১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কাইলৈ উৰুকা। ৰাজ্যত প্ৰতিবাদৰ ঢৌৰ মাজতে ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। সমগ্ৰ ৰাজ্যতেই জীয়াৰী-বোৱাৰীসকল ব্যস্ত হৈ পৰিছে পিঠা-পনা বনোৱাত।

২. দুদিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তানত উপস্থিত হৈছে ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ৷ তাত তেওঁ ফাৰ্ষ্ট ইণ্ডিয়া-চেন্ট্ৰেল এছিয়া ডায়ল'ৰ এক সন্মিলনত অংশ ল'ব৷

৩. বিহাৰৰ বেগুচৰাইত আৰক্ষীৰ এক অভিযানত নিহত হয় তিনি সন্ত্ৰাসবাদী৷ নিহত সন্ত্ৰাসবাদী কেইজনৰ নাম সুমন্ত কুমাৰ, ধৰ্মা যাদৱ আৰু বলৰাম চাহানী৷

৪. চান্দাৱলীত আৰক্ষীৰ জালত এজন ভুৱা নোট সৰবৰাহকাৰী যুৱক৷ যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫ লাখ ২০ হাজাৰ টকাৰ ২০০০ টকীয়া ভুৱা নোট৷

৫. আগন্তক লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আটাইকেইখন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছে। ডুবাইত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই ঘোষণা কৰিলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।

৬. জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত। নিৰাপত্তাৰক্ষীয়ে কাটাপোৰা আৰু কুলগামত অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।

৭. তেলেংগানাৰ পশ্চিম অঞ্চলত শনিবাৰে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ এটা অভিযানকাৰী দলে চলোৱা অভিযানত ৩৫টা চুৰি ফোনসহ গ্ৰেপ্তাৰ এজনক। জব্দ কৰা ম'বাইল কেইটা ধৃত চোৰটোৱে চুৰি কৰিছিল তেলেংগানা এখন ম'বাইলৰ দোকানৰ পৰা।

৮. ছিডনীত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়া আৰু ভাৰতৰ এদিনীয়া শৃংখলাৰ প্ৰথম মেচত জয়লাভ কৰে কেংগাৰু বাহিনীয়ে।

৯. শিলিগুৰিৰ পানীটাংকী আউটপোষ্টৰ সমীপত শনিবাৰে উদ্ধাৰ পুৰণি ৫০০টকীয়া নোট ভৰ্তি এটা বস্তা। আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

১০. গোৱাৰ এটা চিমেন্ট ফেক্টৰীত শনিবাৰে সংঘটিত হয় বিস্ফোৰণ। এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় ৯জন। আহত আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।

১১. 'অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ চৰকাৰে চি বি আইৰ প্ৰৱেশ ৰাজ্য কেইখনত প্ৰৱেশ নিষেধ কৰিছে। এনেকুৱা কি হ'ল যে তেওঁলোকে চি বি আইৰ প্ৰৱেশ ৰাজ্য কেইখনত নিষেধ কৰিলে?'- শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধিবেশনত প্ৰধানমন্ত্ৰী মোডীয়ে কৰে এই মন্তব্য।

১২. পেৰিচত শনিবাৰে এখন বেকাৰী দোকানত সংঘটিত হয় বিস্ফোৰণ। এই বিস্ফোৰণত ১২জনকৈ লোক হোৱাৰ বিপৰীতে ৫জনৰ অৱস্থা অতি সংকটজনক।

১৩. শনিবাৰে দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় অধিবেশনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয়- 'ডেৰ বছৰৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰে ১৮ লাখ লোকক বাসগৃহ লাভ কৰাইছে।'

১৪. মধ্যপ্ৰদেশৰ চিন্দৱাৰা কংগ্ৰেছৰ উপ-সভাপতি প্ৰদীপ ছাক্সেনাৰ দেৱাসান। 'সূৰ্য নমস্কাৰ' শীৰ্ষক এক অনুষ্ঠানত অংশ লোৱা সময়তে হৃদযন্ত্ৰ বিকল হৈ পৰাৰ ফলত মৃত্যুক সাৱটিবলগীয়া হয় উপ-সভাপতি ছাক্সেনাই।

১৫. হিমাচলপ্ৰদেশত তুষাৰপাত। তুষাৰপাতৰ ৰাজ্যখনত যান-বাহন চলাচলত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।

১৬. শনিবাৰে জম্মু-কাশ্মীৰত মকৰ সংক্ৰান্তি পালন কৰে বি এছ এফ জোৱানে। বি এছ এফ কেম্পত জোৱানসকলৰ মাজত বিৰাজ কৰে উৎসৱমুখৰ পৰিৱেশ।

১৭. ডুবাইৰ এক অনুষ্ঠানত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কয়- 'মই পাকিস্তানৰ সৈতে সু-সম্পৰ্ক গঢ়িবলৈ সাজু। কিন্তু মই পাকিস্তানে ভাৰতীয় নিৰীহ লোকৰ মাজত আতংকৰ সৃষ্টি কৰাটো মই কেতিয়াও আওকাণ নকৰো।

১৮. প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি 'এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰে' মুক্তিৰ প্ৰথম দিনাই উপাৰ্জন কৰে ৬ কোটি টকা। ছবিখন নিৰ্মাণ কৰা হৈছে ২৩ কোটি টকাত।

১৯. 'কংগ্ৰেছক ভোট দিয়া মানেই আপোনালোকে বিজেপিক জয়যুক্ত কৰোৱা। আমি আগন্তুক লোকসভাত দিল্লীৰ ৭খন আসনেই লাভ কৰিবলৈ সক্ষম হ'ম'- এই মন্তব্য আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালৰ।

২০. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কন্যা সন্তানক অপহৰণৰ ভাবুকি দুষ্কৃতিকাৰীৰ। মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক অজ্ঞাত ই-মেইল যোগে এই ভাবুকি প্ৰদান কৰে কোনো লোকে।

২১. পশ্চিম বংগৰ মুৰ্চিদাবাদত অস্ত্ৰসহ এজন যুৱক আটক৷ ধৃত যুৱকজনক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ৷

২২. সাৰদা কেলেংকাৰীত অভিযুক্ত তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰামৰ পত্নী নলিনী চিদাম্বৰামক শনিবাৰে অন্তৰীম সুৰক্ষা প্ৰদান কৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। পশ্চিম বংগৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰৰ অগ্ৰীম জামিন নকৰা পৰ্যন্ত প্ৰদান কৰা হৈছে এই অন্তৰীম সুৰক্ষা।

২৩. কাছাৰত বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া। শনিবাৰে কেবাটাও সংগঠনে ৰায়ৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

২৪. নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ কেইবা ঠাইতো শনিবাৰে জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা। সৰ্বানন্দ সোণোৱালক জাতীয় শত্ৰু আখ্যা দি পদত্যাগ কৰাৰ দাবী একাংশৰ।

২৫. দিল্লীত লোমহৰ্ষক হত্যাকাণ্ড। বাহনেৰে সামান্য খুন্দা মৰাৰ বাবেই এজন লোকক মৰিয়াই হত্যা। হত্যাকাৰীজন নিহতজনৰ ওচৰ চুবুৰীয়া বুলি চিনাক্ত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in