১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ আৰক্ষীৰ অভিযান । দুডাল হাতীৰ দাঁত সহ এখন বিলাসী বাহন আৰু স্কুটি জব্দ ।

২. বটদ্ৰৱাৰ দৌল মন্দিৰৰ বৰনামলগোৱা দেহি ৰাম বৰুৱাৰ বিয়োগ। নিৰ্জু, অল্পভাষী, শান্ত প্ৰকৃতিৰ দেহি ৰাম বৰুৱাই বটদ্ৰৱাৰ দৌল মন্দিৰত বিগত প্ৰায় কুৰি বছৰ ধৰি নিগুন ভক্তিৰে গুৰুসেৱাত ব্ৰতী হৈ আছিল।

৩. কাতি বিহুৰ মাজুলীত শুভাৰম্ভ হল শাৰদীয় উৎসৱৰ। আউনীআটী সত্ৰত একৈশ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰ আৰম্ভ হল মাহযোৰা নামোৎসৱ।

৪. শনিবাৰে কথমপি প্ৰাণ ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ। লেণ্ডিঙৰ সময়ত সংঘটিত এই দুৰ্ঘটনাই মন্ত্ৰীজনৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল যদিও হেলিকপ্টাৰ পাইলটগৰাকীৰ ততপৰাত বাবে প্ৰাণ ৰক্ষা পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

৫. কাতি বিহুৰ দিনাই কোকৰাঝাৰৰ কচুগাওঁত উদ্ধাৰ আমেৰিকাত নিৰ্মিত পিষ্টল, চীনত নিৰ্মিত হেণ্ডগ্ৰেণেড।

৬. ঝাৰখণ্ডত শনিবাৰে ৫৪২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ৮গৰাকী লোকৰ মৃত্যু।

৭. দিল্লীত শনিবাৰে ৩,২৫৯গৰাকী লোকৰ দেহত ধৰা পৰে কোৰোনাৰ সংক্ৰমণ। ৩৫গৰাকী লোকৰ মৃত্যু হৈছে শনিবাৰে।

৮. মুম্বাইত শনিবাৰে ১৭৯১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ৪৭গৰাকী লোকৰ মৃত্যু।

৯. কাছাৰ সীমান্তত মিজোৰামৰ আগ্ৰাসন । সীমান্তত অসমীয়াৰ ঘৰ জ্বলালে মিজো দুৰ্বৃত্তই। মিজো লোকৰ আক্ৰমণত আহত তিনিগৰাকীকৈ অসমীয়া লোক ।২১ অক্টোবৰত বৃন্দাবনমাৰ্টৰ শুভাৰম্ভ । 'পথাৰ আমাৰ, বজাৰ আমাৰ' – শ্ল'গানেৰে আৰম্ভ হ'ব বৃন্দাবন মাৰ্ট ।

১০. শনিবাৰে অসমত ৬৪২গৰাকী লোকৰ দেহত ধৰা পৰে কোৰোনাৰ সংক্ৰমণ।

১১. শনিবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ থকা ১২গৰাকী লোকৰ মৃত্যু।

১২. মঙলদৈৰ মনপুৰ পথাৰত চাকি জ্বলালে মুখ্যমন্ত্ৰী সোণোৱালে। কাতি বিহুৰ সন্ধিয়া মুখ্যমন্ত্ৰীয়ে চাকি জ্বলোৱাৰ সমান্তৰালকৈ ৰাইজে জ্বলালে এহেজাৰ গছি বন্তি।

১৩. কাতিবিহুৰ দিনাই তামুলপুৰৰ উত্তৰাঞ্চলত কৃষকৰ কান্দোন। বনৰীয়া হাতীয়ে তহিলং কৰিলে বিঘাই বিঘাই গেৰমেলা ধাননি।

১৪. মাজত মাত্ৰ দুটা দিন। ২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা।

১৫. মধ্যপ্ৰদেশত শনিবাৰে ১,২২২গৰাকী লোকৰ দেহত ধৰা পৰে কোৰোনাৰ সংক্ৰমণ। ১৮ গৰাকী লোকৰ মৃত্যু হৈছে শনিবাৰে।

১৬. প্ৰায় ৮ মাহৰ বিৰতিত অহা ২ নৱেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠানৰ দুৱাৰ। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বান্ধি দিছে নীতি-নিৰ্দেশনা।

১৭. নিশা কামপুৰত সুৰামত্ত চিকিৎসকৰ গুণ্ডাগিৰি। সুৰাসক্ত চিকিত্সকজনে তীব্ৰবেগত নিজৰ গাড়ীৰে খুন্দা মাৰে এজন বৃদ্ধক।

১৮. বিশ্ববিদ্যালয় সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই চৰকাৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব দিলে চৰকাৰে

১৯. ২ নৱেম্বৰৰ পৰা উপস্থিত থাকিব লাগিব সকলো শিক্ষক-কৰ্মচাৰী। অৱশ্যে শিক্ষাৰ্থীৰ উপস্থিতিৰ বাবে বাধ্য কৰিব নোৱাৰিব কৰ্তৃপক্ষই।

২০. বিমান যাত্ৰীৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। যিসকলে বাহিৰত কোভিড টেষ্ট কৰিছে, তেওঁলোকে অসমত নকৰিলেও হ'ব।

২১. ২১ অক্টোবৰত বৃন্দাবনমাৰ্টৰ শুভাৰম্ভ । 'পথাৰ আমাৰ, বজাৰ আমাৰ' – শ্ল'গানেৰে আৰম্ভ হ'ব বৃন্দাবন মাৰ্ট ।

২২. অৰুণাচলৰ লংডিঙত আছাম ৰাইফলছ-NSCNৰ সংঘৰ্ষ । নিহত NSCN কেডাৰ ।

২৩. ৰাজহুৱা হ'ল 'ৰাইজৰ দল'ৰ সংবিধান । ৪৪ পৃষ্ঠাৰ সংবিধান প্ৰকাশ কৰিলে দলটোৱে।

২৪. যুদ্ধকালীন ক্ষীপ্ৰতাৰে কোভিড ভেকচিন বিতৰণ কৰিবলৈ সাজু হওঁক। কোভিড ভেকচিন বিতৰণ প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান।

২৫. '২০২১ৰ নিৰ্বাচনত আগত অখিল গগৈ মুক্তি পালে বিজেপি শেষ'। বিতু সোণোৱালৰ এই মন্তব্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in