১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰ সম্পাদকৰূপে নিৰ্বাচিত হল শংকৰজ্যোতি বৰুৱা।ইফালে সভাপতি হিচাপে নিৰ্বাচিত হল পূৰ্বৰ সভাপতি দিপাংক নাথ। নিৰ্ধাৰিত সময় অনুসৰি বিষয় বাচনি সভা নহল দুলীয়াজানত।

২. গগৈৰ স্বাস্থ্য কালিতকৈ উন্নত যদিও সংকটজনক অৱস্থাতে আছে। গগৈৰ অক্সিজেনৰ মাত্ৰা বৰ্তমান ৯৫ৰ পৰা ৯৭ৰ ভিতৰত ।

৩. দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিশ্বজিত দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী।উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

৪. ২০২৪ চনত অনুষ্ঠিত হ'ব লগীয়া পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ডিচেম্বৰত ১২০ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশজুৰি ভ্ৰমণ আৰম্ভ কৰিব ।

৫. বিটিআৰৰ ১৬ টা বিভিন্ন উমৈহতীয়া মঞ্চ সমন্বয়ৰক্ষী সমিতিৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰবিবৰে এক বৈঠকত মিলিত হয় । বৈঠকত সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আগন্তুক বিটিআৰ নিৰ্বাচন সুকলমে অনুষ্টিত কৰাৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই।

৬.সোমবাৰে ১২ ঘন্টীয়া মধ্য অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ তিৱা স্বায়ত্ত পৰিষদে। ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে উক্ত নিৰ্বাচন অগণতান্ত্ৰিক আৰু অবৈধ আখ্যা দি এই নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছে তিৱা ছাত্ৰ সন্থাই।

৭. গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি ধন লুট।অৱসৰপ্ৰাপ্ত বিষয়া জনৰ নাম সনাতন দেৱ শৰ্মা ।ডকাইতৰ দলে লুটি নিলে নগদ ৩ লাখ টকা ।

৮. প্ৰবল ধুমুহাই নিশা কোবাই গ'ল নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত । ধমধমাকে আদি কৰি কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ধুমুহাৰ ফলত । ধুমুহাই উৰুৱাই নিলে বহু পৰিয়ালৰ বাসগৃহ । ধুমুহাৰ ফলত উভালি পৰিল বিদ্যুতৰ খুঁটা, ডাঙৰ ডাঙৰ গছ ।

৯. ধেমাজিৰ পৰা বায়ু প্ৰদূষণ ৰোধৰ লগতে ইক' টুৰিজিম'ৰ বাবে সজগতা বৃদ্ধিৰ উদ্দেশ্যে চাইকেলৰেলী । এখন ৩৭ বছৰীয়া চাইকেল লৈ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে চাইকেলৰে ভ্ৰমণ কৰিছে ধেমাজিৰ যুবক ত্ৰিবেণী ৰঞ্জন গগৈয়ে ।

১০ . দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কঠোৰ ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত কৰা হ'ল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষা।বিগত ২০ ছেপ্তেম্বৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে পুণৰ অনুষ্ঠিত কৰা হয় এছ আই পৰীক্ষা।

১১. প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ সামান্য উন্নতি । বৰ্তমান GMCHৰ মেকানিকেল ভেণ্টিলেশ্যনত চিকিত্‍সাধীন তৰুন গগৈ । তৰুন গগৈৰ কাষত উপস্থিত পুত্ৰ গৌৰৱ গগৈসহ জীয়াৰী-বোৱাৰী।

১২. কামৰূপৰ নগৰবেৰাত সংঘটিত হ'ল চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মাৰণাস্ত্ৰ দেখুৱাই ৩ দুৰ্বৃত্তই এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা লুট কৰি নিলে তিনি লক্ষাধিক টকা।

১৩. AMCHৰ নতুন অধ্যক্ষ নিযুক্তি । ডাঃ সঞ্জীৱ কাকতিক অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে । পূৰ্বৰ অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ গোস্বামীক মনোৰোগ বিভাগলৈ বদলি কৰা হয় । চিকিতসা মহাবিদ্যালয়খনৰ অধীক্ষক হিচাপে ডাঃ প্ৰশান্ত দিহিঙীয়াক নিযুক্তি প্ৰদান কৰে ।

১৪. সোমবাৰে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নগেন কোঞৰৰ জন্মদিন । ৭৯ বছৰত ভৰি দিব বিশিষ্ট সাহিত্যিক গৰাকী । ওপজা দিনৰ লগত সংগতি ৰাখি কবি-সাংবাদিক-সমালোচক বিপুল কুমাৰ দিহিঙ্গীয়াৰ প্ৰচেষ্টাত সৃষ্টি প্ৰকাশৰ সহযোগত বিশিষ্ট সাহিত্যিক গৰাকী কবিতা,গীতি- কবিতা আৰু প্ৰৱন্ধ সংকলন তিনিখন গ্ৰন্থ উন্মোচন কৰিব।গহপুৰৰ সতীৰ্থ সংগমত আয়োজন কৰা হৈছে এই উন্মোচনী অনুষ্ঠানৰ ।

১৫. অসমীয়া ছবিজগতক মহানায়ক বিজু ফুকন বিহীন তিনিটা বছৰ পাৰ হল। সহস্ৰজন অনুৰাগীক শোকসাগৰত পেলাই ২২ নৱেম্বৰ, ২০১৭ত আতঁৰি গৈছিল বিজু ফুকন। ৭০ বছৰ বয়সত মৃত্যু হোৱা বিজু ফুকনৰ দেহৱসানৰ খবৰ পাই সেইদিনটোত এপল' হস্পিটেল, গুৱাহাটীৰ চৌহদত হাহাঁকাৰ কৰিছিল গুণমুগ্ধসকলে।

১৬. পশ্চিমবংগত আকৌ ৩৫৯১ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত নতুনকৈ ৪৫৬৩৬১জনলৈ পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

১৭. দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫২৯৮৬৩জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ৬৭৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিব।

১৮. দিল্লীত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ৬ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৯. হিমাচলপ্ৰদেশত যোৱা ২৪ ঘন্টাত ৬২৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত সুস্থ হৈছে ৬৪৪জন লোক।

২০. মেঘালয়ত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৮৯৪জন ৰোগী। ইফালে, সুস্থ হৈছে ১০৩৩৫জন লোক।

২১. উত্তৰাখণ্ডৰ ৰাজ্যপালৰ বেবী ৰাণী মৌৰিয়াৰ দেহত ধৰা পৰে কোভিড পজিটিভ। টুইটাৰযোগে খোদ এই কথা সদৰী কৰে তেওঁ।

২২. কৰ্ণাটকত নতুনকৈ ১৭০৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৭৩০৪৬জনলৈ পাইছে বৃদ্ধি।

২৩. চুবুৰীয়া ৰাজ্য মুম্বাইত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। মহানগৰীখনত নতুনকৈ ১১৩৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২৪. মণিপুৰত যোৱা ২৪ ঘন্টাত ৩৮৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱাই প্ৰাণ।

২৫. জম্মু-কাশ্মীৰত নতুনকৈ ৫৬৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ২৭৪জন জম্মু আৰু ২৯০জন কাশ্মীৰ ডিভিজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in