১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ২৬ টা সমষ্টিতেই বিজেপিৰ জয়।

২) বিটিচিক কোকলাবাৰী সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী মণ্টু বড়োৰ জয়লাভ।

৩)   ঘিলামৰা আৰক্ষীৰ জালত পৰিছে হত্যাৰ অভিযুক্ত ৪ পাষাণ। শনিবাৰে ঘিলামৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৱা ১০ জুনত এজন বিবাহিত যুৱকৰ ওপৰত অমানুষিক অত্যাচাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাণ্ডৰ  মূল ৪ অভিযুক্তক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে  ।   

৪)মঙলদৈত সম্প্ৰীতিৰ বিৰল নিদৰ্শন। এগৰাকী মুছলিম ছোৱালীক সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে বিয়া দিলে পালিত মাতৃয়ে ।

৫) মঙলদৈত দিল্লী আপ চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম ৷ৰাজ্যিক কংগ্ৰেছৰ সম্পাদকে গামোচা পিন্ধালে আপৰ  মন্ত্ৰীক।

৬)কলিয়াবৰৰ এখন সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। বন বিভাগৰ দায়িত্ব লৈয়ে বন ধ্বংস ৰোধৰ বাবে সংবাদ মাধ্যমৰ সহায় বিচাৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে।

৭) নগাঁৱত"অসমীয়া চলচ্চিত্ৰ আৰু ৰূপে-ৰসে নগাঁও" শীৰ্ষক গ্ৰন্থ উন্মোচন।

৮) ডান্স ইণ্ডিয়া ডান্সত স্থান লাভ কৰা উৰিয়ামঘাটৰ নৱজিত নাজাৰীক ভোট প্ৰদানৰ বাবে পদযাত্ৰাৰে সজাগতা

৯)আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক অনুষ্ঠিত হয় বৈঠক। নিশা ১ বজালৈকে চলিব এই বৈঠক।

১০) ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধিলৈ "এনাজৰী বঁটা"।

১১)হাজোৰ ১নং বাগটাত হাজো আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত জব্দ ৯৫কেজি গাঞ্জা। সনাতন ডেকাৰ ঘৰৰ পৰা জব্দ গাঞ্জা খিনি।

১২) পুনৰ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। কোভিড জনিত সমস্যাৰ বাবে হস্পাতালত ভৰ্তি।

১৩)ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ চাহ বাগানৰ সমীপত কঢ়া নদীত পৰি এজন যুৱক নিখোজ ।  যুৱক জনৰ নাম মিলন কুৰ্মী।

১৪)নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ গৌৰৱময় ক্ষণত মধুপুৰ আৰু কাঁ‌চিয়লি শাখা সাহিত্য সভাৰ যুটীয়া ব্যৱস্থাপনাত নগাঁও চহৰৰ  মধুপুৰ নাট্য চ'ৰাৰ প্ৰাংগণত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা সাহিত্য সভাৰ  মধ্যকালীন অধিৱেশন অনুষ্ঠিত হয়।

১৫)দেওবাৰে অসম চৰকাৰৰ মাননীয় বিত্ত মহোদয়াৰ আহ্বানত অসম চৰকাৰৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিব আৰু বিভাগীয় জ্যেষ্ঠ বিষয়াৰ সৈতে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি আনুস্থানিক আলোচনা সম্পন্ন হয়।

১৬)নুমলীগড়ত ট্ৰেক্টৰ দুৰ্ঘটনাত এজন নিহত।নিহত লোকজন নুমলীগড় বাউৰি গাঁৱৰ অৰ্জুন মাহাতো (২৫)।

১৭)দেওবাৰে মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয়  শিক্ষানীতিৰ ওপৰত আলোচনা সভা।

১৮) দেওবাৰ কাছাৰ জিলাত জাৰি কৰা হয় ১৪৪ ধাৰা। ইয়াৰ পূৰ্বে কৰিমগঞ্জত জাৰি কৰা হৈছিল ১৪৪ ধাৰা।

১৯)শিৱসাগৰ আৰক্ষীৰ ড্রাগছবিৰোধী অভিযান। অভিযানত ৪০ গ্রাম ড্রাগছসহ এজন সৰবৰাহকাৰীক আটক।ধৃত সৰবৰাহকাৰীটো শিৱসাগৰ পাভজান গাঁৱৰ যদুমণি দাস।

২০)দেৰগাঁৱৰ চকলাঘাট দলঙৰ তলত উদ্ধাৰ এটা মৃতদেহ।মৃতদেহটো দেৰগাঁৱৰ বাঁহবাৰী গাঁৱৰ যুৱক অৰূপজ্যোতি দাসৰ বুলি চিনাক্ত। ৯ জুনৰ পৰা আছিল সন্ধানহীন।

২১)অসমৰ হৰ্ষিতা হিয়ালৈ জীৱনানন্দ দাস বঁটা।কলকাতাৰ আন্তৰ্জাতিক কবি সন্মিলনে আগবঢ়াইছে এই বঁটা।

২২)তেজপুৰত মুখ্যমন্ত্রীৰ নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাগ্রস্থ। তেজপুৰ চৰকাৰী বিদ্যালয়ৰ সমীপত সংঘটিত এই দুৰ্ঘটনা   ।

২৩) জম্মু-কাশ্মীৰত পাক সন্ত্রাসবাদীলৈ আৰক্ষীৰ গুলীচালনা।আৰক্ষীৰ গুলীত ৩ সন্ত্রাসবাদী নিহত।

২৪)ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ। দুৰ্নীতিৰ বিৰুদ্ধ হ'ব লগা প্ৰতিবাদত ৰাইজক দলে-বলে অংশ গ্ৰহণ কৰিবলৈ আহ্বান।

২৫) নগা সমস্যা সমাধানৰ দাবীত দিল্লীত নাগা ষ্টুডেন ফেডাৰচনৰ বিশাল পিপলছ ৰেলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in