১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নৱগ্ৰহই হ'ব তৰুণ গগৈৰ অন্তিম ঠিকনা। ২৬ নবেম্বৰৰ দিনা পঞ্চভূতত বিলীন হ'ব অসমৰ অন্যতম জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। 

২. বদুই ছাত্ৰ কলং নদীত নিখোজৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱৰ চকৰিগাঁৱত। বুধবাৰে দুপৰীয়া চকৰিগাঁও মজলীয়া বিদ্যালয়ৰ ছাত্র দুজন কলঙত গা ধুই থকা সময়তে নিখোজ হয়।

৩. ২৬ নৱেম্বৰত দিনটো অসম চৰকাৰে অৰ্ধ ছুটী ঘোষণা কৰিছে। দিনৰ ১ বজাৰ পৰা বন্ধ থাকিব সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান। তৰুণ গগৈৰ শেষকৃতৰ বাবে ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছে এই অৰ্ধ বন্ধ।

৪. ধবাৰে নলবাৰী বিদ্যাপুৰ নিবাসী মুক্তি যোদ্ধা কৃতী শিক্ষক প্ৰয়াত গণেশ্বৰ শৰ্মা ভাগৱতীৰ সহধৰ্মিনী ধৰ্মপ্ৰাণা মহিলা অন্নপূৰ্ণা দেৱী ভাগৱতীৰ গুৱাহাটী খানাপাৰাস্থিত বাসগহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। 

৫. কোৰোনা ভাইৰাছৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা ঘটনা আৰু সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ মাজতে পঞ্জাৱ চৰকাৰে ৰাজ্যত ১৫ দিনৰ বাবে নিশাৰ কাৰ্ফিউ জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাঞ্জাৱৰ প্ৰতিখন চহৰত ১৫ ডিচেম্বৰ পৰ্যন্ত নিশা এই কাৰ্ফিউ জাৰি কৰা হৈছে। এই কাৰ্ফিউৰ সময়সীমা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ। 

৬. অসমত পুনৰ কোৰোনাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৮জনলৈ পাইছে বৃদ্ধি।

৭. কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ মণিপুৰৰ পৰা অহা এখন ট্ৰাকৰ পৰা জব্দ হল প্ৰায় দুই কোটি টকাৰ নিচাৰ টেবলেট ৷কাছাৰ জিলাৰ অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত জব্দ হল বৃহৎ পৰিমাণৰ ইয়াবা নামৰ নিচা জাতীয় টেবলেট৷

৮. কামৰূপ জিলাৰ বকোত যোৱা নিশা হোৱা এক পথ দুৰ্ঘটনাৰ ফলত এজন যুৱকৰ থিতাতে মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকোৰ শালনীবাৰীৰ নিশা প্ৰায়১১বজাত গাড়ীয়ে মটৰ চাইকেলখনত তীব্ৰবেগেৰে খুন্দা মাৰে।

৯. হিমাচলপ্ৰদেশত নতুনকৈ ৮৩৭জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৬,৫৬৬জনলৈ পাইছে বৃদ্ধি।

১০. পশ্চিমবংগৰ বিজেপি সভাতি দীলিপ ঘোষৰ ওপৰত আক্ৰান। টিএমচি কৰ্মীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতাগৰাকীয়ে।

১১. ঝাৰখণ্ডত নতুনকৈ ২৩৭জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৮১৫৮জনলৈ বৃদ্ধি পাইছে।

১২. আৰ্জেন্টিনাৰ ফুটবলৰা ডিয়েগ' মাৰাডোনা আৰু নাই। হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ফুটবলাৰগৰাকীৰ।

১৩. যোৱা ২৪ ঘন্টাত পশ্চিমবংগত নতুনকৈ ৩৫২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৫১জন লোকৰ মৃত্যু হয়।

১৪. হাৰিয়ানাত নতুনকৈ ২১৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২৪৪৮৯জনলৈ পাইছে বৃদ্ধি।

১৫. অসমত বুধবাৰে নতুনকৈ ১৮২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই উক্ত দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১১৭জন লোক সুস্থ হয়।

১৬. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ দুজন লোকক। প্ৰায় ৯০ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোক দুজনক।

১৭. পুডুচেৰিৰ বিভিন্ন স্থানত ধাৰাসাৰ বৃষ্টিপাত। পুডুচেৰিত হোৱা বৃষ্টিপাতৰ ফলত সৃষ্টি হয় বিভিন্ন বাট-পথত কৃত্ৰিম বানৰ।

১৮. দিল্লীত নতুনকৈ ৫২৪৬ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ৯৯জনৰ মৃত্যু।

১৯. পঞ্জাৱত আকৌ নতুনকৈ ৭৮৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৮৪৩৫জনলৈ পাইছে বৃদ্ধি।

২০. মুম্বাইত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৭৮৫৯০জনলৈ পাইছে বৃদ্ধি। মহানগৰীখনত নতুনকৈ ১১৪৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২১. ছণ্ডীগড়ত বুধবাৰে ৮৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে ১৬৯২৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২২. মহাৰাষ্ট্ৰত বুধবাৰে পুনৰ ৬১৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৭৯৫৯৫৯জনলৈ পাইছে বৃদ্ধি।

২৩. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ১৯৩জনৰ দেহত ধৰা পৰিছে কোবিড পজিটিভ।

২৪. জনপ্ৰিয় ফুটবল খেলুৱৈ ডিয়েগ' মাৰাডোনা আৰু নাই। হৃদক্ৰিয়া বন্ধ হৈ পৰাৰ ফলত মৃত্যু হয় আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল খেলুৱৈগৰাকীৰ। নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ।

২৫. ৰাজস্থানত নতুনকৈ ৩২৮৫ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ২৫৩৭৬৭জনলৈ ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in