১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. পশ্চিম বংগত সময়ৰ পূৰ্বেই নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাক লৈ মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া। ক'লে- এয়া নিৰ্বাচন আয়োগৰ নহয়, মোডী, অমিত শ্বাহৰহে সিদ্ধান্ত।

২. 'দিদিৰ শাসনকালত পশ্চিম বংগত বঙালী যুৱকৰ মূৰত গুলীয়াই হত্যা কৰা হৈছে' -এই অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৩. দিল্লীৰ মোতী নগৰত নৃশংস হত্যাকাণ্ড। এটা দুৰ্বৃত্তৰ দলে এগৰাকী যুৱতীক নিৰ্যাতনৰ চেষ্টা চোলোৱাত বাধা প্ৰদান কৰা বাবেই ঘপিয়াই হত্যা কৰে যুৱতীগৰাকীৰ পিতৃক।

৪. টুইটাৰত সন্ত্ৰাসবাদী সংগঠন আইএছআইএছআইৰ প্ৰধানৰ সৈতে মমতা বেনাৰ্জীক তুলনা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। টুইটটোক লৈ প্ৰতিক্ৰিয়া তৃণমূল কংগ্ৰেছৰ।

৫. 'পশ্চিম বংগত ছাত্ৰসকলে কেৱল ক'লা পতাকাহে প্ৰদৰ্শন কৰিছিল। কিন্তু আৰএছএছ আৰু বিজেপিয়ে ভেৰোণীয়া গুণ্ডাবাহিনীৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে' – বুধবাৰে এই অভিযোগ কৰে তৃণমূল কংগ্ৰেছে।

৬. 'বিএছপিৰ ওচৰত যি আছে, সেয়া সমাজে প্ৰদান কৰা। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে লগত কালিমাৰ বাহিৰে আন একো নাই।'- বুধবাৰে এইদৰে মোডীক কটাক্ষ কৰে মায়াবতীয়ে।

৭. বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ আৰজেডি নেতা তেজস্বী যাদৱৰ। ক'লে- 'জেললৈ যোৱাৰ প্ৰকৃত অধিকাৰ আপোনাৰহে আছে, মোৰ পিতৃৰ নহয়।'

৮. কলকাতা কাণ্ডৰ প্ৰতিবাদত বুধবাৰে গুৱাহাটীত বিজেপিয়ে দাহ কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি। মমতাই গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ।

৯. ২০১৯ৰ লোকসভা নিৰ্বাচনৰ এক্সিত পুল সম্পৰ্কীয় সকলো টুইট টুইটাৰৰ পৰা মচি পেলাবলৈ ভাৰতীৰ টুইটাৰ কৰ্তৃপক্ষক নিৰ্দেশ নিৰ্বাচন আয়োগৰ।

১০. বাৰানসীত কাল ভৈৰৱ মন্দিৰত পূজা অৰ্চনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। বুধবাৰে পূজা অৰ্চনাৰ পিছতে এক নিৰ্বাচনী জনসভা সম্বোধন কৰে প্ৰিয়ংকাই।

১১. কৰ্ণাটকৰ আয়কৰ বিভাগে মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা জব্দ কৰে ২৪ কেৰেট ওজনৰ সোণ। জব্দকৃত সোণখিনিৰ বজাৰ মূল্য ৩৪.৭৫ লাখ টকা।

১২. 'নৰেন্দ্ৰ মোডীয়ে নিজৰ পত্নীৰ বাবেই চিন্তা কৰিব নোৱাৰে, দেশৰ বাবে কি চিন্তা কৰিব?'- প্ৰধানমন্ত্ৰী মোডীক এইদৰে কটাক্ষ মমতা বেনাৰ্জীৰ।

১৩. প্ৰলয়ংকাৰী ফণীৰ প্ৰকোপৰ পিছত বুধবাৰৰ পৰা পুনৰ স্বাভাৱিক হৈ পৰে পুৰীৰ জনজীৱন। দীৰ্ঘদিন ধৰি কৰ্তন কৰি ৰখা জগন্নাথ মন্দিৰৰ বিদ্যুত সেৱা পুনৰ যোগান ধৰা হয়।

১৪. পঞ্জাৱৰ লুধিয়ানাত ট্ৰেক্টৰ চলাই নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ। বুধবাৰে ৰাহুল গান্ধীৰ এই কাৰ্যসূচীত সংগ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু কংগ্ৰেছ নেতৃত্বই।

১৫. বিহাৰৰ প্ৰাক্তন সাংসদ চাহাবুদ্দিনৰ ভতিজা ইউছুফৰ হত্যাৰ সাক্ষী শ্যাম বাবুক গুলীয়াই হত্যা। বুধবাৰে বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে লোকজনক।

১৬. তেজপুৰৰ হলেশ্বৰত ইণ্ডিকা বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাল বাহনখন। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল বাহনখনৰ চালকজন।

১৭. ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে শ্ৰীলংকাৰ পৰিস্থিতি। ইস্তাৰ দেওবাৰৰ বিস্ফোৰণৰ পিছত বুধবাৰে ৰাষ্ট্ৰখনৰ অধিকাংশ ঠাইতে জাৰি কৰা সান্ধ্য আইন উঠায় লয় প্ৰশাসনে।

১৮. সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তত সুৰা জব্দ। বহু পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে। সীমান্তৰ নামোতালাত চলিছিল আৰক্ষীৰ অভিযান।

১৯. প্ৰথমবাৰলৈ ভাৰতত অনুষ্ঠিত হ'ব আন্তৰ্জাতিক মিলিটাৰী স্পৰ্টছ। ৰাজস্থানত অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে।

২০. ভূপালৰ জাবুৱাৰ এখন চৰকাৰী বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে হোমৱৰ্ক নকৰাৰ বাবেই শিক্ষকৰ অকথ্য নিৰ্যাতন। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্ত শিক্ষকজন।

২১. মধ্যপ্ৰদেশৰ ভিণ্ডৰ জিলা চিকিৎসালয়ত দুজন ব্যক্তিৰ মাজত সংঘাতৰ ফলত এজনৰ মৃত্যু। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লোক দুজনক।

২২. অহা ২১ জুনত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি 'কবিৰ সিং'। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰে।

২৩. 'ৰাহুল গান্ধীয়ে নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত তাৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বলিৰ পঠা বিচাৰি ফুৰিছে কংগ্ৰেছে।'- এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

২৪. পাকিস্তানৰ আকাশ মাৰ্গত ৩০ মে'লৈকে বন্ধ থাকিব ভাৰতীয় বিমানৰ উৰণ। ভাৰতৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত বাহাৰ ৰখাৰ ঘোষণা কৰে পাকিস্তানে।

২৫. ইংলেণ্ড ক্ৰিকেট দলৰ কেপ্টেইন ইয়ন মৰ্গানক এখন এদিনীয়াৰ পৰা নিলম্বন আইচিচিৰ। সদ্য সমাপ্ত এখন খেলত তেওঁ কৰা আচৰণৰ বাবেই এই শাস্তি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in