১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত মন্দিৰসমূহত দেখা গ'ল ভক্তৰ ভিৰ। বছৰটো কুশল–মংগলেৰে যোৱাৰ বাবে নেদেখাজনৰ ওচৰত আশিস বিচাৰিলে সকলোৱে।

২. '৭১ ত সেনাৰ সফলতাত যদি ইন্দিৰা গান্ধীৰ জয়গান হব বাৰে তেন্তে এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ জয়গান কিয় হব নোৱাৰে।' এই মন্তব্য গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ।

৩. 'বালাকোট অভিযানৰ সময়ত যদি ৰাফেল থাকিলে হয়, ইয়াৰ পৰিনাম বেলেগ হলহেতেন।' বায়ু সেনা প্ৰধান বি এছ ধনোৱাই সোমবাৰে কৰিলে এই মন্তব্য।

৪. সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত পি ডি পি দলৰ অধ্যক্ষ মেহবুবা মুফটীৰ কনভয়ৰ বাহনলৈ শিল নিক্ষেপ দুৰ্বৃৰ্ত্তৰ। আহত দেহৰক্ষী।

৫. ভাৰতবৰ্ষত টিক-টকৰ নিষেধাজ্ঞাৰ ওপৰত উচ্চতম ন্যায়ালয়ে সোমবাৰে প্ৰদান নকৰিলে ৰায়। ২২ এপ্ৰিলত পৰৰ্ৱতী শুনানি।

৬. 'পুলৱামাত সন্ত্ৰাসবাদী কেনেকৈ সোমাল, দেশৰ জনগণে বুজে।' সোমবাৰে এই মন্তব্য কৰিলে কংগ্ৰেছ নেতা অজীজ কুৰেশ্বীয়ে।

৭. 'বিজেপি ক্ষমতালৈ আহিলে খাব লাগিব গাহৰিৰ মঙহ।' কৰিমগঞ্জৰ এক সভাত এনে সাম্প্ৰদায়িক মন্তব্য বদৰুদ্দিন আজমলৰ।

৮. নগাঁৱৰ এখন হোটেলত বহু লক্ষাধিক টকা জব্দ। হোটেল কৰডিয়েল কাৰ্টেছীত জব্দ ধনখিনি। প্ৰদ্যুৎ বৰদলৈৰ নথি-পত্ৰ উদ্ধাৰ হৈছে কোঠাটোত। টকাৰ লগতে কংগ্ৰেছৰ বৃহত্‍ পৰিমাণৰ বেজ জব্দ।

৯. 'কোনো শক্তিয়ে বিজেপিক শাসনলৈ অহাত বাধা দিব নোৱাৰে ।' হাইলাকান্দিত কংগ্ৰেছ–AIUDFক তুলাধুনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

১০. অহা ২৪ এপ্ৰিলত ভাৰতবৰ্ষৰ বজাৰত মুকলি কৰা হব Redmi Y3 ফোনটো। নতুন ফোনটোত থাকিব বহুকেইটা সুবিধা।

১১. ডিফুত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। অসমত ১২খন আসন পাব বুলি দাবী মন্ত্ৰীগৰাকীৰ।

১২. সম্পন্ন হ'ল বৰ্ষ ফল গণনা। বৰপেটা সত্ৰত বৰ্ষ চক্ৰ গণনা। নৰেন্দ্ৰ মোডী ১৫ বছৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ। ২০ ব'হাগৰ পৰা সৰ্বানন্দ সোণোৱালৰ ভাল।

১৩. পহিলা ব'হাগৰ দিনাই সৰুপথাৰত কৰুণ ঘটনা সংঘটিত। বিদ্যুত্‍স্পৃষ্ট হোৱাত প্ৰাণ গ'ল এটি কণমানিৰ। বিদ্যুতৰ ছিঙা তাঁৰত লাগি কণমানিটিৰ মৃত্যু।

১৪. শিলচৰত পুৱাই বিধ্বংসী ধুমুহা। ধুমুহাৰ ফলত ভাঙিল আৰক্ষীৰ অস্থায়ী শিবিৰ। কথমপি ৰক্ষা পৰিল কেইবাজনো জোৱান। পেৰেড গ্ৰাউণ্ডত স্থাপন কৰা হৈছিল শিবিৰটো।

১৫. যোৰহাটৰ চেনিজানত যুৱকৰ মৃতদেহ উদ্ধাৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ মৃতদেহটো। জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।

১৬. নুমলীগড়ৰ ধলাগুৰি অঞ্চলতো অগ্নিকাণ্ড। জুইত জাহ গ'ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। কাষতে থকা বাসগৃহলৈও জুই সম্প্ৰসাৰিত। ৰাইজ আৰু অগ্নিনিৰ্বাপকৰ তত্পৰতাত নিৰ্বাপিত হয় জুই।

১৭. 'নাগৰিকত্ব সংশোধনী বিধেয়কখনে কোনো প্ৰভাৱ নেপেলায় নিৰ্বাচনত, নিৰ্বাচনত বিজেপি জয়ী হোৱাটো ১০০% নিশ্চিত।'– নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দাবী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।

১৮. ডিমৌৰ পালেঙী এৰালতলী গাঁৱত নৱজাতক উদ্ধাৰ। এটা পৰিয়ালৰ বাৰীৰ নলাত উদ্ধাৰ নৱজাতকটি। দেৱশিশুটিৰ ডিঙিত দেখা গৈছে আঘাতৰ চিন।

১৯. দিল্লীত চাৰিচকীয়া বাহনত অগ্নিকাণ্ড। বৰ্তমানলৈকে অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা। কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।

২০. ছুলতানপুৰত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব নোৱাৰিব বিজেপি নেতা মেনকা গান্ধীয়ে। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে মঙলবাৰে ১০ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ পৰা দূৰত থকাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।

২১. পশিচমবংগৰ উত্তৰ দিনাইপুৰৰ ৰাইগঞ্জ বিধানসভা সমষ্টিত টিডিপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত বাংলাদেশী অভিনেতা ফাৰদোছৰ অংশগ্ৰহণ।

২২. সোমবাৰে পাকিস্তানে মুকলি কৰিলে ১০০জন ভাৰতীয় মাছমৰীয়াক। আট্টাৰী-ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে ভাৰতৰ মাছমৰীয়া কেইজনে।

২৩. ১৭ এপ্ৰিলত দেশৰ ছবিগৃহত মুক্তি পাব হিন্দী ছবি কলংক। ৮০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে ছবিখন।

২৪. সাংবাদিকৰ প্ৰশ্নত মঙলবাৰে ৰবাৰ্ট বাদ্ৰাই কয়- ' মই ৰাজনীতিত যোগ দিয়াৰ কথা ভবা নাই। বৰ্তমানলৈ মোৰ ৰাজনীতিত যোগ দিয়াৰ অৱশ্যে ইচ্ছাও নাই।'

২৫. ৬ মে'ত মুক্তি পাব হলিউদৰ ছবি ৰকেটমেন। ৪ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে ছবিখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in