১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. শুকুৰবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ ৬গৰাকী ৰোগীৰ মৃত্যু। স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰিলে এই তথ্য।

২. শুক্ৰবাৰে সন্ধিয়া বিলত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছে চৰাইদেউৰ এজন লোক। সন্ধানহীন লোকজন চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত মোহন গাঁৱৰ অমূল্য শইকীয়া (৫৫) বুলি প্ৰকাশ পাইছে।

৩. কামৰূপ জিলাৰ ছয়গাঁৱত এগৰাকী ক'ৰোনা আক্ৰান্ত লোকৰ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে।মৃত ৰোগীগৰাকীৰ নাম ছয়গাঁৱ বিধান সভা সমষ্টিৰ প্ৰীতিপুৰগাঁৱৰ ওচমান আলি।

৪. সুশান্ত সিং ৰাজপুতে প্ৰাক্তন প্ৰেমিকা অংকিতাৰ নামত ক্ৰয় কৰা ফ্লেটৰ ই এম আই মৃত্যুৰ আগৰলৈকে দি আছিল। শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে ইডিৰ তদন্তত।

৫. কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ সংযুক্ত সচিব লব আগ্ৰৱাল কোৰোনাত আক্ৰান্ত। শেহতীয়াকৈ সদৰি কৰা হৈছে এই তথ্য।

৬. ভাৰতত নিৰ্মাণ হৈ থকা কোৰোনা ভেকচিনে প্ৰথমটো পৰ্যায়ত সফলতা লাভ কৰিছে। অচিৰেই অৱৰ্তীণ হব দ্বিতীয় পৰ্যায়ত।

৭. দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কোৰোনা টেষ্ট আহিল নিগেটিভ। শেহতীয়াকৈ নিজই সদৰি কৰিলে এই তথ্য।

৮. দেশৰ বীৰ জোৱানসকলৰ সাহস আৰু কৰ্তব্যনিষ্ঠাক প্ৰতিজন ভাৰতীয়ই সদায়েই মনত ৰাখিব। এই মন্তব্য কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

৯. শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শুকুৰবাৰে প্ৰাণ গল ২গৰাকী সেনা জোৱানৰ। এজন আহত।

১০. চীনে সীমান্ত কৰি থকা বহু গোপন কাম কাজ ৰাজহুৱা কৰাৰ পাছত নেপালৰ এগৰাকী সাংবাদিকৰ মৃত্যু। এই মৃত্যুক ৰহস্যজনক আখ্যা দিছে বহুতে।

১১. ভাৰতে মাটি দখল নহয় অন্তৰ দখলতহে গুৰুত্ব দিয়ে। এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।

১২.বিশিষ্ট গায়ক এছ পি বালাকৃষ্ণ সুব্ৰমণিয়মৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি। কোৰোনাতো আক্ৰান্ত শিল্পীগৰাকী।

১৩. প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে ৭৪তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব নৰেন্দ্ৰ মোডীয়ে। লালকিল্লাত কটকটীয়া নিৰাপত্তা।

১৪. মহাৰাষ্ট্ৰত শুকুৰবাৰে ১২,৬০৮গৰাকী লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছ। মৃত্যু ৩০০ৰো অধিক লোক।

১৫. ৰাজস্থানত টিকিল কংগ্ৰেছ চৰকাৰ। শুকুৰবাৰৰ বিধানসভাৰ আস্থাভোটত জয়ী গেহলট বাহিনী।

১৬. ৰাজ্যৰ উচ্চ শিক্ষা পৰ্যায়ত ৯৩১ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ। মাধ্যমিক পৰ্যায়তো ২৮১২টা শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ।

১৭. ৰাজ্যৰ ৪০ জন ক্ৰীড়াবিদলৈ পেঞ্চন, ৪০ জনলৈ এককালীন সাহায্য- পেঞ্চন লাভ কৰা প্ৰতিজন ক্ৰীড়াবিদক মাহে দিয়া হ'ব ৮ হাজাৰকৈ।

১৮.IPS বিষয়া অৰবিন্দ কলিতালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক। কলিতা আৰক্ষীৰ গৃহ নিৰ্মাণ নিগমৰ পৰিচালন সঞ্চালক।

১৯. DIG দেৱজ্যোতি মুখাৰ্জী, SP গৌতম বৰালৈ উত্কৃষ্ট সেৱা পদক। অসম আৰক্ষীৰ ১৫ জন বিষয়া-কনিষ্টবললৈ উত্কৃষ্ট সেৱা পদক।

২০. স্বাধীনতা দিৱসত যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা। ন' পাৰ্কিং জ'ন হিচাপে ঘোষণা কৰা হৈছে বহুকেইটা স্থান। জজ ফিল্ডৰ পূব দিশে, উত্তৰ দিশে ন' পাৰ্কিং।

২১. জজ খেলপথাৰত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মৰিগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

২২. বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ কাণ্ড। কোভিডৰ দৰে মহামাৰীৰ পৰীক্ষাৰ নামত হাস্পতালখনত ভেকোভাওনা চলাৰ অভিযোগ।

২৩. ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ নিৰ্দেশাৱলী শিক্ষা বিভাগৰ। মে' মাহৰ পৰা শিক্ষানুষ্ঠানৰ মাহেকীয়া মাচুল কমেও ২৫% হ্ৰাসৰ নিৰ্দেশ।

২৪. কাল কৰোনাৰ মাজতে পুনৰ বানৰ কবলত পৰিছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিভিন্ন অঞ্চল। লখিমপুৰত শিঙৰা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মহিলাসহ তিনিজনকৈ লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in