১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. প্রথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰে ইংলেণ্ডে। নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপ-২০১৯ৰ ফাইনেলত জয়ী হয় ইংলেণ্ড।

২. ক্ৰিকেট বিশ্বকাপৰ-২০১৯ৰ 'মেন অৱ দ্য ছিৰিছ' ঘোষণা নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক। ফাইনেল মেচখনত ইংলেণ্ডৰ হাতত পৰাস্ত হয় নিউজিলেণ্ড।

৩. মুম্বাইৰ নাৰায়ণ নগৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত এগৰাকী ২০ বছৰীয়া যুৱতী। ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

৪. হিমাচলপ্ৰদেশৰ সোলানত খহি পৰা এখন হোটেলৰ তলত বৰ্তমানেও আৱদ্ধ প্ৰায় ১৩জনকৈ লোক। উদ্ধাৰকাৰী দলে ইতিমধ্যে ২৭জন লোকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈচে।

৫. মহাৰাষ্ট্ৰৰ আকছা বিচ্চত মৃত্যু এজন যুৱকৰ। অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ।

৬. মধ্যপ্ৰদেশৰ বিচিয়াত বানে কাঢ়িলে চাৰিটা শিশুৰ প্ৰাণ। বানত ডুবি মৃত্যু হয় শিশু কেইটিৰ। ইফালে, সংকটজনক অৱস্থাত উদ্ধাৰ আন এটি শিশুক।

৭. দেওবাৰে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চলসমূহৰ পৰ্যবেক্ষণ কৰে। ৰাজ্যখনৰ দাৰবাংগা, মধুবাণী, শ্বেওহাৰ, সীতামাৰহি আদি অঞ্চল হেলিকপ্টাৰযোগে পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

৮. মুম্বাইৰ মিঠাদৰৰ কে চি ইঞ্জিনিয়াৰ কলেজৰ সমীপত উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ। উল্লেখ্য যে, শনিবাৰে যুৱক দুজন সন্ধানহীন হোৱা বুলি গোচৰ ৰুজু কৰা হৈছিল স্থানীয় আৰক্ষী থানাত।

৯. জম্মু-কাশ্মীৰৰ কোকাৰনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত এজন পি এছ অ'। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে পি এছ অ'গৰাকী।

১০. জম্মু-কাশ্মীৰৰ আদিগাম দেৱসৰ এলেকাত বোমা বিস্ফোৰণ। বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজন স্থানীয় লোক। লোক দুজন বৰ্তমান চিকিৎসাধীন। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু। আৰক্ষীৰ তদন্ত অব্যাহত।

১১. নিমাতীঘাটৰ পৰা মাজুলীলৈ সকলো ফেৰী সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুত হাৰত বৃদ্ধি হোৱালৈ চাই বন্ধ কৰা হৈছে ফেৰী সেৱাসমূহ।

১২. আগৰতলাত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বানৰ সৃষ্টি। বানৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ লোক।

১৩. দেওবাৰে পুৱা ভূমিকম্পই জোঁকাৰি গ'ল ইণ্ডোনেছিয়া। ৫.৮ প্ৰাবল্যৰ ভূমিকম্প অনুভূত ইণ্ডোনেছিয়াৰ হালমাহেৰা।

১৪. নেপালত ধাৰাসাৰ বৃষ্টিপাত, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ অব্যাহত। দেওবাৰলৈ ভূমিস্খলন আৰু বানত নিহতৰ সংখ্যা ৫০লৈ বৃদ্ধি। ইফালে, ২৫জনকৈ লোক গুৰুতৰভাৱে আহত আৰু ৩৩জন লোক সন্ধানহীন।

১৫. ছত্তীশগড়ত নিৰাপত্তাবাহিনী আৰু মাওবাদীৰ সংঘৰ্ষ। সংঘর্ষত নিহত দুটা মাওবাদী। ইফালে, আন দুটা মাওবাদীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তাবাহিনীয়ে।

১৬. বিহাৰৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। ৰাজ্যখনৰ দাৰভংগা আৰু মধুবাণী বৰষুণৰ ফলত বৰ্তমান বানৰ কৱলত।

১৭. ৰাষ্ট্ৰীয় ৰামনাথ কোবিন্দ দেওবাৰে উপস্থিত তিৰুমালাত। শ্ৰী ভেংকাতেশ্বৰ স্বামী মন্দিৰত পৰিয়ালৰ সৈতে পূজা-অৰ্চনা ৰাষ্ট্ৰপতিগৰাকীৰ।

১৮. দেওবাৰে নিশা ভূমিকম্পই জোঁকাৰিলে জম্মু-কাশ্মীৰ। নিশা প্ৰায় ৯.৫৬ বজাত ৩.৬ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় ৰাজ্যখনত।

১৯. দিল্লী আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে দুজন লোকক। সহকৰ্মীৰ পৰা ১০ লাখ টকা চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এই ব্যক্তি দুজনক।

২০. হাৰিয়ানাৰ আম্বালাত বিধ্বংসী অগ্নিকাণ্ড। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলায়। কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

২১. অহা ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি 'ছাহো'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

২২. উত্তৰপ্ৰদেশৰ মেহৰা পুৰব গাঁৱত হঠাৎ অহা বানৰ ফলত প্ৰায় শতাধিক পৰিয়ালে এৰি যাব লগা হয় নিজ নিজ বাসগৃহ। এন ডি আৰ এফ বাহিনীয়ে উক্ত অঞ্চলটোত বানত আৱদ্ধ প্ৰায় ৬৭জনকৈ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনে।

২৩. সোমবাৰে কংগ্ৰেছৰ বিধায়কসকলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক। বিভিন্ন ৰাজ্যত দলটোৰ বিধায়কসকলে দলত্যাগ কৰা সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা।

২৪. জম্মু-কাশ্মীৰৰ কঠুৱাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এহাল বৃদ্ধ দম্পতীক হত্যা কৰে নাতিয়েকে।

২৫. ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ফাইনেলত ইংলেণ্ডৰ বেন ষ্ট'কছক মেন অৱ দ্য মেচ হিচাপে ঘোষণা। ষ্ট'কছে ৮৪ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in