শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

১ মিনিটত ২৫ খবৰ

340

১. ভুপালত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ৫২০ জীয়া কাৰ্টিজসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

২. দিল্লীত গ্ৰেপ্তাৰ দুজন লোক। ৰাজ্যখনৰ গাৰ্গী কলেজৰ এগৰাকী ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোক কেইজনক।

৩. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে অসমত কেবাটাও সংগঠনে বিভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ।

৪. জয়পুৰত ‘কা’ৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সাব্যস্ত কৰে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ।

৫. মুম্বাই আৰক্ষী কৰে জন ৪০ বছৰীয়া বৃদ্ধক। এগৰাকী ২৭ বছৰীয়া যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

৬. দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব অৰবিন্দ কেজৰিৱালে। লগতে মণীষ ছোচিদিয়া, সত্যেন্দৰ জৈন, গোপাল ৰায়, কৈলাস গেহলটকে ধৰি কেইবাজনো নেতাই মন্ত্ৰী হিচাপে ল’ব শপত।

৭. ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। সাজু কৰা হৈছে সৰুসজাইত বৃহৎ মণ্ডপ।

৮. বাংগালুৰুৰৰ বিলাল বাগত তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ।

৯. ‘মই ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছো। আৰু বহু গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনাত বহিছো।’- এই মন্তব্য মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে।

১০. পৰ্টুগলৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডে ছৌছাই সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। দিল্লীত সাক্ষাৎ কৰে তেওঁক।

১১. পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত মম বাতি জ্বলাই জনোৱা হয় শ্ৰদ্ধাঞ্জলি।

১২. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ এজন যাত্ৰীক। প্ৰায় ২ কেজি এজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৩. ২৮ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি থপ্পড়। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী তাপসী পান্নুৱে।

১৪. হিমাচলপ্ৰদেশত অব্যাহত তুষাৰপাত। তুষাৰপাতৰ ফলত প্ৰায় শতাধিক পথত যান-বাহন চলাচল ব্যাহত হৈ পৰে।

১৫. বিমান বন্দৰত বলীউডৰ তাৰকাক উষ্ম আদৰণি। বিমান বন্দৰত আদৰণি জনোৱা হয় ফিল্মফেয়াৰত অংশ ল’বলৈ অহা শিল্পীসকলক।

১৬. ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন বাহন। আহত দুজন লোক।

১৭. জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা। পাক সেনাৰ গুলীবৰ্ষণত আহত দুজনকৈ লোক।

১৮. লুধিয়ানাত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ১ কেজি ওজনৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৯. আহোম নহয়, মিঞা-মুছলমানহে অসমৰ খিলঞ্জীয়া বুলি মন্তব্য কৰি বিপদত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম। শুকুৰবাৰে তেওঁ খোজে ক্ষমা।

২০. উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু মিলিত হয় পৰ্টুগলৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে। দিল্লীতৈ মিলিত হয় দুয়োখন দেশৰ প্ৰতিনিধিদ্বয়।

২১. মাৰ্ঘেৰিটাৰ ইনথেমত অনুষ্ঠিত হৈছে চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও। শুকুৰবাৰে উপস্থিত থাকে বহু লোক।

২২. মধ্যপ্ৰদেশৰ গোৱালিয়াৰত গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। প্ৰায় ২ লাখ টকাৰ নকল নোটসহ গ্ৰেপ্তাৰ কৰা হয় ধৃত লোক দুজনক।

২৩. ‘কা’ সমৰ্থনত বিজেপিৰ ৰেলী। তামিলনাডুৰ কোইম্বাটোৰত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থত এই ৰেলী।

২৪. শুকুৰবাৰে ভেলেণ্টাইন ডে’। ছেইণ্ট ভেলেণ্টাইনক সুঁৱৰি বিশ্বজুৰি উদযাপন কৰা হয় প্ৰেমৰ দিনটো।

২৫. অখিল গগৈক শুকুৰবাৰে সাক্ষাৎ কৰিলে সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক সাক্ষাৎ কৰে যাদৱে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি