১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. 'আলফাৰ দুজন সদস্য জড়িত আছে বিস্ফোৰণৰ ঘটনাত। আৰক্ষীৰ হাতত আছে সকলো তথ্য-প্ৰমাণ।' বুধবাৰৰ মহানগৰীৰ বিস্ফোৰণ সন্দৰ্ভত এই মন্তব্য কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

২. শিলচৰৰ ইন্দ্ৰগড়ত বিশ্বনাথ গোৱালা নামৰ লোকজনৰ ঘৰত ডকাইতিৰ ঘটনা। ডকাইতে লুটিলে লক্ষাধিক টকাৰ লগতে ১১টা জাৰ্ছী গৰু।

৩. 'এয়া অতি লজ্জাজনক যে প্ৰায়ে এয়াৰ ইণ্ডিয়াত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হয়। এনেধৰণৰ অপৰাধৰ বিৰুদ্ধে আমি থিয় দিয়াতো জৰুৰী।'- এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ আশ্বিনী লোহানিয়ে কৰে এই মন্তব্য।

৪. সোণাৰিত দুদিন ধৰি সন্ধান নাই ধ্ৰুৱ বসুমতাৰী নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। আৰক্ষী থানাত এজাহাৰ দাখিল।

৫. কোকিলা-সৰভোগত কৰুণ ঘটনা সংঘটিত হৈছে। মেট্ৰিকৰ ফলাফলত হতাশ হৈ আত্মহত্যা কৰিলে ২ পৰীক্ষাৰ্থীয়ে।

৬. চামগুৰিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। উদমাৰী ঢোলপাহাৰত উদ্ধাৰ হৈছে মৃতদেহটো।

৭. গোলাঘাটৰ নুমলীগড়ৰ দৈগ্ৰোং বাগিচাত অঘটন। একেলগে পুখুৰীত পৰিল ৪টা শিশু। ৩ টা শিশুক উদ্ধাৰ কৰি চিকিৎসালয় নিয়াৰ পথতে ২ শিশুৱে হেৰুৱাই প্ৰাণ। সন্ধানহীন এটি শিশু।

৮. হাটশিঙিমাৰীত নামনি অসমৰ আয়ুক্ত উপস্থিত হৈ চলাইছে উচ্চেদৰ তদন্ত। হাটশিঙিমাৰীৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ।

৯. এটা ৩.৩ ৰাইফল, এটা চাইলেঞ্চাৰ, বৃহত্‍ আকাৰৰ এখন খুকুৰি আৰু ১১জাঁই গুলীসহ দৰঙৰ দলগাঁও চিলবৰীত চোৰাংচিকাৰী গ্ৰেপ্তাৰ। গঁড় চিকাৰৰ বাবে গৈ গ্ৰেপ্তাৰ হোৱা চিকাৰীকেইটা সাগৰ সিং, ছনছাৰ আলী আৰু মৰুজ আলী।

১০. 'যিয়ে ঘটনাটো কৰিছে মই সদায়ে গালি দিম।'- মহানগৰীৰ বিস্ফোৰণক লৈ জুবিন গাৰ্গে প্ৰকাশ কৰে এই প্ৰতিক্ৰিয়া।

১১. ডিমৌত এ টি এমৰ পৰা ধন লুটৰ সৈতে জড়িত ২ চোৰ গ্ৰেপ্তাৰ হাজোত। চোৰ কেইটা তাৰিফুল আলী আৰু ছানাতুল্লা আলী।

১২. নাজিৰাৰ বিহুবৰ চাহ বাগিছাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী। দীৰ্ঘদিন ধৰি বাঘটোৱে চলাইছিল সন্ত্ৰাস।

১৩. কাৰ্বিপাহাৰত বিজয় পাল নামৰ ব্যৱসায়ীগৰাকীক অপহৰণ। বাইকত অহা দুৰ্বৃত্তই অপহৰণ কৰা ব্যৱসায়ীজন 'ওমকাৰ ভাণ্ডাৰ' নামৰ প্ৰতিষ্ঠানৰৰ স্বত্বাধিকাৰী।

১৪. দক্ষিণ কামৰূপৰ সোণতলীত শোকাৱহ ঘটনা। পুৱা ৯বজাৰ পৰা নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ পুখুৰীত উপঙি থকা অৱস্থাত।

১৫. জু-ৰোডৰ বিস্ফোৰণৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক। নিৰাপত্তা সন্দৰ্ভত কৰা হয় আলোচনা।

১৬. কলিয়াবৰ দিজু সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হস্ত নিৰ্মিত বন্দুক। চোৰাং চিকাৰীয়ে বন্দুকটো বনাঞ্চলত এৰি থৈ যোৱাৰ সন্দেহ।

১৭. ২২ মে'ত অসমলৈ আহিব সুব্ৰমণিয়ম স্বামী। এক মানহানি গোচৰ সন্দৰ্ভত অসমলৈ আহিব বিজেপিৰ নেতাগৰাকী।

১৮. পৰ্যটকৰ বাবে বৃহস্পতিবাৰৰ পৰা বন্ধ হ'ল পবিতৰা অভয়াৰণ্য। ৩০ ছেপ্টেম্বৰলৈ পৰ্যটকৰ বাবে বন্ধ থাকিব পবিতৰা।

১৯. টিহুৰ নাথকুছিত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত আহত এগৰাকী মহিলা। আহতগৰাকীৰ নাম গায়ত্ৰী নাথ।

২০. 'এই ঘটনাক একেমুখে গৰিহণা দিছো, এয়া কাপুৰুষালিয়ে কৰা এক কাম।'- বুধবাৰৰ বিস্ফোৰণ সন্দৰ্ভত এই মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

২১. কমলাবাৰীৰ পৰা নিমাতীঘাট অভিমুখে আহি থকা পথত মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণৰক্ষা ফেৰীখনৰ সকলো যাত্ৰীৰ।

২২. তেলেংগানাত অহা ৪-৫দিনলৈ উষ্ণতা বৃদ্ধি পাব। ৰাজ্যখনৰ বিভিন্ন স্থানত ৪২ ডিগ্ৰীৰ পৰা ৪৫ ডিগ্ৰীলৈ বৃদ্ধি পাব উষ্ণতা। এই কথা সদৰি কৰে বিজ্ঞানী ডি নাগাৰত্নই।

২৩. ৰঙিয়াৰ বৰলীয়া নৈৰ পাৰত চলন্ত অটোৰ পৰা পেলাই থৈ গ'ল এগৰাকী যুৱতীক। সংকটজনক অৱস্থাত যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ভৰ্তি।

২৪. দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ কর্মীয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ।

২৫. 'দিদি আপুনি প্ৰধানমন্ত্ৰী পদৰ বাবে সপোন চোৱাত আপত্তি নাই। কিন্তু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে গুণ্ডাবাহিনীক ব্যৱহাৰ কৰাৰ বাবে আপোনাৰ প্ৰতি আস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে।'- পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক মমতা বেনাৰ্জীক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in