১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলি। কলকতাৰ উডলেণ্ড হাস্পতালত চিকিৎসাধীন হৈ আছে খেলুৱৈজন।

২. জুকো ভেলীত এতিয়া শেষ হোৱা নাই বনজুইৰ তাণ্ডৱ। জুই নিবাৰণৰ বাবে বায়ুসেনাৰ চেষ্টা অৱ্যাহত।

৩. বাক্সাত স্কুটী বিতৰণ কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বাক্সাৰ মুছলপুৰত ৫৪২ গৰাকী মেধাবী ছাত্ৰীলৈ স্কুটাৰ বিতৰণ কৰা হৈছে অনুষ্ঠানটোত।

৪. ২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ১১ মে'ৰ পৰা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অহা ১২ মে'ৰ পৰা আৰম্ভ হ'ব ৷

৫. ৰাষ্ট্ৰ সংঘৰ তালিকাভূক্ত সন্ত্ৰাসবাদীৰ তালিকাত লাখবীৰ নাম। উল্লেখ্য যে ২৬/১১ ঘটনাৰ সৈতে জড়িত আছিল লাখবী।

৬. বকোৰ আৰডেঙাত অঘটন। বনভোজ খাবলৈ আহি দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতিলে এজনে।

৭. মাছখোৱাত এজেপি আৰু ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী।বহু লোকে যোগ দিয়ে এই দুয়োটা দলত।

৮. দেশ জুৰি আৰম্ভ কোৰোনা ভেকচিনৰ ড্ৰাইৰাণ। দেশবাসীয়ে বিনামুলীয়াকৈ পাব কোৰোনাৰ ভেকচিন।

৯. শ্বেয়াৰ জালিয়াতি। মুকেশ আম্বানীয়ে ভৰিলে ৪০ লাখ টকাৰ জৰিমনা।

১০. ঝাৰখণ্ডত আকৌ ১৫১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১৫৩৯২জনলৈ পাইছে বৃদ্ধি।

১১. যোৱা ২৪ ঘন্টাত হিমাচলপ্ৰদেশত আকৌ ১৪৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ২জনৰ মৃত্যু।

১২. নতুন বছৰত ভাল খবৰ। বছৰৰ আৰম্ভণিতে পৰ্যটকে ভিৰ কৰিছে তাজ মহলত। কোৰোনা মহামাৰীৰ মাজতে এতিয়া এনেদৰে তাজ মহলত দেখা গৈছে পৰ্যটকৰ ভিৰ।

১৩. বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক। অন্ধ্ৰপ্ৰদেশৰ প্ৰমিনেন্ট লিডাৰসকলৰ সৈতে অনুষ্ঠিত হয় এই বৈঠক।

১৪. মুম্বাইত আকৌ ৫৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৯৪৬৫৯জনলৈ পাইছে বৃদ্ধি।

১৫. চুবুৰীয়া ৰাজ্য মণিপুৰতো বৃদ্দি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮২৪৩জনলৈ পাইছে বৃদ্ধি।

১৬. কৰ্ণাটকত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৯২১১২৮জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত নতুনকৈ ৭৫৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৭. মহাৰাষ্ট্ৰত আকৌ ৩২১৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯৩৮৮৫৪জনলৈ পাইছে বৃদ্ধি।

১৮. জম্মু-কাশ্মীৰত আৰক্ষী আৰু সেনাৰ যৌথ অভিযান। কুলগামত চলোৱা এই অভিযানত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ।

১৯. তামিলনাডুত আকৌ ৯১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১১জনৰ মৃত্যু।

২০. বিচিচিআইৰ সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী পশ্চিমবংগৰ উডলেণ্ড হাস্পতালত চিকিৎসাধীন। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে বুজ লয় তেওঁৰ স্বাস্থ্যৰ।

২১. কেৰালাত আকৌ ৫৩২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৫৩৭৪জন ৰোগী।

২২. মুম্বাইত গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। প্ৰায় ১.২ কোটি টকাৰ নিষিদ্ধ গুটখাসহ গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।

২৩. অন্ধ্ৰপ্ৰদেশত আকৌ ২৩৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮২৮৫০জনলৈ পাইছে বৃদ্ধি।

২৪. জম্মু-কাশ্মীৰত আকৌ যুদ্ধবিৰতি উলংঘা। নৌশ্বেৰা ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

২৫. হিমাচলপ্ৰদেশৰ কুল্লাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। প্ৰায় ৫০০ গ্ৰাম ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in