১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কোকিলা গাৱঁৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ আজিজুৰ ৰহমানৰ সোমবাৰে দেহাৱসান ঘটে। অঞ্চলব্যাপী শোঁকৰ ছাঁ।

২. বুধবাৰে সাক্ষাত হব পাৰে মমতা বেনাৰ্জী আৰু নৰেন্দ্ৰ মোডীৰ। ৰাজ্যলৈ আগবঢ়োৱা অনুদানৰ সন্দৰ্ভত মোডীক সাক্ষাত কৰিব মমতা বেনাৰ্জীয়ে।

৩. ৰাজস্থানৰ ৰাজনীতিৰ সমীকৰণ ব্যাপক সাল-সলনি। বি এছ পিৰ ৬ বিধায়কে যোগদান কৰিলে কংগ্ৰেছত।

৪. ১৭ ছেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। ১৬ ছেপ্তেম্বৰৰ নিশাই মাতৃৰ ওচৰলৈ ৰাওনা মোডী।

৫. দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ এছ পি জি সুৰক্ষা বেষ্টনী প্ৰত্যাহাৰ। এতিয়াৰে পৰা চি আৰ পি এফ নিৰাপত্তা বেষ্টনীত থাকিব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।

৬. ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰয়াগৰাজৰ গ্ংগা-যমুনা নদীৰ জলপৃষ্ঠ। বানৰ কবলত হাজাৰটা পৰিয়াল।

৭. অন্ধ্ৰপ্ৰদেশৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ কেডোলা শিৱপ্ৰসাদ ৰাৱৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু। নিজা বাসভৱনত শোৱনিকোঠাত উদ্ধাৰ মৃতদেহ।

৮. এন চি পি দলৰ নেতা শৰদ পৱাৰে সোমবাৰে কৰিলে ঘোষণা। মহাৰাষ্ট্ৰত ১২৫-১২৫ খন আসনত নিৰ্বাচন খেলিব দুয়োটা দলে।

৯. উত্তৰ প্ৰদেশতো প্ৰযোজ্য হব পাৰে এন আৰ চি। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কৰিলে এই মন্তব্য।

১০. ৰাম মন্দিৰ নিৰ্মাণৰ সময় সমাগত, ভেটি তৈয়াৰ কৰিবলৈ সাজু শিৱসেনা। এই মন্তব্য কৰিলে শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই।

১১. অসমৰ চোৰাং গাড়ী কম মূল্যত বিক্ৰী হয় নাগালেণ্ডত! সোমবাৰে অসম–নাগালেণ্ড সীমান্তৰ পৰা গ্ৰেপ্তাৰ ২ দুৰ্ধৰ্ষ গাড়ীচোৰ।

১২. কুমাৰপাৰা হত্যাকাণ্ডৰ দুৰ্বৃত্তৰ স্পষ্ট ফটো প্ৰকাশ আৰক্ষীৰ। ৫ দুৰ্বৃত্তক Most wanted ঘোষণা মহানগৰ আৰক্ষীৰ। সন্ধান দিওঁতালৈ ২৫ হাজাৰকৈ টকাৰ পুৰষ্কাৰ ঘোষণা।

১৩. তেল চুৰিত জড়িত হোটেলৰ মালিক–কৰ্মচাৰী। কলিয়াবৰত চোৰাং তেল সহ গ্ৰেপ্তাৰ তিনি চোৰাং ব্যৱসায়।

১৪. মাৰাছ ISL ফুটবলৰ প্ৰস্তুতি তুংগত। ২০ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ISL।

১৫. নৱ শৰণীয়া BTC ত ফেক্টৰ হয়,স্বীকাৰ কৰিলে BPF–এ।ফলস্বৰূপে UPPL বিপিএফৰ লগত চামিত হোৱাতো বিচাৰিছে বিশ্বজিত দৈমাৰীয়ে। ইয়াৰ বিনিময়ত UPPL ৰ সভাপতি ইউ জি ব্ৰহ্মক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ ।

১৬. দেশত এতিয়া ভয়ংকৰ আৰ্থিক সংকট। অৱশেষত এই কথা স্বীকাৰ কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শশীকান্ত দাসে।

১৭. উমৰৈ পাহাৰত সোমবাৰৰ পৰা ৪৫ জনীয়া ৰয়েল থাই সেনাৰে ভাৰতীয় সেনাৰ সামৰিক অনুশীলন আৰম্ভ।

১৮. ধিং এক্সপ্ৰেছ হিমা দাস বাদ পৰিল ভাৰতীয় দলৰ পৰা। ২৬ ছেপ্তেম্বৰৰ পৰা কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হবলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পিঠিৰ আঘাতৰ বাবে ফেডাৰেছনে বিশ্ব চেম্পিয়নশ্বিপলৈ হিমাক নপঠিওৱাৰ সিদ্ধান্ত লৈছে ।

১৯. ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বৰদলৈ ট্ৰফী। ২ অক্টোবৰলৈ চলিবলগা সন্মানীয় ফুটবল প্ৰতিযোগিতাখন এইবাৰ আয়োজন কৰা হৈছে ব্যতিক্ৰমী ৰূপত।

২০. বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ বাবে এতিয়া দেশজুৰি ব্যস্ততা। দুদিনীয়াকৈ লগ্ন পৰাৰ বাবে এইবাৰ ১৭ আৰু ১৮ দুয়োটা তাৰিখতে উদযাপন কৰা হ'ব বিশ্বকৰ্মা পূজা। মহানগৰীৰ বজাৰত উভৈনদী হৈ পৰিছে পূজাৰ উপচাৰ। 

২১. বিজেপি চৰকাৰৰ ষড়যন্ত্ৰতেই চাহ শ্ৰমিকৰ বোনাচ ২০ৰ পৰা ৮ শতাংশ দিবলৈ সিদ্ধান্ত লৈছে চাহ বাগিছা সমূহে। সংবাদমেলত এই অভিযোগ অখিল গগৈৰ।

২২. ৰাজ্যত অব্যাহত বনৰীয়া হাতী উপদ্ৰব। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে হাটশিঙিমাৰীৰ সাদুল্যাবাৰীত। নুমলীগড়ত একেনিশাই হাতীয়ে ভাঙিলে চাৰিটাকৈ বাসগৃহ।

২৩. অসম আৰক্ষীয়ে বিহাৰৰ পূব চম্পাৰন জিলাৰ একাধিক ঠাইত দেওবাৰে অভিযান চলাই ১৩ গৰাকী যুৱতী-কিশোৰী-কন্যা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

২৪. তাজিয়া-তাণ্ডৱৰ পিছত ডিব্ৰুগড়ৰ SPক অপসাৰণ, ADCক পদোন্নতি। ডিব্ৰুগড়ৰ ADC এম এছ লক্ষ্মীপ্ৰিয়াক শিৱসাগৰৰ উপায়ুক্ত নিযুক্তি।

২৫. ভঙাগড়ৰ কালীমন্দিৰত চুৰিত জড়িতৰ সন্দেহ এজনক গ্ৰেপ্তাৰ। দানপাত্ৰ ভাঙি চুৰি কৰাৰ সন্দেহত গ্ৰেপ্তাৰ ঢকুৱাখনাৰ যুৱকক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in