১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. সুদীৰ্ঘ ৮মাহৰ মূৰত ভক্তৰ বাবে মুকলি কৰা হল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। শনিবাৰে দেৱালয় পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্ত অনুসৰি, ১১ অক্টোবৰ অৰ্থা দেওবাৰৰ পৰা মন্দিৰ পদক্ষিণ কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে।

২. শনিবাৰে অসমত কোৰোনাত আক্ৰান্ত হৈ আকৌ ৯জনৰ মৃত্যু। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১জনলৈ পাইছে বৃদ্ধি।

৩. সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠী সংগঠনৰ আহ্বানত অহা ১২ অক্টোবৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হ'ব গুৱাহাটী মহানগৰীত। 'কা'সহ বহু কেইটা দাবীত এই মানৱ শৃংখল কাৰ্যসূচী হাতত লোৱা হৈছে।

৪. বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। ৰহাৰ ফুলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বিৰোধী দলৰ উপ দলপতিগৰাকীৰ বাহনখন।

৫. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মোডীৰ ওপৰত নিৰ্মান হোৱা এখন বায়'পিকে মুক্তি লাভ কৰিব ১৫ অক্টোবৰত ।বিবেক অবেৰয়ৰ অভিনীত ছবিখন চিনেমা হলবোৰ পুনৰ খোলাৰ পিছতেই ছবিগৃহলৈ আহিব।

৬. সদ্যগঠিত দুই আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ২০২১ত একেলগে নিৰ্বাচন খেলিব।এই নিৰ্বাচনত দুয়োটা দলৰ ভিতৰত বুজা পৰাৰে এটা সমষ্টিত এজনহে প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হব।

৭. আজিৰে পৰা ভাৰতীয় ৰে'লৱেত টিকট বুকিঙৰ ক্ষেত্ৰত বৃহৎ সালসলনি। ৰে'ল চলাৰ আধা ঘণ্টা পূৰ্বে প্ৰকাশ পাব দ্বিতীয় খন টিকট ৰিজাৰ্ভেচনৰ তালিকা। গতিকে সেই তালিকা প্ৰকাশ পোৱাৰ আগেই বুকিম কৰিব পাৰিব ৰে'লৰ টিকট। শনিবাৰৰ পৰাই আৰম্ভ কৰা হৈছে এই নতুম নিয়ম।

৮. গুজৰাটত ১৫ অক্টোবৰৰ পৰা খোলা হ'ব চিনেমা হলসমূহ। অৱশ্যে ৫০ শতাংশ দৰ্শকহে এটা সময়ত উপস্থিত থাকিব পাৰিব চিনেমা হলত।

৯. জম্মু-কাশ্মীৰত আকৌ যুদ্ধবিৰতি উলংঘন। পুঞ্চ জিলাৰ মেন্ধাৰ ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১০. হাথৰছ ধৰ্ষণ কাণ্ডঃ শনিবাৰে এই গোচৰৰ তদন্তৰ দায়িত্ব লয় চেন্ট্ৰেল ব্যুৰ অৱ ইনভেষ্টিগেশ্যন চমুকৈ চিবিআইয়ে।

১১. শনিবাৰে কৰ্ণাটকত আকৌ ১০,৫১৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দনটোত এই ভাইৰাছত আক্ৰান্ত ১০২জন লোকে হেৰুৱাই প্ৰাণ।

১২. মহাৰাষ্ট্ৰত ১৫১৭৪৩৪জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে আকৌ ১৪১৬জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৩. দিল্লী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুটা নকল নোট সৰবৰাহকাৰী। লগতে জব্দ কৰে প্ৰায় ৫ লাখ টকা নকল নোট।

১৪. ৰাজস্থানত আকৌ ২১২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১৫৬,৯০৮জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫. উত্তৰাখণ্ডত আকৌ ৪৬২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫৪৫২৫জনলৈ পাইছে বৃদ্ধি।

১৬. শনিবাৰে কলকাতাৰ বিৰুদ্ধে খেলপথাৰত নামে পঞ্জাৱ। এই মেচখনত কলকাতাৰ হাতত ২ ৰানত পৰাস্ত হয় পঞ্জাৱ।

১৭. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত শনিবাৰে ২৮২জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছত আক্ৰান্তৰ সংখ্যা ১৩০৯২জনলৈ পাইছে বৃদ্ধি।

১৮. মণিপুৰৰ নাম্বল কাঠঙত আছাম ৰাইফলৰ অভিযান। অভিযানকালত আছাম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ।

১৯. শনিবাৰে পঞ্চভূতত বিলীন হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱান। পুত্ৰ ছিৰাজ পাছৱানে মুখ্যাগ্নি কৰে পিতৃৰ।

২০. ছণ্ডীগড়ত আকৌ ৯৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৩,০৮১জনলৈ পাইচে বৃদ্ধি।

২১. পঞ্জাৱত আকৌ ৮৯০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১২৩৩১৭জনলৈ বৃদ্ধি পাইে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২২. যোৱা ২৪ ঘন্টাত দিল্লীত আকৌ ২৮৬৬ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৪৮জন লোকে হেৰুৱাই প্ৰাণ।

২৩. যোৱা ২৪ ঘন্টাত কেৰালাত আকৌ ১১৭৫৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ২৩জন লোকৰ মৃত্যু।

২৪. অন্ধ্ৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ৫৬৩৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ৭৫০৫১৭জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা।

২৫. অহা ৯ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in