১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত সোমবাৰে পুনৰ ১৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১২৭৭৬জনলৈ পাইছে বৃদ্ধি।

২. প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হয় ।দেউৰী পিপলছ জাষ্টিচ ফ'ৰামে প্ৰদান কৰে এই বঁটা ।বঁটা গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

৩. ২০২১ বৰ্যৰ ১ জানুৱাৰীৰ পৰা পাচদিনীয়াকৈ অনুষ্ঠিত হব একাদশ বাৰ্ষিক চানডুবি উৎসৱ।কা আন্দোলনৰ বাবে ২০২০ বৰ্ষত অনুষ্ঠিত নহ'ল চান্দডুবি উৎসৱ ।

৪. আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে জেইই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ।১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ প্রদীপ কুমাৰক। দেওবাৰে দিল্লীৰ পৰা প্রদীপ কুমাৰক গ্রেপ্তাৰ কৰে অসম আৰক্ষীয়ে ।

৫. বিটিচি নিৰ্বাচনৰ বিপিএফ দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি । ওদালগুৰিত দলটোৱে মুকলি কৰে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ । ওদালগুৰিৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত ইস্তাহাৰ মুকলি কৰে দলটোৱে ।

৬. সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় নৱনিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে নতুন সকলো কাৰ্যনিৰ্বাহক সদস্যসকলৰ পৰিচয় পৰ্ব অনুষ্ঠিত হয় আৰু তাৰপাছতে নতুনক কমিটিক দায়িত্বভাৰ অৰ্পণ কৰে পুৰণি কমিটিয়ে।

৭. কাৰ্বি আংলঙৰ মানজাৰ আপাৰ মহংদিজোৱাত ভয়ংকৰ দুৰ্ঘটনা।৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখী সংঘৰ্ষ। দুৰ্ঘটনাত কমেও ৪ জন লোক থিতাতে নিহত।

৮. সোমবাৰে দৃশ্যমান হয় বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। ভাৰতৰ পৰাও সম্পূৰ্ণৰূপে দৃশ্যমান হয় এই চন্দ্ৰগ্ৰহণ।এইবাৰৰ চন্দ্ৰগ্ৰহণক উপছায়া চন্দ্ৰগ্ৰহণ বুলি নামাকৰণ কৰা হৈছে। ভাৰতত গ্ৰহণ বিয়লি ১.০৪ বজাৰ পৰা আৰম্ভ হৈ সামৰণি হয় সন্ধিয়া ৫.২২ বজাত।

৯. যিসকলৰ ঘৰত গাড়ী, টেক্টৰ আৰু ফ্ৰীজ আছে তেনে লোকসকলে অৰুনোদয় আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। এই সন্দৰ্ভত নিয়মাৱলী থকাৰ কথাও ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, মঙলবাৰে আমিনগাঁৱত এই আচনিৰ উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

১০. যমুনামুখৰ কাহাৰ গাওঁত মাটি খান্দোতে ৰাধা-কৃষ্ণৰ মূৰ্তি ওলাই ।ৰাধা-কৃষ্ণৰ মূৰ্তি উদ্ধাৰক লৈ চাঞ্চল্য গাওঁ খনত ।মূৰ্তি চাবলৈ ভিৰ কৰিলেগৈ অলেখ অজস্ৰ জনে ভিৰ কৰাৰ লগতে পূজা পাতল কৰে গাওঁ ৰাইজে ।

১১. ৰূপহীহাটত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান । অভিযানত ৰূপহী-নলতলী ঘাইপথৰ পৰা ১৮ টা গৰু জব্দ কৰে আৰক্ষীয়ে ।তেজপুৰৰ ইটাখোলাৰ পৰা ৰূপহী অভিমুখে আহি আছিল গৰুভৰ্তি ট্ৰাকখন। AS 01DC3393 নম্বৰৰ এখন ট্ৰাকো জব্দ কৰে আৰক্ষীয়ে।

১২. উত্তৰাখণ্ডত আকৌ ৪৫৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। এতিয়ালৈকে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৪,৭৯৫জনলৈ পাইছে বৃদ্ধি।

১৩. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই  বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ১৩৫জন লোক আক্ৰান্ত হৈছে কোৰোনাত।

১৪. ৰাজস্থানত ২৬৮০৬৩জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ২৬৭৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৫. তামিলনাডুত আকৌ ১৪১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৮১৯১৫জনলৈ পাইছে বৃদ্ধি।

১৬. সোমবাৰে বাৰানসীৰ কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। মন্দিৰত পূজা অৰ্চনা কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

১৭. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন। পাক সেনাই পঞ্চ জিলাৰ শ্বাহপুৰত গুলীবৰ্ষণ কৰে। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৮. নিৰানকাৰি সমাগম খেলপথাৰত অব্যাহত আছে কৃষক সকলৰ প্ৰতিবাদ কাৰ্যসূচী। কৃষি আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে।

১৯. যোৱা ২৪ ঘন্টাত উত্তৰপ্ৰদেশত নতুনকৈ ২০৪৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৯জন লোকৰ মৃত্যু।

২০. মধ্যপ্ৰদেশত আকৌ ১৩৮৩জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে ১০৬১২৮জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. অন্ধ্ৰপ্ৰদেশত আকৌ ৩৮১জনৰ দেহত  ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত সোমবাৰে কোৰোনাত আক্ৰান্ত ৪জনৰ লোকৰ মৃত্যু হয়।

২২. কৰ্ণাটকত আকৌ ৯৯৮জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি বৰ্তমানলৈ ৮৮৪৮৯জনলৈ বৃদ্ধি পাইছে কৰ্ণাটকত কোৰোনাত আক্ৰান্তৰ সংখ্যা।

২৩. মুম্বাইত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২৮৩৪৬০জনলৈ পাইছে বৃদ্ধি। মহানগৰীখনত সোমবাৰে ৬৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২৪. অসমত সোমবাৰে কোৰোনাত আক্ৰান্ত ১১০জন লোক সুস্থ হয়। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈছে ২০৮৩৯৩জন লোক।

২৫. নলবাৰীৰ সু-সন্তান, ঐতিহ্যমণ্ডিত গৰ্ডন স্কুলৰ প্ৰাক্তন কৃতী প্ৰধান শিক্ষক মণিৰাম দাসৰ ৫৯ সংখ্যক মৃত্যু দিৱস উপলক্ষে নলবাৰীৰ দক্ষিণ ৰাজনগৰ উন্নয়ন সমিতিৰ উদ্যোগত আজি এখন বিশেষ সভাৰ আয়োজন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in