১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ছহিদ সুনীল কলিতা শেষ বিদায়ত শোকবিহ্বল জনতাৰ সমদল। শোকস্তব্ধ পালাৰাত সামৰিক মৰ্যাদাৰে শেষকৃত্য হ'ল ছহিদ কলিতাৰ। ডিমুৰ পালাৰাত সৃষ্টি হ'ল অবৰ্ণনীয় পৰিবেশৰ।

২. ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা। দেশৰ ভিতৰতে অন্যতম প্ৰখ্যাত এই অম্বুবাচীৰ বাবে এতিয়া শেষ প্ৰস্তুতিত ব্যস্ত প্ৰশাসন আৰু দেৱোত্তৰ ব'ৰ্ড। এইবাৰৰ মেলাত কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে আয়োজকে।

৩. ৰঙিয়াত পুনৰ জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক। EIBৰ অভিযানত জব্দ ১,১০০ কাৰ্টন সুৰা।আবকাৰী পৰিদৰ্শক সুভাষ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান ।

৪. বিশ্বনাথৰ বাঘমাৰীত অস্ত্ৰসহ ২ সৰবৰাহকাৰীক আটক। বাইকত পতানৰ বস্তাত ভৰাই আনিছিল দুটাকৈ 303 বন্দুক।ধৃত দুৰ্বৃত্ত দুটা বিশ্বনাথৰ বলডোঙাৰ হানিফ আলী, আব্দুল চৈয়দ ।

৫. গোপন সূত্ৰৰ পম খেদি মায়ং আৰক্ষীৰ অভিযান। জব্দ এটা পইণ্ট 22 পিষ্টল, ৩ জাঁই সজীৱ গুলী।
উদ্ধাৰ থ্ৰী নট্ থ্ৰী বন্দুকৰ ৩ জাঁই সজীৱ গুলী ।

৬. ASTCৰ নতুন APP 'চলো' মুকলি। অনলাইন বুকিং, ডিজিটেল টিকটৰ সুবিধা গ্ৰাহকলৈ।
মেধাৱী শিক্ষাৰ্থীলৈ ASTCৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা ।

৭. নলবাৰীৰ নমাতীত নিশা ভয়ংকৰ ঘটনা। ভাতৃৰ কুঠাৰৰ ঘাপত নিহত জ্যেষ্ঠ ভাতৃসহ বন্ধু।
ঘাতক পংকজ দেৱনাথ পলাতক ।

৮. মুজাফাৰপুৰত এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰতিটো পৰিয়াললৈ ৪ লাখ টকা ঘোষণা। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘোষণা কৰে এই সাহায্য।

৯. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কমুৰাস্বামীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক। গুৰুত্বপূৰ্ণ বিষয়ক লৈ সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

১০. বাৰানসীৰ হিন্দু বিশ্ববিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন ছাত্ৰ।

১১. ক্ৰিকেট বিশ্বকাপ ২০১৯ত দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মেচ। খেলখনৰ বাবে নিজকে প্ৰস্তুত কৰিবছে দুয়োটা ক্ৰিকেট দলে। মেনচেষ্টাৰৰ ষ্টেডিয়ামত শনিবাৰে অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল।

১২. দিল্লীৰ চান্দনি চকত এটা কাপোৰৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড। ৭খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

১৩. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ মিলিত হয় ইৰাণৰ বিদেশ মন্ত্ৰী মহম্মদ জাৱেদ যাৰিফক। তাজিকিষ্টানৰ ডুশ্বাণ্ডেত মিলিত হয় দুয়োখন দেশৰ প্ৰতিনিধিদ্বয়।

১৪. 'যদি আমি ভাল খেল প্ৰদৰ্শন কৰো তেন্তে আমাক কোনেও হৰুৱাব নোৱাৰে।ভাল খেল প্ৰদৰ্শন কৰিলে কোনটো ক্ৰিকেট দলে আমাৰ বিপৰীতে খেলিব সেয়া বিশেষ গুৰুত্বপূৰ্ণ হৈ নাথাকে।'- এই মন্তব্য ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ।

১৫. বিহাৰত এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি। ৰাজ্যখনত ৭৩জনলৈ বৃদ্ধি পাই এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

১৬. উত্তৰাখণ্ডত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি বন্যহস্তীৰ। ৰাজ্যখনৰ যশপুৰত সংঘটিত হয় এই ঘটনা।

১৭. হাৰিয়ানাত এগৰাকী স্পেনিছ মহিলাক ধৰ্ষণ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুল অভিযুক্তক। ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত।

১৮. চেন্নাইত শুকাবলৈ আৰম্ভ কৰিছে দমকল, পুখুৰীবোৰ। ফলত বিশুদ্ধ খোৱাপানীৰ অভাৱ হৈছে অঞ্চলটোত। ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।

১৯. দিল্লীৰ নৰ্থাৰ্ণ ৰেলৱে চেন্ট্ৰেল হাস্পতালতো চিকিৎসকসকলৰ প্ৰতিবাদ। পশ্চিমবংগৰ এন আৰ এছ হাস্পতালত চিকিৎসকৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী।

২০. হায়দৰাবাদত প্ৰায় ৯৪৫ কেজি ওজনৰ গাঞ্জা জব্দ। ৰাজহ চোৰাংচোৱা বিভাগে এখন ট্ৰাকসহ জব্দ কৰে গাঞ্জাখিনি।

২১. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোডীক। দ্বিতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মুখ্যমন্ত্ৰী কুমাৰাস্বামীয়ে অভিনন্দন জনায় নৰেন্দ্ৰ মোডীক।

২২. অন্ধ্ৰপ্ৰদেশৰ দুছিপেটা গাঁৱত আৰক্ষীয়ে জব্দ কৰে ৫খন অবৈধ বালি কঢ়িওৱা ট্ৰাক। ৰাজ্য চৰকাৰে অবৈধ বালি খনন কাৰ্য্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে এজন আৰক্ষী বিষয়াই।

২৩. ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব বাহুবলী ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰভাসৰ নতুন ছবি 'ছাহো'। ছবিখনত প্রভাসৰ সৈতে দেখা যাব জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক।

২৪. বৰপেটাৰ মন্দিয়াত আৰক্ষী থানাৰ সমীপতে চৰম নিৰাপত্তাহীনতাত ভুগিছে আবাসিক বিদ্যালয়ৰ ছাত্ৰী, শিক্ষয়িত্ৰী তথা মহিলা কৰ্মচাৰী। নিশা হ'লেই ছাত্ৰীনিবাসত প্ৰৱেশ কৰে লম্পট যুৱকৰ দল।

২৫. মিৰাটৰ মোহকামপুৰত বিধ্বংসী অগ্নিকাণ্ড। এটা ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। ৯খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in