১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. আজাৰ আৰক্ষীয়ে ১১ জন ভুৱা আৰক্ষীক গুৱাহাটী বিমানবন্দৰৰ কাষত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এই দলটোৰ পৰা এখন মাৰুটি চুজুকি, ৫খন মটৰ চাইকেল আৰু ভুৱা নথি পত্ৰ জব্দ কৰিছে।

২. চিআইডিয়ে অসমৰ ভিন্ন জিলাৰ পৰা প্ৰাক মেট্ৰিক স্কলাৰশ্বিপ কেলেংকাৰীৰ লগত জড়িত ২৬ জন লোকক আটক কৰিছে।এই ২৬ জনৰে ৪ জন প্ৰধান শিক্ষক,এজন শিক্ষক, তিনিজন ৰাষ্ট্ৰীয়কৃত বেংকৰ চিএচপি, এজন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, দুজন ইলেট্ৰনিক ডাটা প্ৰযোজক আৰু আন ১০জন মধ্যভোগী।

৩. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে দলটোৰ পৰা পদত্যাগ কৰিছে। তেওঁ দাবী কৰিছিল যে বিজেপি নেতৃত্বত ৰাজ্য চৰকাৰখনে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনকে ধৰি কোচ ৰাজবংগী সম্প্ৰদায়ৰ সুবিধাৰ বাবে পদক্ষেপ লৈছে।

৪. ২০ নৱেম্বৰৰ "বিশ্ব শিশু দিৱস" ব্লু কেম্পেইন শীৰ্ষক এইবাৰৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি গুৱাহাটীৰ গান্ধী মাণ্ডপক নীলা ৰঙেৰে সজাই তুলিবলৈ সাজু কৰা হৈছে।

৫. ৰাজ্য নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে যে ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত বড়োলেণ্ড টেৰিটৰিয়াল কাউন্সিল (বিটিচি) নিৰ্বাচন অনুষ্ঠিত হ'ব।

৬. উচ্চতম ন্যায়ালয়ে মঙলবাৰে চলিত শিক্ষা বৰ্ষত দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাৰ মাচুল ৰেহাই দিবলৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড আৰু দিল্লী চৰকাৰে কৰা এক আবেদন খাৰিজ কৰিছে।

৭. মঙলবাৰে নাগালেণ্ডৰ নতুনকৈ কোভিড১৯ৰ আক্ৰান্ত হৈছে ১৬৩ জন আৰু মৃত্যু হৈছে ৪৭জন । বৰ্তমানলৈকে ৰাজ্যখনত কোভিড হোৱা লোকৰ সংখ্যা ১০,১৮৮ জনলৈ বৃদ্ধি পাইছে।

৮. অসমৰ বহু কেইটা সংগঠনে কাৰ্বি-আংলঙত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে, নাগালেণ্ডে বে-আইনী ভাৱে অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক নাগালেণ্ডত প্ৰৱেশত বাধা আৰোপ কৰিছে।

৯. ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেন বাঘেলে মঙলবাৰে মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে। নাগপুৰস্থিত বাসভৱনত সাক্ষাৎ কৰে তেওঁক।

১০. মুম্বাইত নতুনকৈ ৫৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৭০৬৫৪জনলৈ পাইছে বৃদ্ধি।

১১. পঞ্জাৱত আকৌ ৫১৫জন লোক আক্ৰান্ত কোভিড-১৯ত। ৰাজ্যখনত ১৪২৫৯৭জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১২. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। মঙলবাৰে ৰাজ্যখনত নতুনকৈ ১৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৩. কৰ্ণাটকত আকৌ ১৩৩৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৬৪১৪০জনলৈ পাইছে বৃদ্ধি।

১৪. হাৰিয়ানাৰ পঞ্চকুলাত কোনো ৰাজহুৱা স্থানতে উদযাপন কৰিব নোৱাৰিব চট পূজা। পঞ্চকুলা প্রশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৫. উত্তৰাখণ্ডত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৬৮৮৮৭জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত নতুনকৈ ৪২৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৬. মধ্যপ্ৰদেশত আকৌ ৯২২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৮৫৪৪৬জনলৈ পাইছে বৃদ্ধি।

১৭. ৰাজস্থানত আকৌ ২১৯৪জন লোক আক্ৰান্ত কোৰোনাত। মঙলবাৰৰ দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ১১জন লোকৰ মৃত্যু।

১৮. তামিলনাডুত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৭৬১৫৬৮জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত নতুনকৈ ১৬৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৯. কেৰালাত আকৌ ৫৭৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ ৭০০৭০জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

২০. অন্ধ্ৰপ্ৰদেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৮৫৬১৫৯জনলৈ পাইছে বৃদ্ধি। ৰাজ্যখনত মঙলবাৰে ১৩৯৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২১. মহাৰাষ্ট্ৰৰ জয়া নগৰত সংঘটিত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।

২২. পঞ্জাৱৰ জলন্ধৰত গ্ৰেপ্তাৰ ৪টা ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰায় ১১ কেজি ওজনৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

২৩. নগাঁও জিলাৰ ডুমডুমীয়াৰ সমীপৱৰ্তী পুঠিমাৰী গাঁৱত মংগলবাৰে নিশা দুটা ফৈদৰ মাজত সংঘৰ্ষ। ছাগলীয়ে তামোল পুলি খোৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা।

২৪. ২৫ ডিচেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি কুলী নম্বৰ ১। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বৰুণ ধৱনে।

২৫. যোৱা ২৪ ঘন্টাত দিল্লীত নতুনকৈ ৬৩৯৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৯৯জন লোকৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in