১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. লক্ষ্ণৌত বিধ্বংসী অগ্নিকাণ্ড। গোমটি নগৰৰ ফান ৰিপাব্লিক মলত এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

২. পুলৱামা ঘটনাক লৈ লণ্ডনত তীব্ৰ প্ৰতিবাদ। 'পাকিস্তান মুৰ্দাবাদ' শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

৩. বুলধানাত দেওবাৰে যুৱকসকলে কৰে মুণ্ডন। পুলৱামাত শ্বহীদ হোৱা চিআৰপিএফ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এনে ধৰণে মুণ্ডন কৰাই যুৱকসকলে।

৪. ২০১৯ৰ ১ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ৰাজস্থানত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হয় মুঠ ১২৭ জন লোকৰ। ইফালে, ৩৫০৮জন লোক ছোৱাইন ফ্লুত বৰ্তমানেও আক্ৰান্ত হৈ আছে।

৫. মহাৰাষ্ট্ৰত দেওবাৰে সামুহিকভাৱে বিবাহপাশত আৱদ্ধ হয় ১১০১ হাল দম্পতি। ৰাজ্যখনৰ ঠানেত কপিল পাটিল ফাউণ্ডেশ্যন আৰু হিন্দু সেৱা সংঘ (মহাৰাষ্ট্ৰ)ৰ সহযোগত বিবাহপাশত আৱদ্ধ হয় নৱ-দম্পতিহাল।

৬. গুজৰাট নৱ বিবাহিত দম্পতি এহালে দেওবাৰে বিবাহৰ পূৰ্বে বাহিৰ কৰে এক সমদল। পুলৱামাত শ্বহীদ হোৱা জোৱানসকলক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে এনেদৰে বিবাহৰ পূৰ্বে সমদল বাহিৰ কৰে তেওঁলোকে।

৭. জম্মু-কাশ্মীৰ গৱৰ্ণৰ সত্যপাল মালিকে জিলা ৰাজাৱৰীৰ চিআৰপিএফৰ কনিষ্টবল শ্বহীদ নছীৰ আহমেদৰ পৰিয়াললৈ ২০ লাখ টকাৰ আৰ্থিক সাহায্যৰ ঘোষণা কৰে। পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল নছীৰ আহমেদ।

৮. অহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটী (চিডব্লিউচি)ৰ বৈঠক। পূৰ্বে বৈঠকখন ২৬ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

৯. দেওবাৰে ঝাৰখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাজ্যখনত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী।়

১০. দেওবাৰে নতুন দিল্লীত উপস্থিত আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি মোৰিছিয়া মেক্ৰী। তাজ মহল দৰ্শনৰ বাবে ভাৰতত উপস্থিত হয়হি আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতিগৰাকী।

১১. আগন্তুক লোকসভাত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ বিশিষ্ট অভিনেতা তথা ৰাজনৈতিক নেতা ৰজনীকান্তৰ। দেওঁবাৰে এই কথা ঘোষণা কৰে তেওঁ।

১২. ঘন কুঁৱলীৰ বাবে দিল্লীত বাতিল কেবাখনো ৰেলৰ চলাচল। ইফালে, ১৩খনকৈ ৰেল পলমকৈ উপস্থিত হয় ষ্টেচনত।

১৩. দেওবাৰে দিল্লীৰ কোনফট অঞ্চলত মম বাতি জ্বলাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱানসকলক।

১৪. নয়ডাত এগৰাকী মহিলাৰ ওপৰত গুলীবৰ্ষণ দুৰ্বৃত্তৰ। গাড়ীৰে গৈ থকা সময়ত দুৰ্বৃত্তই লুটপাত চলোৱাৰ উদ্দেশ্যেৰে কৰে গুলীবৰ্ষণ। বৰ্তমানলৈ আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই দুৰ্বৃত্তক।

১৫. দেওবাৰে মোৰক্কত উপস্থিত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ। পোন প্ৰথমবাৰৰ মোৰক্কৰ ভ্ৰমণত বিদেশ মন্ত্ৰীগৰাকী।

১৬. জম্মু-কাশ্মীৰত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। ৰাজ্যখনৰ কাঠোৱাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

১৭.অভিনেতা পৰেশ ৰাৱলে দেশৰ ৰাষ্ট্ৰীয় চেনেলবোৰক বিনম্ৰ অনুৰোধ জনায় কয়- 'আমাৰ মাতৃভূমিত বিষ ঢলা কোনো পাকিস্তানী বা সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা কোনো ভাৰতীয়ক আপোনালোকে চেনেলত অংশগ্ৰহণ কৰিবলৈ নামাতিব।'

১৮. দেওবাৰে গোৱা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বিষ্ণু বাগৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। যোৱা ৮ ফেব্ৰুৱাৰীত হাৰ্ট এটেক্ট হোৱাৰ ফলত দেহাৱসান ঘটা বিষ্ণু বাগক দেওবাৰে পুৱা পোণ্ডা চহৰত শেষ শ্ৰদ্ধাঞ্জলি জনাই অগণন লোকে।

১৯. দেওবাৰে চিআৰপিএফৰ এজন জোৱানে অভিযোগ তোলে যে- ৩ জন লোকৰ সৈতে বাইকত যোৱা বাবে পুনেত আৰক্ষীয়ে আটক কৰি থানালৈ যায়। আৰু থানাত আৰক্ষীয়ে জোৱানজনৰ ওপৰত প্ৰহাৰ কৰে।

২০. পুলৱামা সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ ছানিয়া মিৰ্জাৰ প্ৰতিক্ৰিয়া। ১৪ ফেব্ৰুৱাৰীৰ দিনটো ভাৰতৰ বাবে ক'লা দিন আখ্যা টেনিছ তাৰকাগৰাকীৰ।

২১. নগাঁৱৰ বঢ়মপুৰ ভেৰভেৰীত পথ দুৰ্ঘটনাত নিহত এজন। দ্ৰুতবেগী চুইফট ডিজায়াৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়ালে ব্যবসায়িক প্ৰতিষ্ঠান। দুৰ্ঘটনাত থিতাতে নিহত ডিজায়াৰখনৰ চালকজন। নিহত নগাঁৱৰ গোমোঠাগাঁৱৰ ৰুবু শইকীয়া।

২২. সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু। মোবাইল চাৰ্জ দিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট লোকজন। মৃত লোকজন ডেকাচাঙৰ কিচমত কাঠমী গাঁৱৰ হুছেইন আলী। সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মৃত্যু ঘটে লোকজনৰ।

২৩. বাঙালীসকলক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে বিজেপিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কেই প্ৰমাণ কৰিলে এই কথা। এই অভিযোগ বৰাকৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ।

২৪. মহানগৰীৰ বশিষ্ঠৰ বাকাৰাপাৰা খেল-পথাৰত জম্মু–কাশ্মীৰত সংঘটিত বোমা বিস্ফোৰণত শ্বহীদ জোৱানসকলৰ স্মৃতিত স্থানীয় ৰাইজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আজাৰ মাছুদ আৰু হাফিজ খানৰ প্ৰতিকৃতি দাহ কৰে।

২৫. নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড় তিনিআলিত টাটা এচি বাহন আৰু মাৰুটি কাৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত দুজন গুৰুতৰভাৱে আহত। আহত দুয়োজনকে নুমলীগড় বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in