১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. তেলেংগানা ৰাজ্যিক পৰিবহন নিগমৰ বাছ চলোৱা এজন চালকে কৰিলে আত্মহত্যাৰ চেষ্টা। প্ৰায় ৬০ শতাংশ শৰীৰৰ অংগ জ্বলে চালকজনৰ। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ।

২. গুৰদাসপুৰৰ বিজেপি সাংসদ ছানী দেউলে শনিবাৰে মিলিত হয় প্রধানমন্ত্ৰীৰ সৈতে। গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দুয়ো।

৩. দক্ষিণ আফ্ৰিকাত ভয়ংকৰ আক্ৰমণ। দক্ষিণ আফ্ৰিকাৰ বুৰকিনা ফাচোত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ১৬জনকৈ লোক।

৪. পশ্চিমবংগৰ মুৰশ্বিদাবাদত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ। আৰ এছ এছৰ এজন কৰ্মীৰ হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে এই প্ৰতিবাদ।

৫. হিমাচলপ্ৰদেশৰ কুল্লুত উৎসৱ মুখৰ পৰিৱেশ। আন্তঃৰাষ্ট্ৰীয় কুল্লু দশেৰা উৎসৱত লোক নৃত্যু পৰিৱেশ কৰিলে ৪০০০ মহিলাই মিলি।

৬. সন্মুখত হাৰিয়ানা বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছৰ দুজন নেতাই শনিবাৰে যোগদান কৰে বিজেপিত।

৭. অৰুণাচলপ্ৰদেশৰ চাংলাঙত আটক আলফা (আই)ৰ সদস্যক। লগতে উদ্ধাৰ এটা এ কে-৮১ আৰু বহু নথিপত্ৰ।

৮. কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ বাসভৱনত উপস্থিত শনিবাৰে কেইবাগৰাকীও নেতা-নেত্ৰী। উত্তৰপ্ৰদেশ কংগ্ৰেছ সভাপতি, প্ৰিয়ংকা গান্ধী আৰু ৬জন নেতা উপস্থিত হয় ছোনিয়া গান্ধীৰ বাসভৱনত।

৯. জাপানত হেজিবিছ ঘূৰ্ণীবতাহৰ তাণ্ডৱ। ঘূৰ্ণীবতাহৰ ফলত বৰ্তমানলৈ নিহত ২জুনকৈ লোক। ইফালে, আহত প্ৰায় ৭০জন।

১০. শনিবাৰে কাঠমাণ্ডুত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। শ্বি জিনপিঙত উষ্ম আদৰণি জনাই নেপাৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে।

১১. প্ৰধানমন্ত্ৰী মোডীক শনিবাৰে শাক্ষাৎ কৰে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। দুয়োগৰাকী মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত।

১২. নিউয়ৰ্কত দুৰ্বৃত্তৰ আক্ৰমণ। এই আক্ৰমণত নিহত ৪জনকৈ লোক। ইফালে, গুৰুতৰভাৱে আহত ৩জন।

১৩. মহাৰাষ্ট্ৰৰ অকোটত শনিবাৰে উপস্থিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছ। মহা জনদেশ সংকল্প সভাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

১৪. দিল্লী আৰক্ষীৰ বিশেষ কোষৰ অভিযান। অভিযানকালত গ্ৰেপ্তাৰ কৰে দুই গভাইত অপৰাধীক। গ্ৰেপ্তাৰ কৰা দুই দুৰ্বৃত্তৰ নাম শেহনাৱাজ আনছাৰী আৰু জাব্বাৰ।

১৫. ৮ নবেম্বৰত দেৰা বাবা নানকত উপস্থিত হ'ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁ উদ্বোধন কৰিব কাৰ্টাৰপুৰ কৰিড'ৰ। এই কথা জনাই কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষিমৰ্ট কৌৰ বাদলে।

১৬. অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাত বলাৎকাৰ কাণ্ড। দুগৰাকী নাবালিকাক বলাৎকাৰ কৰে পাষাণ যুৱকে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিব তদন্ত।

১৭. গুজৰাটৰ নুল্লাহ এলেকাত জব্দ পাকিস্তানৰ মাছমৰীয়াৰ নাও। বি এছ এফে ৫খনকৈ পাকিস্তানৰ নাও জব্দ কৰে।

১৮. শনিবাৰে ভাৰতীয় সেনা জোৱান সুবাস থাপাক জনোৱা হয় শেষ শ্ৰদ্ধাঞ্জলি। উল্লেখ্য যে, শুকুৰবাৰে জম্মুৰ নৌশ্বেৰা ছেক্টৰত পাকিস্তানৰ গুলীবৰ্ষণত নিহত হৈছিল সেনা জোৱানজন।

১৯. জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ। কটকটীয়া নিৰাপত্তাৰ মাজতো জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰে গ্ৰেণেড।

২০. দিল্লীৰ চান্দনী চ'কৰ বিধায়ক আলকা লাম্বাই যোগদান কৰিলে কংগ্ৰেছত। দলটোৰ নেতা পি চি চাকোৰ উপস্থিত যোগ দিয়ে দলটোত।

২১. পৰিৱৰ্তী সন্মিলনৰ বাবে চীনলৈ নিমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোডীক। চীনৰ ৰাষ্ট্ৰপতিৰ এই নিমন্ত্ৰণ গ্ৰহণ কৰিলে প্রধানমন্ত্ৰীগৰাকীয়ে।

২২. পুনেত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক। লোক কেইজনৰ পৰা উদ্ধাৰ এটা বনৰৌ। আৰক্ষীয়ে বন বিভাগক গতাই দিয়ে উদ্ধাৰ কৰা বনৰৌটো।

২৩. বাংগালুৰুত কৰ্ণাটৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জি পৰমেশ্বৰৰ ব্যক্তিগত সহায়ক ৰমেশৰ আত্মহত্যা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

২৪. অন্ধ্ৰপ্ৰদেশৰ বাপুলাপাড়ুত গ্ৰেপ্তাৰ দুজন যুৱকক। প্ৰায় ২০০ কেজি গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

২৫. ১৮ অক্টোবৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি লাল কপ্টান। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা শ্বেইফ আলী খানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in