১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দিল্লীৰ মুকৰবাদ চ'কত অধিক বোজা কঢ়িওৱাৰ অপৰাধত ২,০০.৫০০ টকাৰ চালান লাভ কৰিলে এজন ট্ৰাক ড্ৰাইভাৰে। চালকজনৰ নাম ডি ৰামকৃষ্ণ।

২. 'যি সকলে কংগ্ৰেছ ত্যাগ কৰিছে, তেওঁলোক সুবিধাবাদী চৰিত্ৰৰ লোক।' -এই মন্তব্য কৰিলে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীয়ে।

৩. ইডিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত সোধা পোছা চলোৱা হয় কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰৰ জীয়াৰী ঐশ্বৰ্য্যকো। ইতিমধ্যে ইডিৰ জিম্মাত থকা শিৱকুমাৰৰ কন্যা ঐশ্বৰ্য্যলৈও ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাৰি কৰা হৈছিল চমন।

৪. 'ইছৰ'ৰ বিজ্ঞানীসকলে দৈনিক ১০-১২ ঘণ্টাকৈ কষ্ট কৰি চন্দ্ৰযান-২ সাজি উলিয়াইছিল। কিন্তু বাংগালুৰুলৈ আহি প্ৰধানমন্ত্ৰীয়ে বিজ্ঞাপন চলালে যে সেয়া তেওঁহে কৰিছে।' -এইদৰে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামী।

৫. পথ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ হাৰিয়ানাত অভিযান চলাব হাৰিয়ানা আৰক্ষীয়ে। সংশোধিত পৰিবহন আইনৰ অধীনত চলাব এই সজাগতা অভিযান।

৬. বৃহস্পতিবাৰে পশ্চিমবংগৰ শিয়ালদাহ ষ্টেছনৰ পৰা কলকতা আৰক্ষীৰ বিশেষ বাহিনীয়ে আটক কৰে ৩ জন ভাৰতীয় আৰু ৬জন বাংলাদেশী নাগৰিকক। ইন্দো-বাংলাদেশ সীমান্তত ধনৰ বিনিময়ত অবৈধভাৱে বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰোৱাইছিল আটকাধীন লোককেইজনে।

৭. 'দেশত অৰ্থনৈতিক মন্দাৱস্থা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, উদ্যোগ ক্ষেত্ৰৰ বিনাশ ঘটিছে।' -এই মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।

৮. 'মই মোৰ ভাষ্যত যি কৈছিলো, তাৰ এক নিশ্চিত অৰ্থ আছিল। কিন্তু একাংশই মাত্ৰ এটা শাৰীৰ উদ্ধৃতি দি মোৰ সমালোচনাত ব্যস্ত হৈ পৰিছে।' – মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক আইনষ্টাইন বুলি কৰা শেহতীয়া মন্তব্যৰ এই স্পষ্টীকৰণ দিয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে।

১০. 'মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ ওলোৱা বাতৰি ভুল। তেওঁৰ অৱসৰ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই।' -এই মন্তব্য কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এমএছকে প্ৰসাদে।

১১. টেষ্ট ক্ৰিকেটতো অপেনিঙৰ সুযোগ লাভ কৰিব পাৰে দুৰ্দান্ত বেটছমেন ৰোহিত শৰ্মাই। এই কথা সদৰী কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এমএছকে প্ৰসাদে।

১২. দিল্লীৰ এখন আদালতে বৃহস্পতিবাৰে ৬ মাহৰ কাৰাদণ্ড বিহি তিহাৰ জেললৈ প্ৰেৰণ কৰে আপৰ বিধায়ক সোম দত্তক। ২০১৫ চনত এক আক্ৰমণৰ ঘটনাত অভিযুক্ত বিধায়কজনে পূৰ্বেও ৬ মাহ কাল কাৰাবাস খাটিবলগা হৈছে।

