১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক পুনৰ দুদিনৰ জিম্মাত দিলে আৰক্ষীক। দুলালক মাৰাথান জেৰাৰ অন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে। দুলাল বৰাৰ ৩খনকৈ ভোটাৰ পৰিচয়পত্ৰ।

২. সান্ধ্য আইন, আন্দোলন-প্ৰতিবাদৰ মাজতে শুকুৰবাৰে নিশা ওৰাং থানাৰ সমীপত হোৱা পেট্ৰ'ল বোমা নিক্ষেপৰ ঘটনাত এজন লোকৰ মৃত্যু হৈছে।

৩. ওৰাঙৰ পাঁচনৈ দলঙৰ সমীপত নৃশংস ঘটনা। ১৫নং ৰাষ্ট্ৰীয় পথত টেংকাৰসহ জ্বলাই দিলে চালকক ।

৪. যোৱা এসপ্তাহে বন্ধ হৈ আছে অইলৰ উত্পাদন। প্ৰতিবাদৰ ফলত বন্ধ তৈলক্ষেত্ৰসমূহৰ খনন, উত্পাদন। C(A)Aবিৰুদ্ধে তৈলক্ষেত্ৰসমূহত দল-সংগঠনৰ অৰ্থনৈতিক অৱৰোধ ।

৫. স্বাভাৱিক হৈছে গুৱাহাটী মহানগৰীৰ জনজীৱন। উজনিৰ বিভিন্ন স্থানত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।

৬. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে গুৱাহাটীৰ ৪খন আৰক্ষী থানাৰ আৰক্ষী বিষয়াক বদলি। লতাশিল, নুনমাটি, চানমাৰী আৰু দিশপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি।

৭. অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ লক্ষ্যৰে গঠিত কমিটীৰ সদস্যসকলৰ লগত শনিবাৰে বৈঠকত বহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৈঠকত উপস্থিত থাকে কেবাগৰাকী মন্ত্ৰী।

৮. শনিবাৰে ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে শেহতীয়া পৰিস্থিতিৰ বুজ লবলৈ বৈঠকত বহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৈঠকত কেবিনেট মন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবাগৰাকী সাংসদ আৰু বিধায়ক উপস্থিত থাকে।

৮. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদক লৈ অচল ৰাজ্যৰ যাতায়ত। অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত ৩০খন বাছে প্ৰদান কৰিছে জৰুৰীকালীন সেৱা।

৯. জেডিইউৰ নাগৰিকত্ব আিনৰ প্ৰতি সমৰ্থনত ক্ষোভ। নীতিশ কুমাৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে প্ৰশান্ত কিশোৰে।

১০. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যাব এটা দল। শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

১১. অমৃতসৰৰ ঘৰিন্দাত ১ কিলো হেৰ'ইনসহ আৰক্ষীৰ জালত এজন। লোকজনৰ নাম হৰজীত সিং।

১২. জেএনইউৰ উপাচাৰ্য অধ্যাপক এম জগদীশ কুমাৰৰ বাহনত আক্ৰমণ। ঘটনাৰ তদন্তৰ দাবী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় শিক্ষক ফেদাৰেশ্যন।

১৩. ৰাজ্যবাসীত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে জনালে এই আহ্বান।

১৪. ৰাজহুৱা সম্পত্তি ধ্বংস কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণ নকৰাৰ লগতে আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব। নাগৰিকত্ব সংশোধনী আইনক সৃষ্টি হোৱা প্ৰতিবাদৰ প্ৰসংগত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে কৰে এই মন্তব্য।

১৫. আমি ৰাজনীতিত ৰাইজৰ বাবে কাম কৰিব বিচাৰো। তেওঁলোকে হালোৱা খাব বিচাৰো। বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাই কৰিছে এই মন্তব্য।

১৬. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মুম্বাইত অসমীয়া শিল্পীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। শনিবাৰে প্ৰতিবাদত অংশগ্ৰহণ কৰে বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা, কণ্ঠশিল্পী পাপনৰ লগতে বহুতো লোকে।

১৭. অসমৰ পৰিস্থিতি এতিয়া ভাল হৈছে। অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই শনিবাৰে কৰে এই মন্তব্য।

১৮. শিৰোমণি আকালী দলৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ'ল সুখিন্দৰ সিং বাদল। শনিবাৰে তেওঁক নিৰ্বাচিত কৰা হয়।

১৯. জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা পিছুওৱা হৈছে। পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব নতুন তাৰিখ।

২০. দিল্লীৰ ৰামলীলা মৈদানত শনিবাৰে অনুষ্ঠিত হয় ভাৰত বচাঅ' ৰেলী। এই ৰেলীত ভাগ লয় কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ৰাহুল গান্ধী।

২১. দিল্লীত পুনৰ অগ্নিকাণ্ড। ছালীমাৰ বাগত ৪ মহলীয়া এটা অট্টালিকাত সূত্ৰপাত হোৱা অগ্নিকাণ্ডত ৩ গৰাকী মহিলাৰ মৃত্যু।

২২.ডেৰাডুনত মঙ্গোলৰত টেক্টৰ আৰু কাৰৰ মাজত সংঘৰ্ষ। ১ নিহত, ৫ আহত।

২৩.ৰাজস্থানৰ ভৰতপুৰত এগৰাকী মহিলাক বলাতকাৰ কৰি হত্যা। আৰক্ষীৰ তদন্ত আৰম্ভ।

২৪. চত্তীশগড়ত নিয়ন্ত্ৰণহীন হৈ পথতে বাগৰিল এখন ট্ৰাক। থিতাতে নিহত ১, আহত ২।

২৫. দ্বিতীয়বাৰৰ বাবে সুখবীৰ সিং বাদল শিৰোমণি অকালি দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in