১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমৰ প্ৰাক-মেট্ৰিক স্কলাৰশ্বিপ কেলেংকাৰীৰ তদন্ত কৰিব চিবিআইয়ে। ইয়াৰ পূৰ্বে চিআইডিয়ে ৰাজ্যৰ সংখ্যালঘু সকলৰ বাবে আগবঢ়োৱা মেট্ৰিক স্কলাৰশ্বিপ আঁচনি ৰূপায়ণত হোৱা কেলেংকাৰী সম্পৰ্কীয় গোচৰটোৰ তদন্ত চলাইছিল।

২. লিবাৰেল ডেমক্ৰেটিক পাৰ্টিয়ে লুই বাৰ্জাৰ কেলেংকাৰিত তদন্তত পলম হোৱাৰ বাবে চিবিআইক প্ৰশ্ন কৰে। উল্লেখ্য যে, অসমত কোম্পানীটোৱে ৬.৫ লাখ টকাৰ কেলেংকাৰী কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল।

৩. অসমৰ বিশিষ্ট চিত্ৰ শিল্পী ত্ৰৈলোক্য দত্তৰ দেহাৱসান। তেখেত অসমৰ কাৰ্টুন শিল্পৰ পথিকৃৎ আছিল। তেখেতে বাখ্যা চিত্ৰ আৰু কেলিগ্ৰাফীলৈ যথেষ্ট অৱদান আগবঢ়াইছিল।

৪. গুৱাহাটীলৈ লৈ অনা হৈছে আলফাৰ উপ সেনা প্ৰধান দৃষ্টি ৰাজখোৱাক। আলফা নেতা জনে মেঘালয়ৰ গাৰো পাহাৰ জিলাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষৰ অন্তত আত্ম সমৰ্পন কৰিছিল।

৫. ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব গুৱাহাটী গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদে কৰিছে এই ঘোষণা।

৬. ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে ঘোষণা কৰে যে- ৰাজ্য চৰকাৰখনে বিভিন্ন বিভাগৰ ৩৯৭০ জন শিক্ষক নিযুক্তি দিব।

৭. অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে হোললোঙীৰ গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণত নিয়োজিত বিষয়াসকলক কাম ক্ষীপ্ৰ কৰিবলৈ অনুৰোধ জনায়। যাতে প্ৰকল্পটো ২০২২ চনৰ আগষ্টৰ ভিতৰত সমাপ্ত হয়।

৮. অসমত আকৌ ৩জন লোকে কোৰোনাত আক্ৰান্ত হৈ হেৰুৱালে প্ৰাণ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫৭জনলৈ পাইছে বৃদ্ধি।

৯. অসমত নতুনকৈ ২০২জনৰ দেহত ধৰা পৰিছে কোৰোনা পজিটিভ। ইয়াৰে ৩৩জন কামৰূপ মেট্ৰ'ৰ।

১০. সজাই পৰাই তোলা হৈছে অযোধ্যা। দিপাৱলিৰ বাবে ৰং বিৰঙৰ লাইটেৰে সজাই তোলা হৈছে অযোধ্যা চহৰ।

১১. মুম্বাইত আকৌ ৮৫৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৬৭৬০৪জনলৈ পাইছে বৃদ্ধি।

১২. বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত ৪৪৯৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ১২২জনৰ মৃত্যু।

১৩. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৫৪জনলৈ পাইছে বৃদ্ধি।

১৪. কংগ্ৰেছ নেতা শচীন পাইলট আক্ৰান্ত কোৰোনাত। টুইটাৰযোগে খোদ তেওঁ এই কথা সদৰী কৰে।

১৫. তামিলনাডুত নতুনকৈ ২১১২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৫২৫২১জনলৈ পাইছে বৃদ্ধি।

১৬. পঞ্জাৱত ১৩৯৮৬৯জনলৈ বৃদ্ধি পাইচে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ৬৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৭. বৰ্তমানলৈ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেই সন্দৰ্ভত এনডিএ-য়ে ল'ব সিদ্ধান্ত। এই মন্তব্য বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ।

১৮. জম্মু-কাশ্মীৰত নতুনকৈ ৬১৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ২২৬জন জম্মু আৰু ৩৯১জন কাশ্মীৰ ডিভিজনৰ।

১৯. অন্ধ্ৰপ্ৰদেশত আকৌ ১৭২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ৮৪৯৭০৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২০. ৰাজস্থানত আকৌ ২১৭৬জনৰ দেহত বৃহস্পতিবাৰে ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই দিনটোত কোৰোনাত আক্ৰান্ত ১৩জনকৈ লোকে হেৰুৱাই প্ৰাণ।

২১. কৰ্ণাটকত ৮৫৫৯১২জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যখনত নতুকৈ ২১১৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২২. কেৰালাত নতুনকৈ ৫৫৩৭জনৰ দেহত ধৰা পৰে কোবিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ ৭৭৮১৩ ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

২৩. ১৩ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি চালাং। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ ৰাওৱে।

২৪. হিমাচলপ্ৰদেশত আকৌ ১৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৭৫৮৮জনলৈ পাইছে বৃদ্ধি।

২৫. লংকা কাকীত অমানবীয় কাণ্ড। পিতৃ বয়সীয়া এজন ব্যক্তিৰ কামণাৰ বলি হ'ল এগৰাকী নাবালিকা। কিশোৰী ধৰ্ষনকাৰীক ৰাইজে উত্তম মধ্যম দি গতালে দিলে কাকী আৰক্ষীক । তিনিদিন পুৰ্বে কাকী মুদৈয়নী গাঁৱৰ কলিৰাম মুদৈ নামৰ তিনি সন্তানৰ পিতৃয়ে কৰে এই জঘন্য কাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in