১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. কৃষি আইন বাতিল কৰি কৃষকক সন্মান প্ৰদৰ্শন কৰক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে। এই কটাক্ষ কৰিলে শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই।

২. ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১বৰ্ষৰ বাজেট অধিৱেশন। দুটা পৰ্যায়ত অনুষ্ঠিত হব এই অধিৱেশন।

৩. ১৬ জানুৱাৰীত দিল্লীত ৮১টা স্থানত প্ৰদান কৰা হব কোৰোনাৰ ভেকচিন। এই ঘোষণা অৰবিন্দ কেজৰিৱালৰ।

৪. শীতৰ প্ৰকোপৰ সমান্তৰালকৈ ডাঠ কুঁৱলীৰ আচ্ছাদনত স্বাভাৱিক জীৱন যাত্ৰাত প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজধানী নতুন দিল্লীত। ডাঠ কুঁৱলীৰ বাবে বিমান উৰণত বিলম্ব হোৱাৰ লগতে বাধাগ্ৰস্ত হৈছে যাতায়ত।

৫. ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশত আৰম্ভ হ'ব কোভিড ভেকচিনৰ প্ৰয়োগ। স্বাস্থ্যকৰ্মীসকলক প্ৰয়োগ কৰিব লগীয়া এই ভেকচিন কাৰ্যসূচী আৰম্ভ কৰিব স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৬. পৰম্পৰা ৰক্ষা কৰি উচ্চতম ন্যায়ালয়ৰ বাধা নেওচি বঢ়মপুৰত ম'হ যুঁজ অনুষ্ঠিত হ'ল। গোমোঠা গাঁৱৰ পথাৰত ২৫ জোৰা ম'হৰ যুঁজ চলিল।

৭. নিশা দুটাকৈ স্থানত সংঘটিত হ'ল বিধ্বংসী অগ্নিকাণ্ড। লামডিং ৰে'ল ষ্টেশ্যনৰ সমীপত এটা ৰখাই থোৱা দবাত লাগিল জুই।

৮. বনৰীয়া ম'হৰ আক্ৰমণত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বনাথ ঘাটত।

৯. ২৯ জানুৱাৰীৰ পৰা ৮ এপ্ৰিললৈ সংসদৰ বাজেট অধিবেশন৷ ২৯ জানুৱাৰীৰ পুৱা ১১ বজাত উভয় সদনক উদ্দেশ্যি ৰাষ্ট্ৰপতিৰ অভিভাষণ৷

১০. পুৱাতে মেজি জ্বলাই সকলোৰে মংগল কামনা প্ৰমোদ বড়োৰ। বিটিচি প্ৰধানজনে জন্ম গাঁও সৌৰাগুৰিত ৰাজহুৱা ভাবে পালন কৰে ভোগালী উৎসৱ।

১১. ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো ভোগালীৰ আনন্দ। আইফেল টাৱাৰ আৰ্হিত ভেলাঘৰ সাজি ফৰকাটিঙত ভোজভাত।

১২. ভোগালী বিহু উপলক্ষে ডিব্ৰুগড়ৰ বাসভৱনত মেজি জ্বলাই অগ্নি দেৱতাৰ আশীৰ্বাদ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

১৩. বৰপেটাৰ কলগাছিয়াত উলহ-মালহেৰে ভোগালী বিহু পালন। কৰ্তব্যৰ মাজতে ভোগালীৰ আনন্দ ল'লে কলগাছিয়া আৰক্ষীয়ে।

১৪. চৰকাৰৰ ভুলৰ বাবেই ভোগৰ ভোগালী উদযাপন কৰিব পৰা নাই বহু অসমীয়াই। এই অভিযোগ আনিলে ৰিপুণ বৰাই।

১৫. দেশৰ যাতায়াত ব্যৱস্থাত প্ৰথমবাৰৰ বাবে সংযোজন Air Taxiৰ। চণ্ডীগড়ৰ পৰা হিছাৰলৈ আৰম্ভ Air Taxi সেৱা।

১৬. মিৰ্জাত খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ। ৬ যাত্ৰীৰ অৱস্থা সংকটজনক।

১৭. ধুবুৰীত সক্ৰিয় গৰুৰ ছিণ্ডিকেট চক্ৰ। গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ ১৭ টাকৈ গৰু।

১৮.বটদ্ৰৱাৰ ন-সত্ৰত হত্যাকাণ্ড। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।

১৯. ন্যায়ালয়ৰ ৰায়ৰ পিছতে উকা হৈ পৰিল হাজোৰ বুলবুলি চৰাই যুঁজৰ বাকৰি। বিগত ৫ বছৰ ধৰি বন্ধ হৈ আছে বুলবুলি চৰাইৰ যুঁজ।

২০. পাঠশালা দিব্যাংগ শিশুগৃহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তপোবন শিশুগৃহক পূৰ্ণাংগ বিদ্যালয়লৈ উত্তৰণৰ আশ্বাস।

২১. মেজিৰ জুইয়ে বিটিআৰ অঞ্চলৰ সমস্যাসমূহ আঁতৰ কৰিব' : বিটিচি প্ৰধান প্ৰমোদ বড়ো

২২. তিনিদিনীয়া ভ্ৰমণ সূচীলৈ আজি ভাৰতৰ ৰাজধানী দিল্লীত উপস্থিত হৈছে নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালী।

২৩. অৱশেষত চীনৰ য়ুহান প্ৰদেশত উপস্থিত হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয়া বিশেষজ্ঞৰ দল।

২৪. হোজাইৰ দেৱস্থানত জঘন্য কাণ্ড। ৬৫ বছৰীয়া হৰিপদ দেৱনাথৰ কামনাৰ বলি এটি শিশু।

২৫. ইখনৰ পিছত সিখন ৰাজ্যলৈ বিয়পিছে বাৰ্ড ফ্লু। দেশৰ ১০খন ৰাজ্যলৈ সংক্ৰমণ পক্ষীজ্বৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in