১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মধ্যপ্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত বহু পৰিমানৰ খাদ্য শস্য নষ্ট। মধ্যপ্ৰদেশৰ মান্দছৌৰীৰ কৃষক ৰাইজৰ হাহাকাৰ।

২. ধুমুহা-বৃষ্টিপাতৰ ফলত ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়ক্ষতি। বৰ্তমানলৈ ধুমুহাৰ ফলত ২৫জনকৈ লোকৰ মৃত্যু।

৩. পঞ্জাৱৰ লুধিয়ানাত ধুমুহা-বৃষ্টিপাতৰ ফলত বহু হেক্টৰ কৃষিভূমি নষ্ট। কৃষক ৰাইজ সন্মুখীন হৈছে বৃহৎ লোকচানৰ।

৪. 'বিজেপিৰ প্ৰতিজন প্ৰাৰ্থীয়ে কয় এয়া মোডীৰ নিৰ্বাচন। গতিকে মই মোডীৰ বিৰুদ্ধে এই নিৰ্বাচনত যুঁজ দিম।'- কংগ্ৰেছৰ দক্ষিণ বাংগালুৰুৰ প্ৰাৰ্থী বি কে হৰি প্ৰসাদে কৰে এই মন্তব্য।

৫. জম্মু-কাশ্মীৰৰ পুলৱামাৰ অন্তৰ্গত নৌদালৰ চিআৰপিএফ কেম্পত সন্ত্ৰাসবাদীৰ বোমা নিক্ষেপ। বিস্ফোৰণত আহত এজন জোৱান।

৬. গুজৰাটৰ আনন্দত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী সভা। সভাত তেওঁ কয়- 'ঘৰে ঘৰে চকীদাৰ, ভষ্ট্ৰাচাৰী সাৱধান, বন্ধ হ'ল ক'লা বজাৰ।'

৭. বুধবাৰৰ মাজনিশাৰ পৰা বাতিল জেট এয়াৰৱেইজৰ সকলো বিমানৰ উৰণ। অন্তিমখন বিমান বুধবাৰে নিশা উৰা মাৰে অমৃতসৰলৈ।

৮. 'মোৰ কাম হৈছে ই ভি এম মেচিনবোৰ অন কৰা আৰু ইয়াৰ দ্বাৰা মই মই দেশৰ হকে কাম কৰিবলৈ সুবিধা লাভ কৰিছো।'- বুধবাৰে পশ্চিমবংগৰ এজন ৩৪বছৰীয়া বিশেষভাৱে সক্ষম যুৱকে কৰে এই মন্তব্য।

৯. শ্ৰীনগৰ লোকসভা সমষ্টিত বৃহস্পতিবাৰে হ'ব ভোটগ্ৰহণ। নিৰাপত্তাৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা বেষ্টনী। ইতিমধ্যে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী ৰাওনা হৈছে লোকসভা সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ।

১০. বিশাখাপট্টনমৰ ৰুছিকোন্দা বিচ্চত গ্ৰেপ্তাৰ ৪জন ড্ৰাগছ সৰবৰাহকাৰীক। ১গ্ৰাম ক'কেইন, ৯ গ্ৰাম এম ডি এম এ পাউদাৰ আৰু ৫ এল এছ ডি ব্ল'ট জব্দ ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা।

১১. ওড়িশ্যাৰ গঞ্জাম জিলাৰ আস্কাত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ক্ৰমে- বাৰগড়, সুন্দৰগড়, বোলাংগিৰ কান্ধামাল আৰু আস্কাত।

১২. পুডুচেৰীত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ অভিযান। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ৰাংগাস্বামীৰ বাসভৱনত চলাই অভিযান।

১৩. মাদুৰাইতো নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ অভিযান। এ আই এ ডি এম কে নেতা দেৱদাসৰ বাসভৱনত চলালে অভিযান।

১৪. 'পেট খালী কিন্তু যোগ কৰোৱা হৈছে, পকেট খালী কিন্তু বেংক একাউণ্ট খুলিব দিয়া হৈছে।'- বুধবাৰে এনেদৰে প্ৰধানমন্ত্ৰীক কটাক্ষ পঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৰ।

১৫. সবুধবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়ে সাধৱী প্ৰগ্যা সিং ঠাকুৰৰ। দলটোক যোগ দিয়াৰ পাছত তেওঁ কয়- 'মই বিজেপিত যোগ দিছো আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মই জয়ীও হম।'

১৬. দিল্লীত ১৫ এপ্ৰিলত সংঘটিত হত্যাকাণ্ডৰে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ। বৰ্তমানেও দুজন অভিযুক্ত পলাতক। গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনৰ বিৰুদ্ধে জাৰি কৰা হৈছে গোচৰ।

১৭. লক্ষ্ণৌত দুজন অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। লগতে জব্দ বহু অস্ত্ৰ-শস্ত্ৰ। এটা অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ জড়িতৰ কথা স্বীকাৰ গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীৰ।

১৮. কেৰালাৰ তিৰুনেল্লী মন্দিৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আগবঢ়ায় পূজা-অৰ্চনা। ৱায়নাড লোকসভা সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

১৯. যোৱা দুদিনত মধ্যপ্ৰদেশত ধুমুহাৰ ফলত নিহত ১৬জনকৈ লোক। দেশৰ বিভিন্ন প্ৰান্তত ধুমুহাই চলায় তাণ্ডৱ।

২০. কামপুৰ-বৈঠালাংছ' পথত টাটা ম'বাইল বাহনে মহটিয়ালে মাতৃ-কন্যাক। থিতাতে নিহত দুবছৰীয়া কণমানি মনিজা বেগম। মাতৃ মোবাছিৰা বেগম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

২১. কলিয়াবৰৰ বাগৰিত চোৰাং কাঠ জব্দ। বন বিভাগ আৰু আৰক্ষীৰ অভিযানত জব্দ কৰে চোৰাং কাঠভৰ্তি ৩খন ট্ৰাক। কাৰ্বি আংলঙৰ পৰা আনিছিল কাঠখিনি। কাঠখিনিৰ মূল্য ৫ লক্ষাধিক টকা।

২২. পুনৰ প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা অসমত। আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত হ'ব পাৰে ধুমুহা-বৰষুণ।ঘণ্টাত ৭০ কিলোমিটাৰ গতিত বলিব পাৰে বতাহ। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী।

২৩. হোজাইৰ নখুঁটিত গুলীবিদ্ধ এজন যুৱক। গৰু চৰাবলৈ যোৱা যুৱকজনক গুলীয়ালে দুৰ্বৃত্তই। কলিম উদ্দিন নামৰ যুৱকজনৰ ভৰিত গুলীৰ আঘাত। গুলীবিদ্ধ কলিম উদ্দিনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

২৪. হাজোৰ বৰদধিৰ জানকী চাৰ্ভিচ ষ্টেচন নামৰ তেল ডিপোত লুটপাত। ৩জনীয়া ডকাইতৰ দলে লুটি লৈ গ'ল ৪০ হাজাৰ টকা। এখন বুলেট আৰু স্কুটীত আহিছিল ডকাইতৰ দলটো।

২৫. 'দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫খন আসনেই দখল কৰিব বিজেপিয়ে।'- খানাপাৰাত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in