১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১.বুধবাৰৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হয় ১৬৯ গৰাকী লোক । ইপিনে বুধবাৰৰ দিনটোত সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতে ২১০ গৰাকী । বুধবাৰৰ দিনটোত মৃত্যু হয় ৩ গৰাকী লোকৰ ।

২.এপিএছচি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ জামিন নাকচ ।বিশেষ ন্যায়ধীশৰ আদালতে নাকচ কৰে জামিন । এপিএছছি কেলেংকাৰীত অন্যতম অভিযুক্ত বসন্ত দলেৰ জামিন ।বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা বাহিৰ ওলাব এপিএছচিৰ প্ৰাক্তন সদস্য গৰাকী।

৩.প্ৰকাশ কৰা হ'ল ২০২১ বৰ্ষত অনুষ্ঠিত হ'ব লগা বিধান সভা নিৰ্বাচনৰ ভোটাৰ তালিকাৰ খচৰা । মুঠ ভোটাৰৰ সংখ্যা ২২৪৩৯৫২২ জন । ইয়াৰে ১১৪২৫৭৪৮ গৰাকী পুৰুষ ভোটাৰ আৰু ১১০১৩৭৭৪ গৰাকী মহিলা ভোটাৰ ।

৪.মিৰ্জাৰ অসমীয়া প্ৰতিদিন সাংবাদিক মিলন মহন্তক বিদ্যুতৰ খুঁটাত বান্ধি লৈ এদল মাফিয়াই দিনৰ পোহৰত চলোৱা নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ই স্তম্ভিত কৰি তুলিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সাংবাদিক মহলক ।

৫.জুবিনৰ ৪৮ সংখ্যক জন্মদিন উপলক্ষে বিশেষ পত্ৰিকা উন্মোচন কৰা হয় । 'আলাপ জীৱন' নামৰ পত্ৰিকা উন্মোচন কৰে জুবিন গাৰ্গে ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জুবিন অনুৰাগীৰ লেখনি সমৃদ্ধ এই পত্ৰিকা খন ।

৬.নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 সম্পৰ্কে এক আলোচনা চক্ৰ শিশু শিক্ষা সমিতিৰ প্ৰান্তীয় কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়।  উক্ত সভাত বিদ্যা ভাৰতীৰ কেন্দ্ৰীয় কার্যকৰিণীৰ সহ সংগঠন মন্ত্ৰী গোবিন্দ চন্দ্ৰ মহন্ত উপস্থিত থাকে ।

৭. গুৱাহাটী ক্লাবৰ ৰটাৰীত কা বিৰোধী সমন্বয় সমিতিৰ প্ৰতিবাদ। কা প্ৰত্যাহাৰ আৰু চূড়ান্ত এনআৰচি প্ৰকাশৰ দাবীত সাৱস্ত্য কৰে এই প্ৰতিবাদ।কা বিৰোধী সকলো কাৰাবন্দী কো মুক্তি দিয়াৰ দাবী জনাই প্ৰতিবাদ কাৰীয়ে।

৮.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা-২০২০ৰ বাবে বিশিষ্ট প্ৰকাশক-সম্পাদক প্ৰদীপ বৰুৱাক মনোনীত কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ২১ নবেম্বৰৰ সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ বীৰেন্দ্ৰ ভৱনত আয়োজন কৰা হৈছে এই বঁটা প্ৰদান অনুষ্ঠান। 

৯.মিৰ্জাৰ সাংবাদিক মিলন মহন্তক কৰা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। বুধবাৰে মিৰ্জাৰ মামনী ৰয়ছম গোস্বামী চ'কত ই পি মিডিয়া ফ'ৰাম, দক্ষিণ কামৰূপ আৰু দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

১০. নেপালৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে চীনৰ বিৰোদ্ধে। চীনৰ বৈদেশিক সচিব হোও য়ানকিৰ সতে নেপালৰ প্ৰধানমন্ত্ৰী পি এম অ'লিৰ ২ঘন্টীয়া বৈঠক।

১১. মুম্বাই প্ৰতিদিনে গড় হিচাপত এগৰাকী কিশোৰ বা কিশোৰী কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ৪০ অনুৰ্ধৰ বৰ্তমানলৈকে ৫১৩ জন লোকৰ কোৰোনাত মৃত্যু হৈছে।

১২.মধ্যপ্ৰদেশৰ বলাঘাটত দূৰ্গা পূজাৰ চান্দাত ৫০ টকাকৈ কম দিয়াৰ বাবে ১৪ঘৰ আদিৱাসী লোকক গাওঁৰ পৰা বহিস্কাৰ কৰে।

১৩.গোৱাৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল মৃদুলা সিংহাৰ ৭৭ বছৰ বয়সত মৃত্যু হয়। তেওঁ বিজেপি মহিলা শাখাৰো দায়িত্ব পালন কৰিছিল।

