১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ওড়িশাত একে দিনাই ৰুজু কৰা হ'ল ৩টাকৈ ধৰ্ষণৰ গোচৰ। ৰাজ্যখনৰ বাংৰিপোছী, ৰাজগোবিন্দপুৰ আৰু কৰণজিয়াত সংঘটিত হয় এই ধৰ্ষণকাণ্ড। এটা গোচৰৰে জড়িত এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।

২. দাদৰ ৰে'লৱে ষ্টেচনত এজন ভুৱা টিকট চেকাৰক ৰে'লযাত্ৰীৰ উত্তম মাধ্যম। ৰে'লযাত্ৰীৰ পৰা টিকট নথকাৰ অজুহাতত জৰিমণাৰূপে মোটা পৰিমাণৰ ধন সৰকোৱাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।

৩. অন্ধ্ৰপ্ৰদেশৰ মন্দাৱলী মণ্ডলৰ ভৈৰৱপটনমত গ্ৰেপ্তাৰ এজন পাষণ্ড। নিজৰে ৩ বছৰীয়া নাতিনীয়েকৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ধৃত লোকজনৰ বিৰুদ্ধে।

৪. মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে কংগ্ৰেছ-এনচিপিৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত এনচিপিৰ নেতা জয়ন্ত পাটিল, অজিত পাৱাৰৰ লগতে কংগ্ৰেছ বালাচাহেব থোৰাত, পৃথ্বিৰাজ চৌহানসহ ভালেকেইজন নেতা।

৫. বৃহস্পতিবাৰে ওড়িশাত বুলবুল ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব দিল্লীৰ পৰা যোৱা এটা কেন্দ্ৰীয় দলে। বৃহস্পতিবাৰে দলটোৱে ভদ্ৰক জিলা পৰিদৰ্শন কৰাৰ পিছত ১৫ নৱেম্বৰত পৰিদৰ্শন কৰিব কেন্দ্ৰপাৰা জিলা।

৬. বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰক সাক্ষাৎ কৰিব ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে। চেন্ট্ৰেল পুললৈ ছত্তীগড়ৰ পৰা চাউল ৰপ্তানী সন্দৰ্ভত কৰিব আলোচনা।

৭. অযোধ্যা বিবাদমান গোচৰৰ ৰায়দান সন্দৰ্ভত ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি ইন্দোৰত গ্ৰেপ্তাৰ এজন লোক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম জীতেন্দ্ৰ চৌহান।

৮. দিল্লী-এনচিআৰত বৃদ্ধি পোৱা ভয়াবহ প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত ১৪ আৰু ১৫ নৱেম্বৰত বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান। দিল্লী চৰকাৰে ঘোষণা কৰিছে এই কথা।

৯. বৰোদৰাত ১৭ বছৰীয়া কিশোৰৰ অভিনৱ সৃষ্টি। ইন্টাৰনেটৰ সহায়ত বেনাৰ আৰু হৰ্ডিঙেৰে সাজি উলিয়ালে ৩৫ খনকৈ ৰিমোট চালিত মডেল প্লেন। লক্ষণীয়ভাৱে প্ৰিন্স পাঞ্চাল নামৰ এই কিশোৰজনে দশম শ্ৰেণীৰ পৰীক্ষাত আটাইকেইটা বিষয়ত অনুত্তীৰ্ণ হৈছিল।

১০. চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল কৰ্ণাটকৰ জ্যেষ্ঠ নেতা ডি কে শিৱকুমাৰ। মঙলবাৰে নিশা হঠাৎ বুকুৰ বিষত ভূগা শিৱকুমাৰক ভৰ্তি কৰোৱা হৈছিল বাংগালুৰৰ এখন চিকিৎসালয়ত।

