১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১.নৱজাতকৰ মৃত্যুক লৈ ধেমাজি অসামৰিক চিকিত্সালয়ত উত্তপ্ত পৰিস্থিতি । আইচিইউত ভৰ্তি কৰোৱাৰ পিছতে মৃত্যু হয় শিশুটিৰ। চিকিত্সালয়ৰ স্বাস্থ্য কৰ্মীয়ে পিতৃ-মাতৃৰ পৰা গোপনে ৰাখে শিশুটিৰ মৃত্যুৰ কথা ।

২.আছুৰ পৰা অৱসৰ ল'ব ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। দেওবাৰে খোদ এই কথা সদৰী কৰিলে আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ এই বিষয়া সাংবাদিকক এই কথা ভট্টাচাৰ্যই ।

৩.অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত তীব্ৰ উত্তেজনা।সীমা বিবাদক কেন্দ্ৰ কৰি এই তীব্ৰ উত্তেজনা ।শনিবাৰে নিশা মিজো দুষ্কৃতিকাৰীয়ে অস্ত্ৰ-শস্ত্ৰ লৈ অসমৰ ভূমিলৈ সোমাই আহি কেইবাখনো দোকানৰ লগতে কেইবাটাও গৃহ জ্বলাই দিয়ে।

৪. দেওবাৰে নতুনকৈ গঠিত আঞ্চলিক ৰাজনৈতিক দল এজেপি মূখ্য কাৰ্যালয়ত এএছডিচিৰ এটি দলে এজেপিৰ ৰাজ্যিক সমিতিৰে এখন বৈঠকত মিলিত হয়। বৈঠকখনত এজেপিয়ে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত এএছডিচিক কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ৫খন আসন দিয়াৰো সিদ্ধান্ত লয় ।

৫. আদিবাসী সকলৰ মুল দাবী আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ পৰা আঁতৰি নাহিবলৈ আদিবাসী জাতীয় সংগঠন আৰু আলোচনাপন্থী আদিবাসী জনগোষ্ঠীৰ সশস্ত্ৰ সংগঠন সমূহক আহ্বান জনাইছে আদিবাসী সেৱা সমিতিয়ে ।

৬. নলবাৰী বৰকুৰাত নিৰ্মাণৰত ৰে'লৱে উৰণীয়া সেতুক লৈ তীব্ৰ বিতৰ্ক অব্যাহত আছে । দেওঁবাৰে বৰকুৰা চ'ক সুৰক্ষা সমিতিয়ে 'অবিবেচক আৰু আত্মঘাতী উৰণীয়া সেতু আমাক নালাগে' বুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

৭. মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী চৰ কুকুৰমাৰা গাওঁত যোৱা নিশা ১২ বাজি ৪৫ মিনিটত আৰক্ষী আৰু ছেকেণ্ড লাইন বেটেলিয়ান যৌথ ভাবে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত দূৰ্ভাগ্যক্ৰমে পুখুৰীৰ পানীত পৰি এগৰাকী কৰ্তব্যৰত আৰক্ষী ৰবেন দাসৰ মৃত্যু হয় ।

৮.লাহৰিজান আৰক্ষীৰ বিশেষ নাকাবন্দীত উদ্ধাৰ উদ্ধাৰ কৰা হয় ৩ কেজি হিৰইন। চুবুৰীয়া ৰাজ্য ইম্ফলৰ পৰা AS 04 AC 5213 নম্বৰৰ এখন ট্ৰাকত আনিছিল হিৰইনখিনি । জব্দকৃত হেৰইন খিনিৰ বজাৰ মূল্য প্ৰায় ২১ কোটি টকা। ঘটনাৰ সৈতে জড়িত ট্ৰাক চালক ৰামে গুৰুং(২৭) আৰু হেণ্ডিমেম ভীম গুৰুং(৩৩)ক ডিলাই আৰক্ষীয়ে আটক কৰে ।

