১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বেডমিণ্টনৰ মহিলা শাখাত চেম্পিয়ন ছাইনা নেহৱাল। ফাইনেলত পি ভি সিন্ধুক ২১–১৮, ২১–১৫ ছেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছাইনাই।

২. জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফ জোৱানৰ আত্মাৰ সদগতিৰ বাবে জুৰীয়াৰ এৰাবাৰীত জনতা পুথিভঁৰাল আৰু প্ৰাক্তন সেনাৰ শ্ৰদ্ধাঞ্জলিৰ লগতে প্ৰতিবাদী কাৰ্যসূচী। পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ।

মধ্যপ্ৰদেশত বীৰ শ্বহীদ জোৱানক সুঁৱৰি চি আৰ পি এফ আৰু সাধাৰণ নাগৰিকে বাহিৰ কৰা সমদল
মধ্যপ্ৰদেশত বীৰ শ্বহীদ জোৱানক সুঁৱৰি চি আৰ পি এফ আৰু সাধাৰণ নাগৰিকে বাহিৰ কৰা সমদল

৩. পুলৱামাৰ ৪৪ গৰাকী শ্বহীদৰ সন্তানৰ শিক্ষাৰ সমস্ত খৰচ বহন কৰিব ৰিলায়েঞ্চ ফাউণ্ডেচনে। শ্বহীদ সন্তানৰ কৰ্ম সংস্থাপনৰো দায়িত্ব গ্ৰহণ কৰিলে ৰিলায়েঞ্চ ফাউণ্ডেচনে।

৪. শিৱসাগৰত আৰ এছ এছৰ সদস্যৰ উত্তাল প্ৰতিবাদ। জম্মু–কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে পাকিস্তানৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত। পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ।

৫. হাইলাকান্দিৰ কাটলিচেৰাত দুৰ্ঘটনাত নিহত এজন। দ্ৰুতবেগী ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী সুশান্ত দাস। ১৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত এই দুৰ্ঘটনা।

৬.  দক্ষিণ কামৰূপৰ সোণতলীত বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী বয়োবৃদ্ধা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাইক আৰোহীৰ। স্থানীয় লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰায় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।

৭.  বাইহাটাৰ কেন্দুকোণাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল মালবাহী ট্ৰাক। এখন বাইকক মহতিয়াই নিয়াৰ পিছতে দপদপকৈ জ্বলি উঠিল ট্ৰাকখন। দুৰ্ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহীজন।

৮. গোলাঘাটত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি। ইউনাইটেড চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 'পাকিস্তান মুৰ্দাবাদ', 'সন্ত্ৰাসবাদ নিপাত যাওক' আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।

৯.  ছিকিমৰ ছিংটামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি। মমবাতি জ্বলাই শ্বহীদ জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছিকিমৰ জনতাই। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী।

১০. সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত কামপুৰৰ কচুৱাত হাতে হাতে মমবাতি লৈ শতাধিক লোকৰ প্ৰতিবাদ। 'সন্ত্ৰাসবাদী নিপাত যাওক', 'পাকিস্তান মুৰ্দাবাদ' আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ কচুৱাবাসীৰ৷

১১. বিধায়ক আমিনুল ইছলামৰ এটা ফেচবুক পোষ্টে সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। আমিনুল ইছলামক সমালোচনা কৰি শিলাদিত্য দেৱে ক'লে – আমিনুলৰ পকেট খুচৰিলে ওলাব পাকিস্তানৰ পতাকা।

১২. কলিয়াবৰৰ ৰাঙলুত দুৰ্ঘটনাত নিহত তিনি বাইক আৰোহী। এখন মিনি ট্ৰাকৰ সৈতে মুখমুখি সংঘৰ্ষত থিতাতে নিহত হয় তিনিওজন বাইক আৰোহী। বাইকত খুন্দিয়াই মিনি ট্ৰাকখনে পলায়নৰ চেষ্টা চলাওতেই খুন্দা মাৰে আন এখন টাটা এ চি বাহনত।

১৩. ব্যৱসায়ী ৰামেশ্বৰ তালুকদাৰক আৰক্ষীৰ জেৰা। দিছপুৰ থানাৰ এক গোচৰত তালুকদাৰক আটক কৰিছিল আৰক্ষীয়ে। মাটি বিক্ৰীৰ নামত নথি-পত্ৰ জাল কৰি ৪ কোটি টকা লোৱাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।

