১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ১৪ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব জম্মু বিশ্ববিদ্যালয়ৰ পাঠদান। বিশ্ববিদ্যালয়খনৰ প্ৰবক্তাগৰাকীয়ে জনালে এই কথা।

২. প্ৰয়াত বিজেপি জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ শোক সভাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ নেতৃবৰ্গ। সকলোৱে ২ মিনিটৰ বাবে অৱলম্বন কৰে মৌনতা।

৩. কেৰালাত বানৰ তাণ্ডৱ অব্যাহত। ৮ আগষ্টৰ পৰা ১৩ আগষ্টলৈ বানৰ ফলত নিহত ৯১জন লোক। ইফালে, ৫৯জন লোক সন্ধানহীন আৰু ৩৪জনকৈ লোক আহত।

৪. 'সুষমা স্বৰাজজী এগৰাকী দৃঢ় মনোবলৰ নেত্ৰী আছিল। তেওঁ যি কৈছিল সেয়াই কৰি দেখুৱাইছিল। তেওঁ সকলোৰে সৈতে মিলাপ্ৰীতিৰে থাকিছিল।'- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৫. কেৰালাত অপৰিৱৰ্তিত বান পৰিস্থিতি। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত কোচিৰ পথত আৱদ্ধ শ শ যান-বাহন।

৬. উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত আগন্তুক ৪৮ ঘণ্টালৈ ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা।

৭. স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে দেশৰ সেনা বাহিনী। উধমপুৰৰ পি জি গ্ৰাউণ্ডত অনুশীলনত ব্যস্ত সেনা জোৱানসকল।

৮. সন্ধিয়া প্ৰায় ৪.২০ বজাত ভূমিকম্পই কঁপালে জম্মু-কাশ্মীৰ। প্ৰায় ৪.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে জম্মু-কাশ্মীৰ।

৯. গুৰুগ্ৰামত মঙলবাৰে ধাৰাসাৰ বৃষ্টিপাত অব্যাহত। বৰষুণৰ ফলত অঞ্চলটোৰ বাট-পথ সমূহত বানৰ সৃষ্টি। ভীষণ অসুবিধাৰ সন্মুখীন সৰ্বসাধাৰণ ৰাইজ।

১০. মহাৰাষ্ট্ৰৰ ছাংগীৰ হৰিপুৰ ৰোডত এন ডি আৰ এফ বাহিনীয়ে আগবঢ়াই বিনামূলীয়া চিকিৎসা সেৱা। বানত সৰ্বহাৰা হোৱা শ শ বন্যাৰ্তক প্ৰদান কৰা হয় চিকিৎসা সেৱা।

১১. মহাৰাষ্ট্ৰত বানৰ সংহাৰ ৰূপ অব্যাহত। ঔৰংগাবাদ ডিষ্ট্ৰিক ক'ৰ্পাৰেটিভ মিল্ক প্ৰডিউচাৰ ইউনিয়নে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই ২৫ লাখ টকা।

১২. সোণভাদ্ৰাত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ভূমি বিবাদক কেন্দ্ৰ কৰি মৃত্যু হোৱা লোকৰ পৰিয়ালক সাক্ষাৎ কৰে প্ৰিয়ংকা গান্ধীয়ে।

১৩. স্বাধীনতা দিৱসত খোলা থাকিব দিল্লীৰ সকলো মেট্ৰ' ষ্টেচন। কিন্তু ১৪ আগষ্টৰ পুৱা ৬ বজাৰ পৰা ১৫ আগষ্টৰ দিনৰ ২ বজালৈ বন্ধ থাকিব মেট্ৰ' ষ্টেচনৰ পাৰ্কিং।

১৪. মঙলবাৰে পুৱা ওড়িশ্যাৰ সম্বলপুৰ-টিটলাগড় ছেকশ্যনত বন্ধ ৰখা হয় ৰেল যাত্ৰা। ৰেল লাইনৰ ওপৰেৰে বাঢ়নী পানী হৈ যোৱাৰ বাবে স্থগিত ৰখা হয় ৰেলৰ যাত্ৰা।

১৫. ছিকিম ডেম'ক্ৰেটিক ফ্ৰ'ন্টৰ ১০গৰাকী বিধায়কে যোগ দিয়ে বিজেপিত। বিজেপিৰ কাৰ্যবাহী সম্পাদক জে পি নড্ডাৰ উপস্থিতিত যোগ দিয়ে দলটোত।

১৬. ২০১৯ৰ জুলাই মাহত হ্ৰাস পালে তিনি আৰু চাৰিচকীয়া বাহনৰ বিক্ৰী। ২০১৮ৰ জুলাইত বিক্ৰী হৈছিল ২২,৪৫,২২৩খন বাহন। কিন্তু ২০১৯ৰ জুলাইত বিক্ৰী পালে ১৮,২৫,১৪৮খন বাহন।

১৭. কেৰালাৰ চুন্দালেত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁ সাহায্য শিবিৰত উপস্থিত হৈ লগ কৰে বন্যাৰ্তসকলক।

১৮. মধ্যপ্ৰদেশৰ পিপাৰিয়াকালা গাঁৱত এটা কুঁৱাত পৰে বাঘ। বন বিভাগে উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ কৰে বাঘটো।

১৯. মহাৰাষ্ট্ৰৰ পালঘাৰত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। এখন ট্ৰেভেলাৰ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে পথৰ দাঁতিত। দুৰ্ঘঠনাত গুৰুতৰভাৱে আহত ১৪জনকৈ লোক।

২০. কানপুৰৰ এটা ফেক্টৰীত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ ফলত নিহত ১জন লোক। ইফালে গুৰুতৰভাৱে আহত ৪জন।

২১. দিল্লীৰ গান্ধীনগৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড। ২১খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

২২. গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক। নাৰী সৰবৰাহৰাকীৰ সৈতে জড়িত গ্ৰেপ্তাৰ কৰা ধৃত দুজন।

২৩. ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ছাহো। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

২৪. হায়দৰাবাদত জঘন্য ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰৰ চেষ্টা ৪৫ বছৰীয়া এজন পাষাণৰ। আৰক্ষীয়ে অভিযোগ অনুসৰি গ্ৰেপ্তাৰ কৰে অভিযুক্তগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

২৫. স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটা দিন। বৃহস্পতিবাৰে সমগ্ৰ দেশে পালন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস। ৰাজ্যৰ লগতে দেশত কটকটীয়া নিৰাপত্তা বেষ্টনী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in