১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. ২৬ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ বিশ্বজিত বৰাৰ ছবি। এইবৰ্ষত নিৰ্মিত ভাৰতীয় সৰ্বশ্ৰেষ্ঠ ছবিৰ সৈতে প্ৰতিযোগিতাত 'বেলকনিত ভগৱান'।

২. ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কক সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে । পুনৰ ১ লাখ লোকক মাটি পট্টা দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ ।

৩. যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ। অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ অশোক ভট্টাচাৰ্যক অতিৰিক্ত দায়িত্ব।

৪. ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ সুখবৰ । উপায়ুক্ত কাৰ্যালয়ৰ পৰ্যায়তে লাভ কৰিব মাটিৰ পট্টা।

৫. আজি ৰাণাদাৰ ৪৩ সংখ্যক স্মৃতি দিৱস । ৰাজ্যৰ বিভিন্ন স্থানত দৰদী শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি।

৬. কলিয়াবৰত ৪৫০ পৰিয়ালক চৰকাৰৰ হৈ ভূমিপট্টা বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ।

৭. অসমত হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰী সন্দীপ সিং । খেল' ইণ্ডিয়াৰ কাৰ্যসূচীলৈ অসমত উপস্থিত মন্ত্ৰীগৰাকী ।

৮. আলফা স্বাধীনক ধন দিবলৈ গৈ সোণাৰিত আৰক্ষীৰ জালত ৪জন ।

৯. আধাৰৰ নামত ধন সংগ্ৰহ কৰা দুষ্ট চক্ৰৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসন। আধাৰৰ নামত ধন সংগ্ৰহ কৰিলে জনাওক প্ৰশাসনক।

১০. 'কংগ্ৰেছে একোৱেই নকৰিলে চাহ জনগোষ্ঠীৰ বাবে'। চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

১১. বিজেপিৰ ভেটি ইমান শক্তিশালী নহয় যে, নিৰ্বাচনত উৎখাত কৰিব পৰা নহ'ব' – জগদীশ ভূঞা ।

১২. আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত কোৰোনাত।

১৩. MMCHত স্বাস্থ্য পৰীক্ষা গ্ৰেপ্তাৰ হোৱা SP কুমাৰ সঞ্জীত কৃষ্ণৰ। CIDৰ মুখ্য কাৰ্যালয়ৰ পৰা লৈ অনা হ'ল MMCHলৈ।

১৪. ছবি গৃহলৈ আহিব 'ড০ বেজবৰুৱা-2'। AM টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ'ব ছবিখন। বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত শুভ মহুৰত হয় ছবিখনৰ

১৫. বিটিচি পৰিষদীয় নিৰ্বাচনৰ পিছতে বিপিএফৰ সংগ ত্যাগ কৰি বিৰোধী মহাজোঁট বন্ধনৰ সৈতে মিত্ৰতা কৰিব পাৰে হাগ্ৰামা মহিলাৰীয়ে। বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত এই ইংগিত দিলে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে।

১৬. কোৰোনাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে ৯গৰাকী ৰোগীৰ মৃত্যু অসমত।

১৭. কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ অনুমতিৰ পিছত সুদীৰ্ঘ ৭টা মাহৰ অন্তত বৃহস্পতিবাৰে কোভিড প্ৰটক'ল মানি দেশজুৰি খুলিল ছবিগৃহ।

১৮. দুৰ্গাপূজা সন্দৰ্ভত মহানগৰ প্ৰশাসনৰ নতুন নীতি-নিৰ্দেশনা। স্থানীয় থানাৰ অ'চিৰ জৰিয়তে ল'ব লাগিব আৰক্ষী আয়ুক্তৰ অনুমতি।

১৯. গুৱাহাটীত উত্‍খাত হ'ল কোটিটকীয়া অবৈধ সুৰাৰ উদ্যোগ। ৪০ লাখ টকাৰ অবৈধ সুৰাসহ এখন ট্ৰাক সোণাপুৰত জব্দ।

২০. ৰাজ্যত সক্ৰিয় বাৰ্মিজ চিগাৰেটৰ চোৰাং বেহা। কৰিমগঞ্জৰ বদৰপুৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চিগাৰেট।

২১. গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকৰ প্লাজমা দান অনুষ্ঠান। জুনিয়ৰ ডক্টৰ্ছ এছ'চিয়েশ্যনৰ সহযোগত প্লাজমা দান শিৱিৰ।

২২. এইবাৰ মন্ত্ৰী ফণীফূষণ চৌধুৰী SI কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে শংকৰ প্ৰসাদ ৰায়ে।

২৩. ৰাজ্যত বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ উপদ্ৰব। ৰংজুলিত হাতীয়ে তহিলং কৰিলে ১০০ বিঘা গেৰ মেলা ধাননি। উপায়হীন হৈ পথাৰত গৰু মেলি দিছে কৃষকে।

২৪. ডুবাইত চলি থকা IPL লৈ অসমত চলিছে ব্যাপক জুৱা।ওদালগুৰিৰ মণিপুৰীবস্তিত জুৱা খেলি থাকোতেই আৰক্ষীয়ে হাতে-লোটে ধৰিলে ৬টাকৈ জুৱাৰীক।

২৫. ২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাবে মুকলি কৰি দিব ৰাষ্ট্ৰীয় উদ্যানখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in