১৪.নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ একেলেঠাৰিয়ে হোৱা আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা হোৱা আত্মহত্যাৰ ঘটনা ৩০০ৰো অধিক।

১৫. হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী অনিল ভিজে বুধবাৰে টুইট কৰিছে যে, তেওঁ ভাৰত বায়টেক কোৰোনা ভাইৰাছ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ প্ৰথম স্বেচ্ছাসেৱক হ'বলৈ প্ৰস্তুত।

১৬.ভাৰতীয় সেনাই শীতকালতো লাডাখত তেওঁলোকৰ দায়িত্ব অব্যাহত ৰাখিবলৈ কিছুমান বিশেষ কোঠা নিৰ্মাণ কৰা হৈছে। অঞ্চলটোৰ তাপমাত্ৰা মাইনাচ ৪০ ডিগ্ৰীলৈ হ্ৰাস হোৱাৰ পিছত তেওঁলোকক সেইঘৰ সমূহলৈ স্থানান্তৰিত কৰা হ'ব।

১৭ বোম্বে উচ্চ ন্যায়ালয়ে ভৰাভৰা ৰাওক তেওঁৰ চিকিৎসাৰ বাবে ১৫ দিনৰ বাবে মুম্বাইৰ নানাৱতী হস্পিতেললৈ স্থানান্তৰিত কৰা হৈছে। উল্লেখ যে তেওঁক এলগাৰ পৰিষদ ঘটনাৰ সতে সংযোগ থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

১৮. ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ ভোট গ্ৰহণ।এপ্ৰিল মাহতে অনুষ্ঠিত হব লগা এই নিৰ্বাচন কোৰোনা ভাইৰাছৰ সংকটৰ বাবে পিছুৱাব লগা হৈছিল।

১৯. ত্ৰিপুৰা ট্ৰাইবেল কাউঞ্চিলত আৰু ৬ মাহলৈ বৃদ্ধি কৰা হৈছে ৰাজ্যপালৰ শাসন।এতিয়ালৈকে ৰাজ্যখনত নিৰ্বাচন সম্পৰ্কীয় কোনো জাননী জাৰি কৰা হোৱা নাই।

২০. চীন আৰু ভাৰতৰ সচিবসকলে কোভিড-১৯ ভেকছিনৰ বিকাশৰ বাবে সহযোগিতাৰ বিষয়ে আলোচনা কৰিব। চীনা বিদেশী মন্ত্ৰালয়ে বুধবাৰে কয় যে, ব্ৰিক্স সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি ছি জিনপিঙে প্ৰস্তাৱ কৰিছিল।

২১. সামাজিক মাধ্যম টুইটাৰে চীনত লাডাখক ভুলৰূপত দেখুওৱা বাবে ভাৰতৰ মুখ্য সংসদীয় বৈঠকলৈ লিখিতভাৱে ক্ষমা আবেদন জনাইছে। তেওঁলোকে এটা মাহৰ ভিতৰত এই ভুল সংশোধন কৰাৰ প্ৰতিশ্ৰুতি দিছে।

২২. কেৰেলাৰ গাওঁ অঞ্চলত বাওপন্থী সকলৰ আঞ্চলিক নিৰ্বাচনী প্ৰচাৰৰ প্ৰকৃত কৃষক সকলে। কেৰালাৰ উত্তৰৰ কাচাৰাগোড জিলাত বেদাদকা পঞ্চায়তত চি পি আই (এম)ৰ যুৱ শাখাই ডিজিটেল অভিযানৰ পোষ্টাৰৰ মাধ্যমেৰে এই প্ৰচাৰ অভিযান চলাইছে।

২৩. এইমছে গ্ৰীৱাৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে চাৰ্ভা নামৰ এক দেহত লৈ ফুৰিব পৰা যন্ত্ৰ উদ্ভাৱন কৰে ।  এই বিশেষ যন্ত্ৰবিধৰ নাম চাৰ্ভা।

২৪. ১৬ নৱেম্বৰত এখন পত্ৰযোগে অৱসৰৰ কথা ঘোষণা কৰিলে ভাৰতীয় বেগী বলাৰ সুদীপ ত্যাগীয়ে।ত্যাগীয়ে ২০০৯ চনৰ পৰা ২০১২ চনলৈ সুদীপ ত্যাগীয়ে চেন্নাই চুপাৰ কিংগছৰ হৈ আই পি এলত অংশ লৈছিল।

২৫.ভাৰতত চলিত বৰ্ষৰ নবেম্বৰত অনুষ্ঠিত হ'ব লগীয়া ফিফা ১৯ অনূৰ্ধৰ মহিলা বিশ্বকাপ বাতিল কৰা হৈছে। কোৰোনাৰ ভয়াবহতাৰ বাবে বাতিল কৰা হয়  প্ৰতিযোগিতা খন ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in