১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. এতিয়া বিজেপিয়ে কৰা কামবোৰ অগপই কৰিবলৈ লৈছে, মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছিল অগপৰ কাৰ্যনিবাহকে, সেই সিদ্ধান্তৰ পিছতো এই কাৰ্য কৰিলে অগপই।'– সংবাদমেলত এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।

২. 'দুৰ্নীতিৰ সৈতে ভিনিয়েকৰ সৈতে হাত আছে খুলখালীৰো' বুধবাৰে এক সংবাদমেলত ৰাহুল গান্ধীক এনেদৰে কটাক্ষ কৰিলে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে।

৩. 'অগপৰ কাৰ্যত অসমবাসী প্ৰতাৰিত হৈছে, অগপ ৰাইজৰ ওচৰত জবাবদিহি হ'বই লাগিব।'– অগপ-বিজেপিৰ মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিনজ্যোতি গগৈয়ে।

৪. ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ৫ দিনীয়া শৃংখলাত ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত সৰ্ম্পূণ কৰিলে ৮০০০ হাজাৰ ৰাণ। ২০৬ খন এদিনীয়াত ৰোহিতে সংগ্ৰহ কৰে এই ৰাণ।

৫. কৰ্ণাটকত কংগ্ৰেছ-জে ডি এছৰ মাজত আসনক লৈ বুজাবুজি। কংগ্ৰেছে ২০ খন আসনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে জেডিএছে প্ৰাৰ্থিত্ব আগবঢ়াব ৮ খন আসনত।

৬.  মুক্তিৰ ৫ দিনৰ অন্তত হিন্দী ছবি 'বদলা'ই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৩৩ কোটি টকা। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্চনে।

৭. 'জাতীয়তাবাদৰ কথা কোৱা অগপ প্ৰকৃততে জাতিদ্ৰোহীহে' এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

৮. পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয়। পঞ্চম ষান্মাসিকৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ তুলি ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিলে পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়। দুবাৰ পুনৰীক্ষণৰ পাছতো প্ৰাপ্য ফলাফল নোপোৱাত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী।

৯. ডিমৌৰ দিচাং ৰজাবাৰীত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন লোক। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত ২ আৰোহী।

১০. 'যি দলে পুনৰ চৰকাৰ গঠন কৰিলে CAB অনাৰ কথা কয়, তেনে দলৰ সৈতে কিহৰ তাড়নাত মিত্ৰতা কৰিলে অগপই।'– দিল্লীত এই মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ।

১১. কংগ্ৰেছ-আৰ জে ডিৰ মহামিত্ৰজোঁট। আসনক লৈ ১৭ মাৰ্চত হ'ব চূড়ান্ত সিদ্ধান্ত।

১২. 'অগপই বাৰে বাৰে ভুল কৰে, সকলোৱে ক্ষমা কৰিছিল, বিকল্প চিন্তা কৰাৰ সময় এয়া।'– এই মন্তব্য শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ।

১৩. বিজেপি আৰু শিৱসেনাই অহা ২৪ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰত আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ। উপস্থিত থাকিব বিজেপিৰ অধ্যক্ষ অমিত শ্বাহো।

১৪. তুৰাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা। ড০ মুকুল চাংমা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী। মেঘালয় কংগ্ৰেছৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অনুমোদনৰ বাবে প্ৰেৰণ CEC কমিটীলৈ।

১৫. 'নৈতিকতা বিসৰ্জন দি বিজেপিৰ সৈতে মিত্ৰতা অগপৰ।'– এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জয়নাথ শৰ্মাৰ।

১৬. অগপ ত্যাগ কৰিব মৰিয়নী নগৰ সমিতিৰ সভাপতিয়ে। দলৰ কামত নিৰাশ হৈ এই সিদ্ধান্ত ৰঞ্জিত গোহাঁইবৰুৱাৰ। বিজেপিৰ সৈতে মিত্ৰতাক লৈ অসন্তুষ্ট অগপৰ কৰ্মীগৰাকী।

১৭. ১৮ মাৰ্চৰ পৰা অচল হ'ব পাৰে ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়। এতিয়াও চৰকাৰে যোগান ধৰা নাই অভ্যাসন বহী। নিৰ্বাচনী আচৰণবিধিৰ বাবে যোগান ধৰিব পৰা নাই বহী।

১৮. 'ক্লাব বা সংঘৰ সভাপতি হোৱাৰো যোগ্যতা নাই ৰিপুণ বৰাৰ।' এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিয়া বাক্সা জিলা কংগ্ৰেছৰ সভাপতি ধীৰাজ ডেকাই।

১৯. ৰঙিয়া ষ্টেচনত বৃহৎ পৰিমাণৰ অবৈধ চুলাই জব্দ। GRPৰ অভিযানত জব্দ ৮০ লিটাৰ অবৈধ চুলাই। ঘটনাস্থলীৰ পৰা পলায়ন অসাধু সুৰা ব্যৱসায়ীৰ।

২০. 'মিজোৰামৰ ৰাজ্যপাল পদ মই লাভ কৰা বুলি একাংশ সংবাদ মাধ্যমে যি প্ৰচাৰ কৰি আছে সেয়া সম্পূৰ্ণ ভিত্তিহীন' – টুইটাৰত এই মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ।

২১. 'সন্ত্ৰাসবাদী সংগঠনক উচিত শিক্ষা দিয়াৰ আগত পাকিস্তানৰ সৈতে কোনো আলোচনা নহ'ব' এই মন্তব্য কৰিলও কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে।

২২. প্ৰয়াগৰাজত ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত ২গৰাকী যুৱতী।

২৩. নয়দাত এগৰাকী শিক্ষয়ত্ৰীক হত্যা। অভিযুক্তক আটক।

২৪. লোকসভা নিৰ্বাচনৰ অধিসুচনা জাৰি কৰাৰ পাছতে বুধবাৰে উত্তৰ প্ৰদেশৰ বৰেলী আৰক্ষীয়ে জব্দ কৰে ৩৫ লাখ ৩৭ হাজাৰ টকা। এখন বাহনৰ পৰা জব্দ কৰা হয় এই ধনখিনি।

২৫. চলিত বৰ্ষৰ ২৬ জুলাইত দেশৰ ছবি গৃহত মুক্তি পাব হিন্দী ছবি চুপাৰ ৩০। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঋতিক ৰোচনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in