ চিকিউৰিটীয়ে নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰে সামগ্ৰী খিনি।

৩. ৰাজকোটত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়াত ৩৬ ৰানত জয়লাভ কোহলী বাহিনীৰ। ভাৰতে বান্ধি দিয়া ৩৪১ ৰানৰ লক্ষ্যৰ পিছা কৰি ৪৯.১ অভাৰত ৩০৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱায় আলহী দলটোৱে।

৪. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজস্থানৰ পৰৱৰ্তী বিধানসভা অধিবেশনত প্ৰস্তাৱ আনিবলৈ আহ্বান বিধায়ক ৱাজিব আলীৰ। মুখ্যমন্ত্ৰী অশোক গেহলটলৈ পত্ৰ লিখি জনায় এই আহ্বান।

৫. জম্মু-কাশ্মীৰৰ উধমপুৰত হিমপাতৰ ফলত হোৱা ৰোগত আক্ৰান্ত হৈ মৃত্যু ৮ জনৰ। অতিপাত শীতৰ বাবে জ্বৰ, বমি আৰু প্ৰস্ৰাৱ বন্ধ হোৱাৰ ফলত মৃত্যু ঘটে লোক কেইজনৰ।

৬. পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ কামাৰহাটীত দুটা ফৈদৰ মাজত সংঘৰ্ষ। দাছু বাগান এলেকাত সংঘটিত এই সংঘৰ্ষত কেইবাজনো লোক আহত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। অৱশ্যে সংঘৰ্ষৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

৭. অন্ধ্ৰ প্ৰদেশৰ উন্নয়ন আৰু থ্ৰী কেপিটেল প্ৰপ'জেল সন্দৰ্ভত আলোচনাৰ বাবে শুকুৰবাৰে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী। প্ৰায় ২ ঘণ্টা ধৰি ৰাজ্যখনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু বিভাগীয় মন্ত্ৰীৰ সৈতে কৰে আলোচনা।

৮. দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ শনিবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ এখন বৈঠক। বৈঠকত প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত হ'ব আলোচনা।

৯. ১৭ জানুৱাৰীত ফ্ৰান্সৰ গুৱানাৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হয় ভাৰতৰ দূৰ সঞ্চাৰ উপগ্ৰহ জিএছএটি-৩০। দূৰদৰ্শন সংযোগৰ লগতে এটিএম আৰু ষ্টক এক্সচেঞ্জৰ সংযোগত সহায়ক হ'ব এই উপগ্ৰহ।

১০. দূৰ সঞ্চাৰ উপগ্ৰহ জিএছএটি-৩০ৰ সফল উৎক্ষেপণৰ পিছত ইছৰ'ক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ। উল্লেখ্য যে, শুকুৰবাৰে ২০২০ বৰ্ষৰ প্ৰথমটো উপগ্ৰহৰ সফল উৎক্ষেপণ কৰে ইছৰ'ৱে।

১১. নেপালৰ অন্নপুৰ্ণাৰ চাৰ্কিট ট্ৰেকিং ৰুটত হিমস্খলনৰ ফলত সন্ধানহীন ৫ বিদেশী পৰ্যটক। পৰ্যটক কেইজনৰ সন্ধানত অব্যাহত ৰখা হৈছে অভিযান।

১২. ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ'ব নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক। শুকুৰবাৰে দিল্লীৰ এখন আদালতে দোষীৰ বিৰুদ্ধে জাৰি কৰিছে নতুন ডেথ ৱাৰেণ্ট।

১৩. উচ্চতম ন্যায়ালয়ত বিশেষ ৰেহাইৰ আবেদন দাখিল নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী পবন গুপ্তাৰ। নিৰ্ভয়া কাণ্ডৰ সময়ত পৱন গুপ্তা কিশোৰ আৰু দিল্লী উচ্চ ন্যায়ালয়ে সেই তথ্য উপেক্ষা কৰাৰ অভিযোগ কৰে আবেদনত।

১৪. ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে চীন ভ্ৰমণকাৰীসকলৰ বাবে জাৰি কৰিছে নতুন ভ্ৰমণ নিৰ্দেশনা। চীনত কোৰণ ভাইৰাছৰ প্ৰকোপৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা।

১৫. কৰ্ণাটকত শনিবাৰে আৰক্ষীয়ে আটক কৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাটিলক। ১৯৮০ত শ্বহীত হোৱা এগৰাকী মাৰাঠী সমৰ্থকৰ স্মৃতিত আয়োজিত এক সভাত ভাষণ প্ৰদানত বাধা দি কৰ্ণাটক আৰক্ষীয়ে আটক কৰে মন্ত্ৰীজনক।

১৬. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে কা বাতিল কৰাৰ লগতে অখিল গগৈকে আদি কৰি কাৰাৰুদ্ধ নেতাসকলক মুক্তিৰ দাবীত বিভিন্ন লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

১৭. শনিবাৰে অনুষ্ঠিত হ'ব সোণোৱাল মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ। দুই নতুন মন্ত্ৰীয়েও গ্ৰহণ কৰিব শপত।

১৮. হোজাইত ৰে'ল লাইনৰ কাষত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ। কোনো লোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ।

১৯. খেলো ইণ্ডিয়া য়ুথ গেমছত উজলি উঠিছে অসমৰ ইগৰাকীৰ পিছত সিগৰাকী খেলুৱৈ। শুকুৰবাৰে আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদ শিৱাংগী শৰ্মাই লাভ কৰা দুটা স্বৰ্ণপদকৰ জৰিয়তে অসমৰ স্বৰ্ণ পদকৰ সংখ্যা ৯ টালৈ বৃদ্ধি পায়।

২০. খেল' ইণ্ডিয়াৰ ভাৰোত্তোলনত স্বৰ্ণ জয় সিদ্ধান্ত গগৈৰ। ৬১ কিলোগ্ৰাম শাখাত সিদ্ধান্তই জয় কৰিলে সোণ।

২১. ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গোলাঘাট জিলাৰ খুমটাইৰ সমীপৱৰ্তী কমাৰগাঁৱৰ দিহিঙীয়া-মহুৰাপথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন। ব্যস্ততা বৃদ্ধি পাইছে আয়োজকৰ।

২২. শিল্পী দিৱসত ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি। ছিপাঝাৰত আছুৱে কেন্দ্ৰীয়ভাৱে পালন কৰিলে শিল্পী দিৱস।

২৩. স্বভূমিত সীমান্ত শইকীয়া। ১৪ মাহৰ কাৰাৰুদ্ধ জীৱন অন্ত পেলাই উভতি আহিল সীমান্ত।

২৪. ৰাজ্যত ঘণ কুঁৱলীৰ বাবে সংঘটিত হৈছে কেবাটাও পথ দুৰ্ঘটনা। শুকুৰবাৰে সংঘটিত একাধিক দুৰ্ঘটনাত আহত হৈছে কেবাজনো লোক।

২৫. শুকুৰবাৰে ঐতিহাসিক জোনবিল মেলাৰ দ্বিতীয়টো দিন। জোনবিলত পাহাৰ-ভৈয়ামৰ সকলোৱে মিলি মাৰে মাছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in