শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

১ মিনিটত ২৫ খবৰ

232

১. মুম্বাইত গছৰ ডাল ভাঙি পৰাৰ ফলত প্ৰাণ হেৰুৱাই এজন ৫২ বছৰীয়া বৃদ্ধই। মৃত লোকজন মুম্বাইৰ গবিন্দাৰ এলেকাৰ নীতিন বাস্তৱ বুলি চিনাক্ত।

২. ৰাকেশ পালৰ সম্পত্তিৰ চি বি আই তদন্তৰ নিৰ্দেশ। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ।

৩. বৃহস্পতিবাৰে উলুবাৰী বজাৰত ২৮ কিলোগ্ৰাম ওজনৰ বৰালি মাছ বিক্ৰী কৰাৰ ঘটনাক লৈ সৃ্ষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। শ্যামল নামৰ লোকজনে মীন আইন ভংগ কৰাৰ অভিযোগ মীন বিভাগৰ।

৪. ঘোষণা হ’ল ২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা। ৰেৱকান্ত মহন্ত আৰু কুমাৰী লাইতোনজম ইবেমপিশক প্ৰদান কৰা হ’ব এই বটাঁ।

৫. লখিমপুৰৰ হাৰমতীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন লোকক। লোকজনৰ নাম হিৰণ্য দলে।

৬. দিল্লী অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কিৰ্গিস্তানৰ এছ চি অ ছামিটত অংশ ল’বলৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী।

৭. উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত ১২ জুনত কৰ্তব্যৰত অৱস্থাত মৃত্যুক আঁকোৱালি লয় এছ এছ বিৰ ৩১ বেটেলিয়নৰ জোৱান অনন্ত বৰুৱাই। ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছা।

৮. শুকুৰবাৰে সন্ধিয়া ভাগত মুম্বাইৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত। গৰমৰ পৰা কিছু পৰিমানে পৰিত্ৰাণ পাইছে সৰ্বসাধাৰণ ৰাইজে।

৯. মহানগৰীত আলু আৰু পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে এক বৈঠকত ভাগ লৈ দিয়ে এই নিৰ্দেশ।

১০. কলিয়াবৰৰ বৰালিগাঁৱত নগাঁও অভিমুখী এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় দুই শিশু। নিহত দুয়ো বৰালিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ জ্যোতিশ্ময় চব্বৰ আৰু মনজিৎ দাস।

১১. সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুত অসম প্ৰদেশ কংগ্ৰেছ। দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাক প্ৰদান কৰা হৈছে সম্পূৰ্ণ কৰ্তৃত্ব।

১২. ভাৰতীয় বায়ু সেনাৰ এ এন-৩২ বিমান দুৰ্ঘটনাত নিহত বায়ু সেনাৰ শ্বহীদ বিষয়া-কৰ্মচাৰীসকলৰ মৃতদেহৰ সন্ধান ৮খন হেলিকপ্টাৰেৰে কৰা হৈছে। এই কথা জনায় ভাৰতীয় বায়ু সেনাই।

১৩. ‘যি লোকে জাতিক বিক্ৰী কৰে, দেশকো বিক্ৰী কৰিব পাৰে। এন আৰ চিৰ কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰসংগত এই মন্তব্য কৰে এ পি ডব্লিউ সভাপতি অভিজিত শৰ্মাই।

১৪. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুকুৰবাৰে সাক্ষাৎ কৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক। ওড়িশ্যা ভৱনত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী পাটনায়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে।

১৫. টাইকোৱানডো খেলুৱৈ ৰদালী বৰুৱাৰ স্বৰ্ণপদক। জি-১ খেলত সফলতা অৰ্জন কৰিছে ৰদালী বৰুৱাই।

১৬. ২০১৯ বৰ্ষৰ শিশু সাহিত্য বঁটা ঘোষণা। ছামিম নাছৰিনে লাভ কৰিছে শিশু সাহিত্য বঁটা।

১৭. ওড়িশ্যাৰ বৰিপাৰাৰ চিকিৎসালয়ত চিকিৎসকৰ হেমাহীৰ ফলত মৃত্যু হয় দুটি যমজ সন্তানৰ। ফলত হাস্পতালকখনত সৃষ্টি হয় তীব্ৰ উত্তেজনা।

১৮. গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মোবাইল চোৰ আটক। মোবাইল চোৰ কৰাৰ সময়তে ৰাইজে আটক কৰি আৰক্ষীক চমজালে ৰাহুল দাস ওৰফে বিনোদ নামৰ চোৰটোক।

১৯. বিশ্বনাথত দুটা ৩০৩ ৰাইফসহ ২ অস্ত্ৰ সৰবৰাহকাৰীক আটক। আটকাধীন অস্ত্ৰ সৰবৰাহকাৰী কেইটা হানিফ আলী আৰু আব্দুল ছৈয়দ।

২০. দিল্লীৰ নন্দ নাগ্ৰীত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে দুজন লোকক। মটৰ চাইকেলেৰে আহি গুলীচালনা কৰে দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

২১. ৰাজ্যত আৰম্ভ বিনামূলীয়া কিডনী ডায়েলাইচিছ সেৱা। শুকুৰবাৰে নলবাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২২. ২১ জুনত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ‘কবিৰ সিং’। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰে।

২৩. হাৰিয়ানাৰ কুণ্ডলীত বিধ্বংসী অগ্নিকাণ্ড। এটা ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

২৪. বৃহস্পতিবাৰে সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ এজন ৬০ বছৰীয়া বৃদ্ধই এগৰাকী ৪ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ। ৰাইজৰ ৰোষত পৰিল গোলাঘাটৰ এৰেঙাপাৰাৰ দূৰ্গা ঘোষ নামৰ লোকজন।

২৫. মহাৰাষ্ট্ৰত শুকুৰবাৰে দুটা পৃথক পৃথক স্থানত গছৰ ওপৰৰ পৰা পৰি মৃত্যু দুজন লোকৰ। ৰাজ্যখনৰ মালাড আৰু যোগেশ্বৰীত সংঘটিত হয় এই অঘটন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি