১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে হাফলঙত। ডিমা হাছাওলৈ শান্তি উভতাই অনাৰ বাবে বৃহস্পতিবাৰে জিলা উপায়ুক্তই আহ্বান জনাই এখন বৈঠকৰ।

২. চৰকাৰী চুক্তিত ভুৱা নথি জমা দিয়াৰ অভিযোগ। নয়দাৰ অসমবাসী কল্যাণ সন্থাৰ সভাপতি গীতাৰ্থ দৰ্শন বৰুৱাক শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ নাগালেণ্ড আৰক্ষীৰ।

৩. পৰ্টুগালৰ ৰাষ্ট্ৰপতি উপস্থিত ভাৰতত। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি বৃহস্পতিবাৰে উপস্থিত হয় তেওঁ।

৪. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক। গাৰ্গী কলেজৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোক দুজনক।

৫. ড০ আৰ কে পাচৌৰীৰ দেহাৱসান। দ্য ইনাৰ্জী এণ্ড ৰিছোৰ্চেছ ইনষ্টিটিউৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল তেওঁ।

৬. নগাঁৱৰ ধিঙত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এটা দুৰ্ধৰ্ষ ডকাইত। দুৰ্ধৰ্ষ ডকাইতটোৰ নাম বাবুল হুছেইন।

৭. জাগুনৰ অপহৃত ক্ৰাছাৰ মিলৰ কৰ্মচাৰী বৈকুণ্ঠ সন্দিকৈৰ তিনিদিনেও সন্ধান নাই। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত চাঞ্চল্য।

৮. অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদন প্ৰেৰণ। গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ'ল প্ৰতিবেদনৰ প্ৰতিলিপি।

৯. বিশ্ব বক্সিঙৰ ৩ নম্বৰ ৰেংকিঙত অসমৰ লাভলীনা। টকিঅ' অলিম্পিকৰ পূৰ্বে লাভলীনা বৰগোহাঁইৰ উত্থান।

১০. ভিটেয়ানামৰ উপৰাষ্ট্ৰপতি ডি টি এন থিনে সাক্ষাৎ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। ৰাষ্ট্ৰপতিভৱনত সাক্ষাৎ কৰে তেওঁক।

১১. পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ানাছামী মিলিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। দিল্লীত মিলিত হয় তেওঁলোক।

১২. মণিপুৰৰ ছাইকুলত গ্ৰেপ্তাৰ এজন লোকক। ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে লোকজনক।

১৩. জম্মু-কাশ্মীৰৰ পুঞ্চত আৰক্ষীৰ অভিযান। অভিযানকালত উদ্ধাৰ এটা একে-৪৭, ৪৭টা ৰাইফল আৰু বহু অস্ত্ৰ-শস্ত্ৰ।

১৪. এয়াৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক নিযুক্তি। আই এ এছ বিষয়া ৰাজীৱ বাঞ্চালক প্ৰদান কৰা হয় এই দায়িত্ব।

১৫. দিল্লীত চৰকাৰ গঠন কৰাত বিফল বিজেপি। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য- 'দিল্লী নিৰ্বাচনত আমাৰ পৰাজয় মই স্বীকাৰ কৰিছো।'

১৬. জম্মু-কাশ্মীৰৰ আৱন্তিপোৰত গ্ৰেপ্তাৰ এটা সন্ত্ৰাসবাদীক। জেইছ-ই-মহম্মদৰে জড়িত সন্ত্ৰাসবাদীটো।

১৭. দিল্লীৰ চিকিৎসালয়ত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সন্দেহত ৪০জন ৰোগী চিকিৎসাধীন। এই কথা সদৰী কৰিলে দিল্লীৰ চিকিৎসক ৰাম মনোহৰ লোহিয়াই।

১৮. ইউনাইটেড কিংডমৰ নতুন বিত্তমন্ত্ৰী নিযুক্তি। ইউ কেৰ প্ৰধানমন্ত্ৰীয়ে ৰিশি সুনাকক প্ৰদান কৰা হয় এই দায়িত্ব।

১৯. হিমাচলপ্ৰদেশৰ হিমাৰপুৰত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজন লোক।

২০. ১৪ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি লাভ আজ-কল ২০২০। ছবিখনত অভিনয় কৰিছে ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ানে।

২১. হিমাচলপ্ৰদেশত অব্যাহত তুষাৰপাত। তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পথত যান-বাহন চলাচল ব্যাহত।

২২. ছত্তীশগড়ত নিশা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে এখন বাহন। আহত দুজন লোক।

২৩. ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থাকিব জুবিন গাৰ্গ। পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সদৰি কৰিছে এই কথা।

২৪. ধৰ্মৰ নামত ৰাজনীতি কৰা আমিনুল ইছলামৰ অসমত স্থান নাই।' সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকে কৰিছে এই মন্তব্য।

২৫. অসম চৰকাৰে দিব পৰা নাই বিধায়কৰ দৰমহা। শীঘ্ৰে দৰমহা দিবলৈ চৰকাৰক আহ্বান কেবাগৰাকী বিধায়কৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in