১১. কৰ্ণাটক জেডিএছ-কংগ্ৰেছৰ অযোগ্য ঘোষিত ১৭ গৰাকী বিধায়কে বৃহস্পতিবাৰে যোগ দিব ভাৰতীয় জনতা পাৰ্টীত। মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই কৰিলে এই ঘোষণা।

১২. দুদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং। অৰুণাচলৰ টাৱাঙৰ নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰাৰ লগতে এখন দলঙৰ শুভাৰম্ভও কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

১৩. প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ ন্যায়িক জিম্মাৰ ম্যাদ ২৭ নৱেম্বৰলৈ বৃদ্ধি। দিল্লীৰ ৰাউচ এভিনিউ আদালতে বৃদ্ধি কৰে আইএনএক্স মিডিয়া কেলেংকাৰীত নাম সাঙোৰ খাই পৰা পি চিদাম্বৰমৰ ন্যায়িক জিম্মাৰ ম্যাদ।

১৪. দিল্লীত বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰে ৱালেছৰ ৰাজকুমাৰ প্ৰিন্স চাৰ্লছে। ৩দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে প্ৰিন্স চাৰ্লছ।

১৫. জম্মু-কাশ্মীৰৰ অৱন্তিপুৰাত সাধাৰণ লোকৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। বুধবাৰে অৱন্তিপুৰৰ ট্ৰাল এলেকাত সাধাৰণ লোকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।

১৬. নিৰ্বাচন বন্ধ কৰি ৰখা তিৱা স্বায়ত্ব পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ ৬টা সমষ্টি নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ।

১৭. নলবাৰীৰ ৮৬ সংখ্যক ৰাস মহোৎসৱত ব্যাপক উলহ মালহ। মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱৰ দ্বিতীয় দিনাও দেখা গল ভক্তপ্ৰাণ দৰ্শকৰ অগণন ভিৰ।

১৮. বেতন বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম প্ৰাথমিক ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ। অহা ১৯ নৱেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ মিছন সমন্বয়কৰ কার্যালয়ত দিনৰ ১০ বজাৰ পৰা "তলা-বন্ধ" কাৰ্যসূচী ৰূপায়ণ কৰিব।

১৯. 'যেতিয়ালৈকে মুখ্যমন্ত্ৰী পদকলৈ প্ৰশ্ন উঠিব, তেতিয়ালৈকে শিৱসেনাৰ নতুন চৰ্ত আমি কেতিয়াও মানিব নোৱাৰো।' এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

২০. ক্ষুব্ধ ৰন্ধনকৰ্মীক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অপমাণ কৰাৰ অভিযোগ। বুধবাৰে সমস্যা আলোচনাৰ বাবে বৈঠকলৈ মাতিও মন্ত্ৰী নাথাকিল উপস্থিত।

২১. হিতেশ দেৱ শৰ্মাক এনআৰচিৰ মুখ্য সমন্বয়ক পদৰ পৰা আঁতৰোৱাৰ দাবী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ চিঠি লিখিলে সাংসদ আব্দুল খালেকে।

২২. 'পাটকাইৰ লগতে অন্যান্য পাহাৰবোৰ খান্দি ধ্বংস কৰিলে ক'ল ইণ্ডিয়াই'। সংবাদমেলত কৃষক নেতা অখিল গগৈৰ অভিযোগ।

২৩. মঙলদৈ জিলা পৰিৱহন বিষয়াৰ কাৰ্যালয়ত প্ৰচণ্ড মাৰপিট। এনফ'ৰ্চমেন্ট বিষয়াক প্ৰহাৰ কৰিলে এমভিআইয়ে।

২৪. ধুবুৰীৰ গৌৰীপুৰত পথ দুৰ্ঘটনাত নিহত এজন। তীব্ৰবেগী বাইকৰ খুন্দাত নিহত চাইকেল আৰোহীজন বিৰাজ মোহন অধিকাৰী।

২৫. বিজনীত পৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। পত্নীক দাৰে ঘপিয়াই স্বামীৰ আত্মহত্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in