১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কটনৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ । হোষ্টেল সমূহ ছেনিটাইজেচন আৰু মেৰামতি নকৰি শিক্ষাৰ্থীৰ বাবে হোষ্টেল মুকলি কৰিবলৈ লোৱাত প্ৰতিবাদত নামিছে কটনিয়ান।

২. বৃহস্পতিবাৰে আছুৰ পৰা লুৰিণজ্যোতি গগৈক আনুষ্ঠানিক বিদায় ।মুগাৰ গামোচা, চেলেং চাদৰ, জাপি, ফুলৰ তোৰাৰে বিদায় দিলে লুৰিণ জ্যোতি গগৈক ।লুৰীনৰ হাতত তুলি দিলে আছুৰ স্মাৰক, শৰাই, সম্বৰ্ধণা পত্ৰ ।

৩. এপিডিচিএল ব্যক্তিগত কৰনৰ বাবে প্ৰতিবাদ । বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদ বিৰোধী ৰাজনৈতিক দলসমূহৰ । প্ৰতিবাদত অংশ লয় শ শ প্ৰতিবাদ কাৰীয়ে ।

৪. আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে প্ৰেৰনা বঁটা প্ৰদান কৰে গুমৰীয়া পথাৰ উচ্চ বিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ লোকনাথ চন্দক ।

৫. গুৱাহাটী মহানগৰীৰ ড্ৰাগছৰ ঘাটিত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান । ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগত দুই ব্যৱসায়ীক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ কৰা দুই ব্যৱসায়ীৰ নাম দুজন চনু আগৰৱালা আৰু বিনায়ক চামচুখা । দুই ব্যৱসায়ীৰ পৰা ১২ লাখ নগদ ধন জব্দ ।

৬. বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । অধ্যক্ষ গৰাকীয়ে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত সমূহ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল । যুৱতী গৰাকীয়ে সোমবাৰে দাখিল কৰিছে এজাহাৰ ।

৭. অসমৰ আগন্তুক ২০২১ বৰ্ষত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰএচএচে উত্তৰ পূৰ্বৰ ৰাজ্য কেইখন ৰাজনীতি সম্পৰ্কে বিচাৰ কৰিবলৈ অব্যাহত ৰাখিছে। ইয়াৰ বাবে মোহন ভাগৱতে ৭ দিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে অসমত উপস্থিত হৈছে।

৮. আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই নিৰ্মান কৰিব অসমীয়া জাতিৰ বীৰ পুৰুষ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনক লৈএখন ছবি ।

৯. বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ দিছপুৰৰ চৰকাৰী আৱাসত আয়োজন কৰা হয় । বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে আদ্য শ্ৰাদ্ধৰ আয়োজন কৰে পৰিয়ালে । সচিবালয়ৰ সমীপত ৰাইজৰ বাবে থাকিব শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থাগুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ জনাব পাৰিব শ্ৰদ্ধাঞ্জলি ।

১০ . ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ কৰে আৰক্ষী বিষয়া । ডিএছপি ফুলকন নাৰ্জাৰীক আক্ৰমণ কৰে মাফিয়াই । কামৰূপৰ চাংসাৰিৰ পিয়লিখাটাত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা ।

১১. তামিলনাডুত আকৌ ১৪১৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৮৬১৬৩জনলৈ পাইছে বৃদ্ধি।

১২. পশ্চিমবংগৰ চৰকাৰী কলেজ-বিদ্যালয়ত উচ্চতৰ মাধ্যমিক অধ্যয়নৰত ৯.৫ লাখ ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব টেবলেট কম্পিউটাৰ। এই ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

১৩. ৰাজস্থানত এতিয়ালৈকে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৭৪৪৮৬জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত বৃহস্পতিবাৰে ২০৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৪. পশ্চিমবংগত কোৰোনাৰ আৰটি-পিচিআৰ টেষ্ট ব্যক্তিগত লেব কৰিবলৈ দিব লাগিব ৯৫০ টকা। এই ঘোষণা মমতা বেনাৰ্জীৰ।

১৫. পুডুচেৰীত শুকুৰবাৰে বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়। ধাৰাসাৰ বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰী চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

১৬. হাৰিয়ানাৰ কৰ্ণাল জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৭.৫ কেজি ওজনৰ নিচাজাতীয় সামগ্ৰী।

১৭. দিল্লীৰ গাজিপুৰ সীমান্তত কৃষকসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদকাৰীসকলক বাধা দিছে আৰক্ষীয়ে।

১৮.  'মোৰ পৰিচয় হ'ল মই পশ্চিমবংগৰ সন্তান, মই ভাৰতৰ সন্তান। মই সদায় পশ্চিমবংগবাসীৰ বাবে যুঁজি যাম।'- এই মন্তব্য প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী সুভেন্দু অধিকাৰীৰ।

১৯. বৃহস্পতিবাৰে পুডুচেৰীত নতুনকৈ ৪২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৭১১৯জনলৈ পাইছে বৃদ্ধি।

২০. বাংগালুৰুত গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক। নেডাৰলেণ্ডৰ পৰা আনিছিল ড্ৰাগছ। আৰক্ষীয়ে লগতে জব্দ কৰিছে ড্ৰাগছ।

২১. বৃহস্পতিবাৰে ভূমিকম্পই জোকাৰি গ'ল লাডাখ। ৩.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় লাডাখত।

২২. কৰ্ণাটকত আকৌ ১৪৪৬জনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮৯১১৩জনলৈ পাইছে বৃদ্ধি।

২৩. যোৱা ২৪ ঘন্টাত দিল্লীত নতুনকৈ ৩৭৩৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰ বিপৰীতে এই সময়চোৱাত ৪৮৩৪জন সুস্থ হোৱাৰ লগতে মৃত্যু হয় ৮২জন লোকৰ।

২৪. অন্ধ্ৰপ্ৰদেশত আকৌ ৬৬৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১১জনকৈ লোকে হেৰুৱাই প্ৰাণ।

২৫. মহাৰাষ্ট্ৰত আকৌ ৫১৮২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৮৩৭৩৫৮জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in