১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সোমবাৰে ইন্দোৰত উপস্থিত হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰিয়ংকাই।

২. পূব ছিকিমৰ বাবা হৰভজন মন্দিৰ আৰু ছাংগু হ্ৰাদ সংযোদী পথত আৱদ্ধ যান-জঁট আতৰাবলৈ ভাৰতীয় সেনাৰ জোৱানে কৰে সহায়। হঠাৎ অহা বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত পথটোত আৱদ্ধ হয় শ শ যান-বাহন।

৩. 'কমল হাছানৰ জিভা কাটি দিব লাগে, তেওঁ হিন্দু সন্ত্ৰাসবাদী সন্দৰ্ভত যি মন্তব্য কৰিছে।'- তামিল নাডুৰ মন্ত্ৰী কে টি ৰাজেন্দ্ৰ বালাজীয়ে কৰে এই মন্তব্য।

৪. পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি কৰ্মীৰ প্ৰতিবাদ। ৰাজ্যখনৰ জাদৱপুৰত অমিত শ্বাহক ৰেলী আৰু হেলিকপ্টাৰ নমাবলৈ অনুমতি নিদিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ।

৫. বৰপেটাৰ কাছুমাৰাত শোকাৱহ ঘটনা। বজ্ৰপাত পৰি আহত দুই স্বামী-স্ত্ৰী নুৰজালাল হক আৰু মইনা খাতুন।

৬. কেইলংৰ পৰা ককছাৰলৈ হিমাচলপ্ৰদেশ পৰিবহণ নিগমৰ বাছ সেৱা পুনৰ আৰম্ভ। পথটোত বৰফৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ আছিল যোৱা কিছু দিনৰ পৰা।

৭. বানপানীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ পদক্ষেপ। বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈ ১৪৪ ধাৰা আৰু গাড়ীৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰণ।

৮. জম্মু-কাশ্মীৰৰ অনন্তনাগত জেইছ-ই-মহম্মদৰ এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীটোৰ নাম হিলাল নাইকু। লগতে আৰক্ষীয়ে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।

৯. 'শুদ্ধ এন আৰ চিৰ বাবে আছুৱে সদায় কাম কৰি যাব। ৰাজ্যত এন আৰ চি প্ৰক্ৰিয়া বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ চলিছে।' সোমবাৰে এই মন্তব্য কৰে আছুৰ সভাপতি দীপাংকৰ নাথে।

১০. তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড। ৰাজ্যখনৰ কোয়েমবেডু বাছ আস্থানৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড।

১১. কলকাতা এয়াৰপৰ্টত ২০খনকৈ বিমানৰ উৰণ বাতিল। স্থানীয় এলেকা নেটৱৰ্কৰ বিজুতিৰ বাবে সন্ধিয়া প্ৰায় ৫.১৫ বজাৰ পৰা সকলো বিমানৰ উৰণ বাতিল।

১২. ফাৰিদাবাদ সংসদীয় সমষ্টিৰ ৮৮নং ভোটগ্ৰহণ কেন্দ্ৰত ১৯ মে'ত হ'ব পুনৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগে জনায় এই কথা।

১৩. সোমবাৰে ওড়িশ্যাৰ মালকানগিৰিত আই ই ডি বিস্ফোৰণ। জগপাল সিং নামৰ এজন বিএছএফ জোৱান গুৰুতৰভাৱে আহত হয় বিস্ফোৰণত।

১৪. সোমবাৰে চলচিত্ৰ পৰিচালক ৰীমা দাসৰ জন্মদিন। নিজৰ ওপজা দিনটোত ফ্ৰান্সত কাঁ চলচিত্ৰ মহোৎসৱত পৰৱৰ্তী ছবি 'বুল বুল কেন ছিং'ৰ প্ৰদৰ্শনক লৈ ব্যস্ত ৰীমা দাসক অনুৰাগীৰ শুভেচ্চা।

১৫. মধ্যপ্ৰদেশৰ উজেইনৰ মহাকালেশ্বৰ মন্দিৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ পূজা-অৰ্চনা। তেওঁৰ লগত উপস্থিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথো।

১৬. সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ ১৯মে', ২০১৯ত পশ্চিমবংগলৈ মোতায়েন কৰা হ'ব কেন্দ্ৰীয় নিৰাপত্তাৰ কোম্পানী। মুঠ ৭১০টা কোম্পানীৰ নিৰাপত্তাৰক্ষী ৰাজ্যখনত কৰা হ'ব মোতায়েন।

১৭. সোমবাৰে মাইবেলৰ সামৰিক বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিলে আলফা (স্বাঃ)ৰ কেডাৰ পদুম অসমে। ২০১০ চনত আলফাত যোগদান কৰিছিল পদুমে।

১৮. সোমবাৰে ৰঙিয়া ৰে'ল ষ্টেচনত জব্দ হয় বৃহৎ পৰিমাণৰ আফিং। সৰবৰাহকাৰী হিতেশ কলিতাক আটক আৰক্ষীৰ।

১৯. পুনে ইন্টাৰনেশ্যনেল এয়াৰপৰ্টত এজন যাত্ৰীক আটক। আটক কৰা যাত্ৰীজনৰ পৰা ৫১১ গ্ৰাম ওজনৰ সোণ জব্দ।

২০. বিদ্যুত্‍ যোগান নিয়মীয়াকৰণৰ দাবী। বাক্সাৰ বৰমাত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই।

২১. মঙলবাৰৰ পৰা প্ৰশাসনে মুকলি কৰি দিব হাইলাকান্দিত ইন্টাৰনেট সেৱা। দিনৰ ভাগত নাথাকিব সান্ধ্য আইন। নিশাহে বলবৎ থাকিব সান্ধ্য আইন।

২২. এন আৰ চিৰ আপত্তিৰ নামত হাৰাশাস্তি বন্ধৰ দাবী। সোমবাৰে তেজপুৰত আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ।

২৩. 'বাৰিষাৰ বতৰেই হওঁক বা ফৰকাল বতৰেই হওঁক, দেশবাসীয়ে এওঁলোকৰ ৰাজনীতিৰ সত্যতা বুজি পাইছে।'- প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

২৪. শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰীৰ পাৰত সোমবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ। জিলা প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে চলাই এই উচ্চেদ অভিযান।

২৫ 'কংগ্ৰেছ দলে ৫০খন আসন লাভ কৰিবলৈ সংঘৰ্ষ কৰি আছে।'- এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in