১৩. জম্মু-কাশ্মীৰৰ কাঠুৱাত ৩জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী কেইজন জৈছ-ই-মহম্মদৰ সদস্য বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

১৪. পশ্চিম বংগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতাৰে ৰাজপথত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদ। ধৰ্মৰ বাবে, হিন্দু, মুছলিম, শিখ আৰু খ্ৰীষ্টান লোকসকলৰ বাবে এন আৰ চিত সমৰ্থন নজনায় বুলি ক'লে মমতা বেনাৰ্জীয়ে।

১৫. ২০ চেপ্তেম্বৰত ছবিগৃহলৈ ৰীমা দাসৰ 'বুলবুল কেন ছিং' ।

১৬. বাংলাদেশীৰ দখলত BTADৰ বহু ভূমি! ৪,৭০,৭৫৬ বিঘা ট্ৰাইবেল বেল্টৰ মাটি দখল বাংলাদেশীৰ। এই তথ্য প্ৰকাশ কৰিছে Heritage Foundation-এ ।

১৭. তাজিয়া তাণ্ডৱক লৈ উত্তাল ডিব্ৰুগড়। ধৃত আজাদ খানক বিনা চৰ্তে মুকলি কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। প্ৰতিবাদৰ নামত নিউ মাৰ্কেট লণ্ডভণ্ড প্ৰতিবাদকাৰীৰ।

১৮. নৈশবাছত নিৰ্যাতিত মহিলা সাংবাদিক । গুৱাহাটীৰ পৰা দুলীয়াজানলৈ নৈশ বাছেৰে আহি থাকোতে মহিলাগৰাকীৰ সৈতে এই অপৰাধ সংঘটিত হয় । আটক কৰা হৈছে এজন যুৱকক। 

১৯. ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে এতিয়া সৰব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বৃহস্পতিবাৰে কলিকতাৰ ৰাজপথত মমতা বেনাৰ্জীৰ নেতৃত্বত উলিওৱা হয় এক NRC বিৰোধী প্ৰতিবাদী সমদল।

২০. যোৰহাট স্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে ড: মালিনী গোস্বামীক । ড: গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপীকা ।

২১. দুৰ্গোত্সৱৰ প্ৰাকমুহূৰ্তত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক। ২৬ আৰু ২৭ ছেপ্তেম্বৰত দেশজোৰা বেংক ধৰ্মঘট ঘোষণা। বেংক চামিলকৰণৰ বাবে কেন্দ্ৰই লোৱা সিদ্ধান্তৰ বাবেই এই প্ৰতিবাদ ।

২২. চপৰা চপৰে গৰা খহিছে গোগামুখৰ ১ আৰু ২নং গেৰেকীত। সোৱণশিৰিৰ খহনীয়াই মাটি ভেটি উচন কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে। বৃহস্পতিবাৰে ভীমপৰা অঞ্চলৰ শতাধিক লোক ওলাই আহি উত্তাল কৰিলে সোৱণশিৰিৰ পাৰ।

২৩. ৰাজ্যত অব্যাহত গৰুৰ ছিণ্ডিকেট। প্ৰতিদিনে জব্দ হৈছে চোৰাংকৈ সৰবৰাহ কৰা গৰু। কলিয়াবৰ, শ্ৰীৰামপুৰৰ পিছত এইবাৰ গুৱাহাটীৰ বেলতলাত জব্দ দুখনকৈ পশুধন চোৰাং গৰুভৰ্তি ট্ৰাক।

২৪. ১৩ ছেপ্তেম্বৰত মুক্তি পাব হিন্দী ছবি ড্ৰীম গাৰ্ল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰানাই।

২৫. জম্মু-কাশ্মীৰত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা ব্যৰ্থ হ'ল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ। বৃহস্পতিবাৰে পুৱাই সন্ত্ৰাসবাদী সংগঠনটোৱে অত্যাধুনিক মাৰণাস্ত্ৰ কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰে ৩ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীকো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in