১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. 'কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে এ আই ইউ ডি এফে, বিজেপি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজনৈতিক মঞ্চ গঠনৰ পোষকতা।'– এই মন্তব্য এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ।

২. মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ। চি এছ এম টি ৰেল ষ্টেচনৰ ফুড ব্ৰীজ খহি পৰাৰ ফলত ৫ জন নিহত হোৱাৰ লগতে ৩৬জনকৈ লোক আহত হোৱা ঘটনাক লৈ ৰুজু কৰা হৈছে এই গোচৰ।

৩. ওড়িশ্যাৰ প্ৰাক্তন মন্ত্ৰী দামোদৰ ৰৌতে বৃহস্পতিবাৰে যোগদান কৰে বিজেপিত। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ উপ-সভাপতি বৈজয়ন্ত পাণ্ডে আৰু বহু বিজেপি নেতাৰ উপস্থিত যোগদান কৰে ৰৌতে।

৪. ভাৰতীয় সেনাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে। মেন পোৰ্টেবল এন্ডি টেংক মাইডে মিছাইলৰ বৃহস্পতিবাৰে সফলতাৰে পৰীক্ষামূলক ব্যৱহাৰ কৰা হয়।

৫. তুৰ্কীৰ এয়াৰলাইনৰ ইনষ্টানবুলৰ পৰা ধাকা অভিমুখী এখন যাত্ৰীবাহী বিমান কলকাতাত জৰুৰীকালীনভাৱে অৱতৰণ। বৃহস্পতিবাৰে প্ৰায় ৬.৩০ বজাত অৱতৰণ কৰা হয় বিমানখন। বিমানখন আছিল প্ৰায় ১২০জনকৈ যাত্ৰী।

৬. 'এইটো প্ৰতিজন ভাৰতীয়ই চীনক এক বাৰ্তা পঠিওৱা সময়। আমাৰ জোৱানক হত্যা কৰা সন্ত্ৰাসবাদীক যদি চীনে সমৰ্থন কৰে তেন্তে আমি হোলীৰ পৰা চীনত নিৰ্মাণ হোৱা সামগ্ৰী ব্যৱহাৰ নকৰো।'- কেন্দ্ৰীয় মন্ত্ৰী এইচ কে বাদলে কৰে এই মন্তব্য।

৭. চি আই এছ এফ জোৱানে বৃহস্পতিবাৰে দিল্লীত প্ৰায় ৪৫ কিঃগ্ৰাম ওজনৰ আগৰ কাঠ জব্দ কৰে। জব্দকৃত আগৰ কাঠখিনিৰ বজাৰমূল্য প্ৰায় ২.২৫ কোটি টকা।

৮. হিমাচল প্ৰদেশত তুষাৰপাত। ছিমলাত বৃহস্পতিবাৰে পুৱাৰে পৰা হোৱা তুষাৰপাতৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন।

৯. ৰাজহ চোৰাংচোৱা বিভাগে এজন সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উৎখাত কৰে সোণ সৰবৰাহকাৰীৰ এক চক্ৰক। প্ৰায় ৩.২২ বিদেশী নোট আৰু ৪৫লাখ টকা ভাৰতীয় নোটসহ ৩.৭৫ কোটি টকা মূল্যৰ সোণো জব্দ কৰে।

১০. অস্কাৰ বঁটা লাভ কৰা 'ফ'ৰেষ্ট গম্প'ৰ ৰিমেকত দেখা পোৱা যাব অভিনেতা আমিৰ খানক। তেওঁৰ এই নতুন ছবিখনৰ নাম 'লাল সিং চড্ডা।'

১১. বাক্সাৰ কুমাৰীকাটাত দুৰ্ঘটনাত নিহত এজন। নিহত লোকজনৰ নাম মনেশ্বৰ শৰণীয়া।

১২. মৰিগাঁৱৰ কলংপাৰাত দাৰে ঘপিয়াই হত্যা এজনক। কাৰ্তিক হীৰা নামৰ লোকজনক হত্যা পুনিৰাম হীৰা নামৰ এজন লোকে।

১৩. মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি লেইকূল গাঁৱৰ পৰা ১১ আছাম ৰাইফলচ আৰু অসম আৰক্ষীয়ে যুটীয়া অভিযান চলাই নাগা উগ্ৰপন্থী সংগঠন এন এছ চি এম (আই এম) গোটৰ এগৰাকী সদস্যক আটক কৰে।

১৪. ডবকাত ডাম্পাৰৰ খুন্দাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। ৩৬নং ৰাষ্টীয় ঘাইপথত ডাম্পাৰৰ খুন্দাত বন বিভাগৰ দুজন কৰ্মী গুৰুতৰভাৱে আহত৷ আহত তাজউদ্দিন আৰু দিলোৱাৰ হুছেইন৷

১৫. 'মনমোহন সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰা নাছিল'- দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বীলা দীক্ষিতে কৰিলে এই টুইট।

১৬. মুম্বাইত বৃহস্পতিবাৰে ফুট ব্ৰীজ খহি পৰাৰ ফলত ৫জন নিহত আৰু ৩৬জন লোক আহত হোৱাৰ পাছত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীয়ে কয়- 'নিহত আৰু আহতসকলৰ পৰিয়ালৰ সৈতে মই আছো।'

১৭. সঞ্জয় দত্ত, মাধুৰী দীক্ষিত, বৰুণ ধৱন, আলিয়া ভাট অভিনীত নতুন হিন্দী ছবি 'কলংক'ৰ ট্ৰেইলাৰ মুক্তি ইউটিউবত। ১৩ মাৰ্চত মুক্তি দিয়া এই ট্ৰেইলাৰটো মাত্ৰ ২৪ ঘণ্টাতে চালে ২.৬ কোটি দৰ্শকে।

১৮. পুনৰ চৰ্চাত কৰবী-দুৱৰী হত্যাকাণ্ড। উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই আবেদন চি বি আইৰ। নিম্ন আদালতৰ ৰায়দানৰ ১৮৪ দিন পিচত চি বি আইৰ আবেদন।

১৯. এন পি পিত যোগদান প্ৰাক্তন বিধায়ক ভৱেন বৰুৱাৰ। অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ ক্ষোভ প্ৰাক্তন অগপ বিধায়কগৰাকীৰ। কোনো কাৰণতে অগপৰ এই কাৰ্যক মানি লোৱা নহ'ব বুলি মন্তব্য ভৱেন বৰুৱাৰ।

২০. লখিমপুৰত দুটা পিষ্টলসহ তিনিজনক আটক। বান্দৰদেৱাৰ পৰা আটক দুই সৰবৰাহকাৰী। নকল সোণৰ সৰবৰাহৰ লগতো দুয়োজন জড়িত।

২১. 'মোৰ মন ১৪টা সমষ্টিটেই প্ৰাৰ্থিত্ব দিয়া। অগপ নাহিলেও বি পি এফৰ সৈতে ১১খন আসন পালোহেঁতেন।'- এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।

২২. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা এটা টুইটত অভিনেতা অনুষ্কা শৰ্মাক টেগ কৰে। তেওঁ টুইটটোত লিখে যে, আপোনালোকে দেশৰ নৱপ্ৰজন্মক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰেৰণা দিয়ক।

২৩. উত্তৰপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত দুজনকৈ লোক।

২৪. অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বিধানসভা নিৰ্বাচন সন্দৰ্ভত কৰিলে মন্তব্য। মই কুপ্পাম বিধান সভা সমষ্টিৰ পৰা কৰিম প্ৰতিদ্বন্দ্বিতা।

২৫. কুশীনগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত নিহত এহাল দম্পত্তী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in