৯. দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশনা মতে ৩১ অক্টোবৰৰ ভিতৰত কাৰাৰুদ্ধ বিদেশী বন্দীক কাৰাগাৰৰ পৰা উলিয়াই হোটেল অথবা অতিথি শালাত ৰাখিব লাগিব । যিহেতু বিদেশী চিনাক্তকৃত বিদেশীৰ বিষয়টো সীমান্ত আৰক্ষীৰ সৈতে জড়িত সেয়ে বিদেশী ৰূপে চিনাক্ত কৰা কোনো অবৈধ অনুপ্ৰবেশ কাৰীক ভাৰতীয় দণ্ডবিধিৰ অধীনত কাৰাবৰন কৰি থকা কয়দীৰ সৈতে কাৰাগাৰত ৰাখিব নোৱাৰিব ।

১০. ইউনেস্কো'ই দেওবাৰে কোভিড মহামাৰীৰ ফলত শিক্ষাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে বুলি সদৰী কৰে। ইউনেস্কোই এক সমীক্ষাত কয় যে, কোভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতিত যৌন নিৰ্যাতনৰ লগতে কম বয়সতে সন্তান সম্ভৱা হোৱা, বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বৃহৎ সংখ্যাত ছাত্ৰীসকল ওলাই যোৱাৰ সম্ভাৱনা, পাঠগ্ৰহণত বহু সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল।

১১. পুডুচেৰীত আকৌ ১৭৭জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৩,১৪১জনলৈ পাইছে বৃদ্ধি।

১২. তামিলনাডুত আকৌ ৩৯১৪জনৰ দেহত কোৰোনা পজিটিভ। ৰাজ্যখনত ৬৮৭৪০০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৩. অন্ধ্ৰপ্ৰদেশত ৭৮৩১৩২জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত দেওবাৰে নতুনকৈ ৩৯৮৬জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৪. কেৰালাত আকৌ ৭৬৩১জনৰ দেহত ধৰা পৰিছে কোভিড-১৯। ৰাজ্যখনত বৰ্তমান কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৫২০০জন ৰোগী।

১৫. উত্তৰাখণ্ডৰ ৰুৰকীত খাদ্যত বিষক্ৰিয়া হৈ বহু কেইজন লোক অসুস্থ হৈছে। প্ৰায় ৩২জনকৈ লোক অসুস্থ হোৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

১৬. আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। আৰক্ষীয়ে সদৰী কৰা অনুসৰি, এই বিস্ফোৰণত ১২জন নিহত হোৱাৰ বিপৰীতে আহত হৈছে শতাধিক লোক।

১৭. দিল্লী আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে এজন অপৰাধীক। ভুৱা ফেচবুক একাউণ্ট বনাই ধন দাবী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৮. যোৱা ২৪ ঘন্টাত বিহাৰত আকৌ ১১৫২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত ২০৪২১২জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৯. চুবুৰীয়া ৰাজ্য মিজোৰামত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টা ৰাজ্যখনতো এজনো লোকৰ দেহত ধৰা পৰা নাই কোভিড পজিটিভ।

২০. দিল্লীত দেওবাৰে ৩২৯৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দিনটোত কোৰোনাত আক্ৰান্ত ২৮জন লোকৰ মৃত্যু।

২১. পঞ্জাৱৰ অমৃতসৰত কিষাণ সংঘৰ্ষ কমিটীৰ সদস্যসকলৰ প্ৰতিবাদ। কৃষক আইনৰ বিৰুদ্ধে সাব্যস্ত ৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

২২. আগ্ৰাৰ নিউ আজাম পাডা এলেকাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা। এটা ফটকাৰ গুডামত সংঘটিত হয় এই ঘটনা। দুজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

২৩. হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টি অব্যাহত থকাৰ সম্ভাৱনা। এই বৃষ্টিপাতৰ ফলত ইতিমধ্যে হায়দৰাবাদৰ বহু ঠাইত সৃষ্টি হৈছে বানৰ।

২৪. মহাৰাষ্ট্ৰৰ গ্যাৰাপট্টিত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত ইতিমধ্যে ৫টা মাওবাদী নিহত হৈছে।

২৫. ৯ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in