১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. অসমৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ। শুকুৰবাৰলৈ বানত প্ৰাণ হেৰুৱাইছে মুঠ ১২জনকৈ লোকে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, সোণিতপুৰ, বাক্সা, বৰপেটা, নলবাৰীকে ধৰি বিভিন্ন প্ৰান্তত বানৰ ফলত হৈছে বহু ক্ষয়ক্ষতি।

২. টি আৰ এছ নেতা নাল্লাৰি শ্ৰীনিবাস ৰাওৰ যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ থকা পাছত শুকুৰবাৰে উদ্ধাৰ তেওঁৰ মৃতদেহ। ছত্তীশগড়ৰ পুট্টাপাডু গাঁৱত উদ্ধাৰ নেতাগৰাকীৰ মৃতদেহ।

৩. চেন্নাইত বিশুদ্ধ খোৱাপানীৰ অভাৱত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ। বহু দূৰ-দূৰণিৰ পৰা পানী কঢ়িয়াই আনিবলগা হয় স্থানীয় ৰাইজে।

৪. 'বিজেপিয়ে টকা ব্যৱহাৰ কৰি ৰাজ্যখনৰ চৰকাৰ ভঙাৰ চেষ্টা কৰিছে। উত্তৰ-পূৰ্বাঞ্চলতো একেই কৰিছে বিজেপিয়ে।'- শুকুৰবাৰে এই মন্তব্য ৰাহুল গান্ধীৰ।

৫. দিল্লী আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে ২জনক। প্ৰায় ৮০০ গ্ৰাম গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত দুজনক।

৬. ঝাৰখণ্ডৰ লাতেহাৰত মাওবাদীৰ আক্ৰমণ। মাওবাদীয়ে জ্বলাই দিয়ে ১৬খনকৈ বাহন।

৭. মহাৰাষ্ট্ৰৰ উৱৰ্লিত ভয়ংকৰ ঘটনা। এজন যুৱকে এটা অট্টিলাৰ পৰা জঁপিয়াই কৰে আত্মহত্যা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

৮. তামিলনাডুত চি পি এম কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যখনৰ ৰামেশ্বৰাম এলেকাত প্ৰায়ে বিদ্যুৎ কৰ্তন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে টি এম চি কৰ্মীসকেল।

৯. অহা ২৮ জুলাইত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব হিমালয়ান কনক্লেভ। উপস্থিত থাকিব কেইবাখনো ৰাজ্য মুখ্যমন্ত্ৰী।

১০. লডাখৰ ভাৰত-চীন সীমান্তত দেখা গ'ল চীনা সৈনিক। চোৰাংচোৱাই জনোৱামতে পাৰ হোৱা নাই সীমা।

১১. কণাৰ্টক সংকট: ৰাহুল গান্ধীয়ে কলে- ধনবল প্ৰয়োগ কৰি চৰকাৰ ভংগ কৰিব খুজিছে বিজেপিয়ে।

১২. গুৰুগ্ৰামত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত চলাই আক্ৰমণ। বৃহস্পতিবাৰে অঞ্চলটোত সংঘটিত অগ্নিকাণ্ডত পলমকৈ উপস্থিত হোৱাৰ ক্ষোভত চলাই এনেদৰে আক্ৰমণ।

১৩. কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অংশ লয় পদ যাত্ৰা কাৰ্যসূচীত। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশুদ্ধ খোৱাপানীৰ অভাৱত 'ছেভ ৱাটাৰ, ছেভ লাইফ' সজাগতামূলক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই পদ যাত্ৰা কাৰ্যসূচী।

১৪. ৰাজস্থানৰ বুন্দি জিলাত শুকুৰবাৰে আৰ এছ এছৰ সন্মিলন অনুষ্ঠিত। সন্মিলনৰ মাজতেই দুটা ফৈদৰ মাজত সংঘটিত হয় সংঘৰ্ষ।

১৫. লক্ষ্মণ জখলাত শুকুৰবাৰে প্ৰশাসনে বন্ধ ৰখাৰ সিদ্ধান্ত লয়। লক্ষ্মণ জখলাৰ মেৰামতিৰ বাবে কোনো লোকক জখলাখনৰ ওপৰেৰে পাৰ হ'বলৈ দিয়া নহয়।

১৬. পাকিস্তানত ৰে'ল দুৰ্ঘটনা। ১৪ জন যাত্ৰী নিহত হোৱাৰ লগতে আহত ৭৯।

১৭. আফগানিস্তান ক্ৰিকেট দলৰ নতুন অধিনায়ক নিযুক্তি। ৰচিদ খানক অধিনায়কৰ দায়িত্ব।

১৮. দিল্লীত এজন অট' চালকৰ প্ৰশংসনীয় পদক্ষেপ। পথত কোনো লোক দুৰ্ঘটনাত আহত হ'লে তেওঁ নিজৰ অট'খনক এম্বুলেন্সৰ দৰে বিনামূল্যত আহতজনক চিকিৎসালয়লৈ লৈ যায়। দিল্লীৰ এই অট' চালকজনৰ নাম হৰ্জিন্দৰ সিং।

১৯. ছত্তীশগড়ৰ দাব্বা এলেকাত জিলা ৰিজাৰ্ভ গাৰ্ডৰ সৈতে সংঘৰ্ষত নিহত এটা মাওবাদী। লগতে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু বহু আপত্তিজনক নথিপত্ৰ।

২০. মিজোৰামৰ বিভিন্ন প্ৰান্তত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। ৰাজ্যখনৰ লাবুংগ চহৰত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বানৰ সৃষ্টি।

২১. দিল্লীৰ বাছাই দাৰাপুৰত বিধ্বংসী অগ্নিকাণ্ড। এখন হাস্পতালৰ তৃতীয় মহলাৰ অপাৰেশ্যন থিয়েটাৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

২২. শুকুৰবাৰে পুৱা ভাগত জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা। ৰাজ্যখনৰ পুঞ্চ ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

২৩. শুকুৰবাৰে বহু সময়ৰ বাবে কালিমপংগৰ ছিকিম-দাৰ্জিলিং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বাবে পথটোত যান-বাহন চলাচল ব্যাহত হৈ পৰে।

২৪. মধ্যপ্ৰদেশৰ দামোহ জিলাৰ পিপাৰিয়া গাঁৱত শুকুৰবাৰে ভাঙি যায় এখন কাঠৰ দলং। স্থানীয় ৰাইজে অভিযোগ কৰে যে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো লোৱা নাই কোনো ধৰণৰ পদক্ষেপ। অতি বিপদজনকভাৱে নদী পাৰ হ'ব লগা হৈছে স্থানীয় ৰাইজ।

২৫. শুকুৰবাৰে পোনপ্ৰথমবাৰৰ বাবে জোলাৰপেট ৰেল ষ্টেচনৰ পৰা চেন্নাই অভিমুখে বিশুদ্ধে খোৱাপানী কঢ়িয়াই নিয়া হয় ৰে'লযোগে। চেন্নাইত বিশুদ্ধ খোৱাপানীৰ অভাৱত যমৰ যাতনা ভুগি থকা অঞ্চলসমূহৰ লোকক যোগান ধৰা হ'ব এই পানী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in