১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. উত্তৰ পূৰ্বাঞ্চলৰ দুজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পুৰুষ দলত অংশ লোৱাৰ সুযোগ লাভ কৰিছে। এই দু়জন খেলুৱৈ হ'ল অসমৰ জন মাৰক আৰু মণিপুৰৰ মেইবাম চিংকহেইনগানবা।

২. কাৰ্বি ছাত্ৰ সংগঠন কেএছএ-য়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা এক বৈঠকৰ নিশ্চিত প্ৰদান কৰাৰ পিছত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে।

৩. ষ্টেট বেংকে বিভিন্ন বিভাগত তিনিবছৰৰ বাবে ৮,৫০০ পদৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে। আগ্ৰহী আবেদনকাৰীয়ে ষ্টেষ্ট বেংক অৱ ইণ্ডিয়াৰ sbi.co.in লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিব।

৪. মেঘালয় চৰকাৰে পশ্চিম গাৰু পাহাৰত আৱৰ্জনা জ্বলোৱা নিষিদ্ধ কৰিছে। কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।

৫. আলফাৰ সদ্য আত্মসমৰ্পনকাৰী নেতা দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত আলফাৰ এটা দলে পাকিস্তানত অস্ত্ৰ প্ৰশিক্ষণ লৈছিল বুলি সদৰী কৰিছে নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াই।

৬. মেঘালয়ৰ গৰু সৰবৰাহকাৰী চক্ৰটোৰ লগত ড্ৰাগছ সৰৱৰাহকাৰী এটা চক্ৰ জড়িত হৈ আছে। বিএছএফ বাহিনীয়ে জানিবলৈ দিয়ে এই কথা।

৭. যোৰহাটত ৮ টা চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২০টাকৈ বাসগৃহ।

৮. ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। দেওবাৰে বিজেপিত যোগদান কৰিব বিপিএফৰ প্ৰাক্তন নেতাজনে।

৯. অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈ জিএমচিএইচত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব, স্বাস্থ্য মন্ত্ৰীকে ধৰি বহু কেইজন ব্যক্তি।

১০. অসমত কোৰোনাত আক্ৰান্ত আকৌ দুজন লোকৰ মৃত্যু। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৩জনলৈ পাইছে বৃদ্ধি।

১১. পশ্চিমবংগত নতুনকৈ ৩৬৩৯জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত ৪৫২৭৭০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১২. দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫২৩১১৭জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত নতুনকৈ শনিবাৰে ৫৮৭৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৩. অসমত নতুনকৈ ২২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৪২৭জনলৈ পাইছে বৃদ্ধি।

১৪. ভুপালত ৰ'ক ট'ক অভিযান। শিল্পীসকলে যম আৰু চিত্ৰগুপ্তৰ বশত কৰে বাটৰ নাট। যাতে সৰ্বসাধাৰণ ৰাইজে মাস্ক পৰিধানৰ প্ৰয়োজনীয়তা বুজি উঠে।

১৫. মুম্বাইত নতুনকৈ ১০৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৭৪৫৭২ জনলৈ পাইছে বৃদ্ধি।

১৬.কৰ্ণাটকত নতুনকৈ ১৭৮১জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৭১৩৪২জনলৈ পাইছে বৃদ্ধি।

১৭. শনিবাৰে মহাৰাষ্ট্ৰত নতুনকৈ ৫৭৬০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত শনিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ৬২জন লোকে হেৰুৱাই প্ৰাণ।

১৮. শনিবাৰে তামিলনাডুত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণ সূচীৰে তামিলনাডুত উপস্থিত অমিত শ্বাহ।

১৯. মধ্যপ্ৰদেশত নতুনকৈ ১৭০০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯১২৪৬জনলৈ পাইছে বৃদ্ধি।

২০. মুম্বাইৰ নায়েৰ হাস্পতালত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।

২১. জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন। দেগৱাৰ এলেকাত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

২২. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনা সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ শনিবাৰে ২৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২৩. মহাৰাষ্ট্ৰৰ পুনেত শনিবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। প্ৰায় ৩৭ কেজি ওজনৰ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে লোক দুজনক।

২৪. শনিবাৰে উত্তৰাখণ্ডত নতুনকৈ ৫৮৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই দিনটোত কোৰোনাত আক্ৰান্ত ৮জন লোকৰ মৃত্যু।

২৫. যোৱা ২৪ ঘন্টাত গুজৰাটত নতুনকৈ ১৫১৫জনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে সুস্থ হয় ১২৭১জন লোক। ইফালে, এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৯জন লোকে হেৰুৱাই প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in