১৪. কোকৰাঝাৰত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি। বাথৌ থানছালিত মমবাতি জ্বলাই শ্বহীদ CRPF জোৱানৰ আত্মাৰ সদগতি কামনা।

১৫. বোকাখাতৰ জ্যোতিপুৰত অগ্নিকাণ্ড। যজ্ঞেশ্বৰ গগৈ নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ড। জুইত জাহ গ'ল পৰিয়ালটোৰ গোহালিৰ লগতে ধানখেৰৰ মেজি। মৌ-বাহ পুৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় অঘটন।

১৬. জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মালিগাঁৱত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত। শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি মালিগাঁৱৰ দোকান–পোহাৰ বন্ধ ৰাখে ব্যৱসায়ী সন্থাই।

১৭. দক্ষিণ কামৰূপত চোৰাং কাঠ ব্যাৱসায়ীৰ বিৰুদ্ধে অভিযান। জোৰশিমলু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বহু পৰিমাণৰ চোৰাং কাঠ। জব্দকৃত কাঠখিনিৰ মূল্য ১০ লক্ষাধিক টকা।

১৮.  ধেমাজিৰ চিলাপথাৰত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি ছাত্ৰ–ছাত্ৰীৰ। শংকৰদেৱ শিশু বিদ্যা নিকেতন, চিলাপথাৰত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আচাৰ্য-আচাৰ্যাসকলৰ লগতে ছাত্র-ছাত্রীসকলে।

১৯.  সন্তোষ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ অসমৰ। ছেমি ফাইনেলত অসম পৰাস্ত কৰিলে মণিপুৰ ফুটবল দলক। ২-১ গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে অসমে। মিজোৰামৰ আইজলত অনুষ্ঠিত হৈছে খেলখন।

২০. জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা CRPF জোৱানসকলৰ আত্মাৰ শান্তি আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি তামাৰহাটৰ হাতীধূৰাত শিক্ষক আৰু ছাত্র-ছাত্ৰীৰ শ্ৰদ্ধাঞ্জলি। হাতীধূৰা পাব্লিক স্কুলৰ ছাত্র-ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিদ্যালয়ৰ পৰা উলিয়ালে এক মৌন সমদলো।

২১. পুলৱামাৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে শনিবাৰে ৰাজ্যপাল সত্যপাল মালিকে আহ্বান কৰে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ এখন বৈঠক। ৰাজ্যখনৰ আইন ব্যৱস্থাক লৈ বৈঠকত আলোচনা।

২২. পুলাৱামাৰ শ্বহীদ জোৱান সকলক সুঁৱৰি দেওবাৰে বিজেপিৰ সমগ্ৰ দেশত আয়োজন কৰিব শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। প্ৰত্যেক জিলা কাৰ্যালয়ত বিজেপিৰ কাৰ্যকৰ্তাৰ লগতে মন্ত্ৰী-বিধায়ককো উপস্থিত থাকিবলৈ নিৰ্দেশ।

২৩. নগাঁৱৰ জুৰীয়াত অস্ত্ৰসহ ডকাইত আটক। জুৰীয়াৰ চতিয়ানত স্থানীয় ৰাইজে কৰায়ত্ত কৰিলে আজিজুল হক নামৰ ডকাইতটোক। পিছত আৰক্ষীক গতাই দিয়ে ৰাইজে। কেইবাটাও ডকাইতি কাণ্ডত জড়িত আছিল আজিজুল হক।

২৪. মধ্যপ্ৰদেশত বীৰ শ্বহীদ জোৱানক সুঁৱৰি চি আৰ পি এফ আৰু সাধাৰণ নাগৰিকে বাহিৰ কৰে সমদল। আনহাতে জবলপুৰত শ্বহীদ কনিষ্টবল অশ্বিনী কুমাৰক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰী কমল নাথে।

২৫. পুলৱামাৰ বিস্ফোৰণত নিহত ৪৪ শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য আগবঢ়াব বলীউডৰ অভিনেতা অমিতাভ বচ্চনে। শনিবাৰে কৰিলে এই ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in