১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. কানপুৰত নৃশংস হত্যাকাণ্ড। ৬০ হাজাৰ টকাৰ বাবেই ভাতৃক কৰিলে হত্যা।

২. কাশীত মন্দিৰৰ ২৫০ মিটাৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব সুৰা। প্ৰশাসনৰ কঠোৰ নিৰ্দেশ।

৩. লক্ষ্ণৌ, উত্তৰ প্ৰদেশৰ ৫ খন চহৰৰ বায়ু প্ৰদুষণ নিৰাময়ৰ বাবে কেন্দ্ৰই দিব ১০-১০ কোটি টকা।

৪. দিল্লীত মোবাইল চুৰি কৰাৰ অভিযোগত পিটি পিটি হত্যা কিশোৰক। গ্ৰেপ্তাৰ দোকানৰ মালিক।

৫. উত্তৰ প্ৰদেশত আজৱ কাণ্ড। বিয়ালৈ কেইদিন মান বাকী থাকোতেই কইনাই এছিড ঢালিলে দৰাৰ গাত।

৬. ৰাজস্থানৰ কন্যালৈ মিছ ইণ্ডিয়াৰ খিতাপ। মুম্বাইত আয়োজিত বৰ্ণিল অনুষ্ঠানত ফেমিনা মিছ ইণ্ডিয়া ২০১৯ৰ বিজয়ী মুকুট পৰিধান কৰে সুমন ৰাৱে।

৭. পূৰ্ণাংগ NRC প্ৰকাশ পোৱাৰ অন্তিম সময়-সীমা ৩১ জুলাইলৈ মাজত মাথোঁ এটা মাহ। এখন শুদ্ধ আৰু ত্ৰুটিমুক্ত NRCৰ দাবীত এতিয়া সৰৱ হৈ পৰিছে বিভিন্ন সংগঠন।

৮. সোমবাৰৰে পৰা সংসদৰ বাজেট অধিৱেশন। কিন্তু এইবাৰৰ বাজেট অধিৱেশনত নাথাকিব কোনো এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী। ৰাজ্যসভাৰ সাংসদ হিচাপে মনমোহন সিঙৰ ২৮ বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ পাছতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী বিহীন হৈ পৰিল এইবাৰৰ সংসদৰ অধিৱেশন।

৯. গৰৈমাৰীৰ চাম্পুপাৰাত চাঞ্চল্যকৰ ঘটনা।ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে অপহৰণকাৰীক।
এগৰাকী মহিলাসহ ৪ অপহৰণকাৰীক আটক। ধৃত জোনাব আলী, বাবুল আলী, আক্কেছ আলী ।

১০. ছহিদ সুনীল কলিতাৰ পত্নীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য। কমলপুৰ থানাত দাখিল কৰা হ'ল এজাহাৰ।কমলপুৰ সমষ্টিৰ বিজেপি কৰ্মীয়ে দাখিল কৰিলে এজাহাৰ। ছাহিল আব্বাছ নামৰ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

১১. চামগুৰিৰ গটঙাত শোকাৱহ দুৰ্ঘটনা। ট্ৰাক-যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষত নিহত দুজন, আহত ১৫ জনৰো অধিক ।

১২. ৰঙিয়াত কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা। শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।
পৰেশ দেৱ শৰ্মা নামৰ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ ।

১৩. চিমলাত বিধ্বংসী অগ্নিকাণ্ড। ১০০ ঘৰ ভস্মীভূত।

১৪. গৃহমন্ত্ৰী হোৱাৰ পাছত অহা ৩০ জুনত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰলৈ যাব অমিত শ্বাহ।

১৫. বিহাৰত মৃত্যুৰ কিৰিলি। ৯৩ টা শিশুৰ মৃত্যু।

১৬. বগীবিল দলঙৰ সমীপত পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলাসহ দুজন

১৭. ফেচবুকৰ পৰা ৰাজপথমুখী টেট শিক্ষকৰ প্ৰতিবাদ। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ঠিকাভিত্তিক টেট শিক্ষকৰ। প্ৰতিবাদৰ বাবে সাজু ৪১হাজাৰ টেট শিক্ষক। ১৮জুনত প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব টেট শিক্ষকে ।

১৮. ধুবুৰীৰ আগমণিত গাঞ্জাসহ ট্ৰাক জব্দ। আগমণি আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।

১৯. ৰিপুণ বৰা এণ্ড কোম্পানীয়ে অগণতান্ত্ৰিক ভাৱে মোক বহিষ্কাৰ কৰিছেঃৰমেন বৰঠাকুৰ ।

২০. লোকসভাত কংগ্ৰেছৰ সংসদীয় দলৰ নেতা বৰ্তমানৰ লৈকে নিৰ্বাচিত হোৱা নাই। সোমবাৰৰ পৰা অধিৱেশন।

২১. ৰাজনৈতিক মতভেদ পৰিহাৰ কৰি সংসদখন সুকলমে চলাত সহায় কৰক: সাংসদ সকলক এই আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ।

২২. গোৱাত শোকাৱহ পথ দুৰ্ঘটনা। পিতা-পুত্ৰৰ কৰুণ মৃত্যু।

২৩. তেলেংগানাৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দী সকলৰ শৰীৰচৰ্চাৰ বাবে নিৰ্মাণ কৰা হৈছে জিম। অচিৰেই মুকলি।

২৪. ডুবাইত এজন ভাৰতীয় সাগৰত ডুবি মৃত্যু। আৰক্ষীক সংবাদমাধ্যমক অৱগত কৰিছে এই কথা।

২৫. ছবিঘৰত হিট চলমানৰ ভাপত। ১১ দিনত উপাৰ্জন ১৯১ কোটি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in