শেহতীয়া খবৰ
তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী

১ মিনিটত ২৫ খবৰ…

407

১. মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন স্কুটি আৰোহী।

২. যতীন বৰাৰ ছবি ৰত্নাকৰক আদৰি লৈছে ৰাজ্যবাসীয়ে। তৃতীয় দিনালৈ মুঠ ১ কোটি ৪৫ লাখ টকা উপাৰ্জন কৰিলে ৰত্নাকৰে।

৩. দিল্লী আৰক্ষীৰ বিশেষ কোষে সোমবাৰে গ্ৰেপ্তাৰ কৰে এজন অস্ত্ৰধাৰী ব্যক্তিক। ব্যক্তিজনৰ পৰা উদ্ধাৰ এটা পিষ্টল।

৪. সোমবাৰে সন্ধিয়া ভূমিকম্পই জোকাৰি গ’ল ছিমলা । ৩.০ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় ছিমলাত। বৰ্তমানলৈ কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

৫. জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত নিহত এজন ট্ৰাক চালক। সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীটো পাকিস্তানৰ।

৬. ‘সমগ্ৰ বিশ্বই এতিয়া কৈছে যে ভাৰত দুৰ্বল দেশ নহয়।’- সোমবাৰে থানেত এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

৭. মুম্বাইৰ পি এম চি বেংকৰ গ্ৰাহকলৈ কিছু সকাহ। ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তমৰ্মে, পি এম চি বেংকৰ গ্ৰাহকে একাউণ্টৰ পৰা উলিয়াব পাৰিব ৪০ হাজাৰ টকাকৈ।

৮. সোমবাৰে দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ এম এই-১৭ হেলিকপ্টাৰ। ভাৰতীয় বায়ু সেনাৰ ৬জনকৈ বিষয়াৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা।

৯. এই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত পি চিদাম্বৰামক ই ডিয়ে জিম্মাত ল’ব বিচৰা আৱেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হয়। ন্যায়ালয়ে মঙলবাৰে এই সন্দৰ্ভত ৰায়দান দিয়াৰ কথা সদৰী কৰে।

১০. দিল্লী প্ৰদেশ মহিলা কংগ্ৰেছৰ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। ছোনিয়া গান্ধীক লৈ কৰা মন্তব্যৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ।

১১. অভিজিত বেনাৰ্জীক প্ৰদান কৰা হয় অৰ্থনীতিৰ ন’বেল বঁটা। অভিজিত বেনাৰ্জীৰ মাতৃয়ে এই সন্দৰ্ভত কয়- ‘আজি মই বহু সুখী। আৰু পৰিয়ালৰ প্ৰতিজন সদস্য অভিজিতক লৈ গৌৰাৱান্বিত।’

১২. দিল্লীত এজন ছাত্ৰই কৰিলে আত্মহত্যা। জানিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰজন।

১৩. গুজৰাটৰ ভাডোদাৰাত উদ্ধাৰ এটা ৮ ফুট দীঘল ঘৰিয়াল। বন বিভাগে ঘৰিয়ালটো উদ্ধাৰ কৰি এৰি দিয়া বনাঞ্চলৰ মাজত।

১৪. পাটনাত বান পৰিস্থিতি অব্যাহত। বুধবাৰে বান সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বহে এক গুৰুত্বপূৰ্ণ বৈঠকত।

১৫. বালাকোটত প্ৰশিক্ষণ লৈ আছে প্ৰায় ৪০-৫০জন সন্ত্ৰাসবাদীয়ে। চৰকাৰী সূত্ৰ অনুসৰি জেইছ-ই-মহম্মদৰ সদস্য আটাইকেইটা।

১৬. ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আম্বানীৰ লাউড স্পীকাৰ।’- সোমবাৰে প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

১৭. ‘সৌৰভ গাংগুলিক বি চি চি আইৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচন কৰাৰ কথা আমি আলোচনা কৰিছো। ২৩ অক্টোবৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।’ – এই মন্তব্য বি চি চি আইৰ প্ৰাক্তন সদস্যৰ।

১৮. তামিলনাডুৰ কোডানগিপাট্টিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

১৯. ব্যৱসায়ী ৰাতুল পুৰীক ২৫ অক্টোবৰলৈ ৰখা হ’ব ন্যায়িক জিম্মাত। অগষ্টৱেষ্টলেণ্ডৰ মানী লণ্ডাৰিং কেলেংকাৰী সন্দৰ্ভত সোধ-পোছ কৰি থকা হৈছে ৰাতুল পুৰীক।

২০. মুম্বাইৰ আন্ধেৰীত ভয়ংকৰ অগ্নিকাণ্ড। ৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

২১. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ মিলিত হয় নেডাৰলেণ্ডৰ ৰজাৰ সৈতে। নেডাৰলেণ্ডৰ ৰাণী মাক্সিমাৰেও মিলিত হয় তেওঁ।

২২. কাশ্মীৰৰ গান্দেৰবালত আৰক্ষীৰ অভিযান। অভিযানকালত গ্ৰেপ্তাৰ হিজবুল মুজাহিদীনৰ দুটা সন্ত্ৰাসবাদী। লগতে আৰক্ষীয়ে জব্দ কৰে এ কে-৪৭ ৰাইফল আৰু বহু নথিপত্ৰ।

২৩. লাহে লাহে সামান্য হ’বলৈ ধৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। সোমবাৰে পোষ্টপেইড ম’বাইল সেৱা পুনৰ মুকলি কৰা হয় জম্মু-কাশ্মীৰত।

২৪. কলকাতাত আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে ৩জন লোকক। প্ৰায় ৬ কেজি ওজনৰ ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

২৫. ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি লাল কাপ্টান। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা শ্বেইফ আলি খানে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি