১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দৰ্শকে আদৰি লৈছে যতীন বৰাৰ ছবি ৰত্নাকৰক। চতুৰ্থটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৩ লাখ টকা। চাৰিদিনৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ১.৮৯ কোটি টকা।

২. মঙলবাৰে উদযাপন কৰা হ'ল মিছাইল মানৱ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। তিনি সেনাৰ মুৰব্বীয়ে জনালে এ পি জে আব্দুল কালামক শ্ৰদ্ধাঞ্জলি।

৩. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দিল্লীস্থ বাসগৃহত কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক। বুধবাৰে অনুষ্ঠিত হ'ব এই বৈঠকখন।

৪. তেলেংগানাৰ ৰাজ্যপাল সৌন্দৰাৰঞ্জনে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। লগতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতেও মিলিত হয় তেওঁ।

৫. পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত উখল-মাখল পৰিৱেশ। মঙলবাৰে গুৰু ৰামদাসজীৰ জন্মজয়ন্তী উদযাপন কৰা হয় মন্দিৰটোত।

৬. দিল্লী আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে দুটা চোৰক। লগতে আৰক্ষীয়ে জব্দ কৰে ১৪টাকৈ ম'বাইল আৰু ২টা লেপটপ।

৭. চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ এজন যাত্ৰীক। যাত্ৰীজনে কৌশলেৰে কঢ়িয়াই আনিছিল ৭০০ গ্ৰাম সোণ।

৮. দিল্লীৰ ছফদৰ্জংগ ট'ম্বত উপস্থিত নেডাৰলেণ্ডৰ ৰজা ৱিলেম এলেকজেণ্ডাৰ। তেওঁৰ লগত উপস্থিত থাকে নেডাৰলেণ্ডৰ ৰাণী মাক্সিমাও।

৯. বেলখিষ্টানত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। বোমা বিস্ফোৰণত নিহত এজন ব্যক্তি।

১০. অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ। এটি শিশু পানীৰ টেংকীত পৰি মৃত্যু হোৱাৰ পাছতেই স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ।

১১. শিৱসেনাৰ একাংশ নেতাই মঙলবাৰে সাক্ষাৎ কৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ শক্তিকান্ত দাসক। পি এম চি বেংকৰ সন্দৰ্ভত আলোচনা কৰে তেওঁলোকে।

১২. ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় এজন যাত্ৰীক। ১২টাকৈ ভাটৌ চৰাই এটা বাকচত ভৰাই লৈ আনিছিল ব্যক্তিজনে।

১৩. বিজেপি বিধায়ক গৰুক প'ৰ্ডুঙৰ বিৰুদ্ধে গোচৰ ৰুজু। এগৰাকী মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হয় তেওঁৰ বিৰুদ্ধে।

১৪. ওড়িশ্যাৰ মালকানগিৰিত জব্দ এখন ট্ৰাক। প্ৰায় ১৫০০ কেজি গাঞ্জাসহ জব্দ কৰা হয় ট্ৰাকখন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ট্ৰাক চালকক।

১৫. বিজেপি সাংসদ তথা অভিনেতা ছানী দেউলে অংশ লয় ৰোডশ্ব'ত। পুনেত হাদাপছাৰ সমষ্টিত হয় এই ৰোড শ্ব'।

১৬. জম্মু-কাশ্মীৰত মঙলবাৰে পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা। পাকিস্তানৰ গুলীবৰ্ষণত নিহত এগৰাকী স্থানীয় মহিলা।

১৭. 'ৰাজনীতি থাকিব। নিৰ্বাচন আহি আৰু যাব, জয়-পৰাজয় থাকিব, কিন্তু সকলোৰে উৰ্ধত দেশৰ নিৰাপত্তা।'- এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৮. কেৰালাৰ থ্ৰিছুৰত এজন বাহন চালকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। আক্ৰমণ কৰাৰ পাছত চালকজনৰ পৰা বাহনখন কাঢ়ি লৈ যায় দুৰ্বৃত্তই।

১৯. অন্ধ্ৰপ্ৰদেশৰ পূব গোডাবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে পথৰ ওপৰত। দুৰ্গটনাত থিতাতে নিহত ৮জনকৈ লোক।

২০. ছত্তীশগড়ৰ তুলসী ডোংগ্ৰীত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা মাওবাদী। নিৰাপত্তাৰক্ষীয়ে লগতে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰও।

২১. প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰত্ন সিঙে মঙলবাৰে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ উপস্থিত যোগ দিয়ে দলটোত।

২২. সামান্য হ'বলৈ ধৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। মঙলবাৰে পুনৰ মুকলি কৰা হয় শ্ৰীনগৰস্থিত এন আই টি।

২৩. মানেছৰত মঙলবাৰে উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। নেশ্যনেল ছিকিউৰিটী গাৰ্ড প্ৰতিষ্ঠা দিৱস পালনৰ বাবে মানেছৰত উপস্থিত হয় তেওঁ।

২৪. পুনেত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰায় ১.৫ কেজি হেৰ'ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক দুজনক।

২৫. ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি লাল কাপ্টান। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা শ্বেইফ আলী খানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in