১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজপথত নামিল গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে ৰাজপথত উত্তাল প্ৰতিবাদ।

ফটোঃ চিন্ময় ৰয়
ফটোঃ চিন্ময় ৰয়

২. প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলাত মঙলবাৰে সহধৰ্মীনিসহ উপস্থিত হয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী চি এম শিৱৰাজ সিং চৌহান। তেওঁলোকে গংগাত পবিত্ৰ ডুব লগাই আৰু অমংগল আতৰোৱাৰ বাবে প্ৰাৰ্থনা জনায়।

৩. পুলৱামাত সন্ত্ৰাসবাদীৰ সৈতে সংঘটিত সংঘৰ্ষত শ্বহীদ হোৱা সেনা জোৱান বলজিত সিঙক মঙলবাৰে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন।

৪. দিল্লীৰ কাৰোল বাগস্থিত হোটেলত সংঘটিত অগ্নিকাণ্ডত বৰ্তমানলৈ ১৫জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ। ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়া জনায় যে- হোটেলখনৰ স্বত্তাধিকাৰ, প্ৰবন্ধকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

৫. মঙলবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰীক। পঞ্জাৱৰ লুধিয়ানাত এগৰাকী মহিলাক বাহনৰ পৰা চোচৰাই নি দলৱদ্ধভাৱে কৰা ধৰ্ষণকাণ্ডৰে জড়িত গ্ৰেপ্তাৰ কৰা ব্যক্তিজন।

৬. বাংগালুৰুৰ পৰা বেংককলৈ উৰা মৰা ইণ্ডিগ'ৰ এখন বিমান মঙলবাৰে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগা হয় ম্যানমাৰত। বিমানখনৰ এটা ইঞ্জিনত ইন্ধনৰ পৰিমাণ বিপদসীমাৰ তললৈ কমি যোৱাৰ বাবে ম্যানমানৰ অৱতৰণ কৰে বিমানখন।

৭. ৰবাৰ্ট ভাদ্ৰাৰ অধিবক্তা এছ জে খেইটানে মঙলবাৰে কয়- 'আজি তেওঁৰ ই ডি কাৰ্যালয়ত ৮-৯ ঘণ্টা সোধ-পোধ কৰা হয়। বুধবাৰেও তেওঁক সোধাপোছা কৰা হ'ব।'

৮. বুধবাৰে বেলজিয়ামত বিমানৰ উৰণ-অৱতৰণ স্তব্ধ ৰখা হয়। বিমান কৰ্মচাৰীয়ে ধৰ্মঘট কৰাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হয়।

৯. শিৰোমণি লুধিয়ানাত আকালী দলৰ নেতৃত্বত শতাধিক লোকে লুধিয়ানাত মমবাতি জ্বলাই বাহিৰ কৰে এক প্ৰতিবাদী সমদল। সোমবাৰে এগৰাকী মহিলাক ধৰ্ষণ কৰা দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত বাহিৰ কৰা হয় সমদল।

১০. বোকাখাতৰ সাপজুৰিত পথ দুৰ্ঘটনাত নিহত এজন। অজ্ঞাত বাহন আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষত থিতাতে নিহত হয় পুতুল বৰা নামৰ লোকজন। নোমল বৰদলৈ নামৰ আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।

১১. বাক্সাৰ মুছলপুৰত দ্ৰুতবেগী বলেৰ' গাড়ীয়ে খুন্দিয়ালে চাইকেল আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় চাইকেল আৰোহীজন। নিহত লোকজনৰ নাম বিজয় ৰয়।

১২. নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অব্যাহত প্ৰতিবাদ। জাগীৰোডৰ গড়মাৰীৰ পৰা ঘগুৱা কলবাৰীলৈ জোঁৰ সমদল৷ অসমীয়া জাতি সুৰক্ষা সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী৷

১৩. শিৱসাগৰৰ কোঁৱৰপুৰৰ বলিয়াঘাটত স্বামী-স্ত্ৰীৰ একেদিনাই মৃত্যু। পুৱা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছিল মাণিক আলী নামৰ লোকজনৰ। সন্ধিয়ালৈ স্বামী শোকত মৃত্যু হয় পত্নী আইজনী বেগমৰ।

১৪. হিমাচল প্ৰদেশৰ মান্দী আৰু চাম্বাত তুষাৰপাত আৰু ধাৰাসাৰ বৰষুণৰ ফলত বন্ধ ৰখা বিদ্যালয়সমূহ ১৩ ফেব্ৰুৱাৰীৰ পৰা পুনৰ খোলা কথা আছিল যদিও, ১৮ ফেব্ৰুৱাৰীৰ পৰাহে খোলা হ'ব বুলি ঘোষণা কৰে প্ৰশাসনে।

১৫. ভাৰতীয় হকী দলৰ সহঃ অধিনায়ক অলিম্পিয়ান চিংলেনছানা সিঙক মঙলবাৰে অসম ইলেকট্ৰ'নিক মিডিয়া স্প'ৰ্টছ জাৰ্ণেলিষ্ট এছ'চিয়েচনে গুৱাহাটীত সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি চিংলেনছানাই তেওঁৰ লক্ষ্য ২০২০ টকিঅ' অলিম্পিকৰ স্বৰ্ণপদক বুলি মন্তব্য কৰে।

১৬. নলবাৰীৰ বৰকুৰাত দুৰ্ঘটনাত নিহত এজন যুৱক। দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে স্কুটী আৰোহীক। থিতাতে নিহত যুৱকজন শিলাকুটিৰ মুন্নাফ আলী।

১৭. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিচুকীয়াৰ থানা চাৰিআলিত উত্তাল প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

১৮. খোলা হ'ল সবৰিমালা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। মালায়ালম মাহ উপলেক্ষা হ'ব লগীয়া পূজাৰ বাবে ৫দিন খোলা ৰখা হ'ব মন্দিৰৰ প্ৰৱেশদ্বাৰ।

১৯. মহানগৰীৰ আমবাৰীত চোৰৰ লুটপাত। অতুল লহকৰ নামৰ লোকজনৰ গাড়ী ভাঙি চোৰে লুটি নিলে কেমেৰা। পথৰ কাষত ৰখাই থোৱা আছিল লোকজনৰ বাহনখন।

২০. ডবকাত বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। অৰ্ধ–উলংগ হৈ বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে কঁপালে তোলে ডবকা নগৰ। বিধেয়কখন ৰাজ্যসভাত গৃহীত নকৰি শীঘ্ৰে বাতিল কৰাৰ দাবী।

২১. নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে' চকত দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি।

২২. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। মহানগৰীৰ চানমাৰীত দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি। ৰাজ্যসভাত বিধেয়কখন গৃহীত হ'লে আন্দোলন তীব্ৰতৰ হ'ব বুলি সকীয়নি প্ৰতিবাদকাৰীৰ।

২৩. বাইহাটা চাৰিআলিত আৰক্ষীৰ গাড়ী দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাত আহত হয় এগৰাকী মহিলা আৰক্ষীসহ ৭জন। এজন আচামীক থানালৈ নি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন।

২৪. ডুমডুমাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু মৰাণ ছাত্র সন্থাৰ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ। আৰক্ষীৰ বাধাকো নেওচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে।

২৫. অহা ২১ জুনত মুক্তি পাব হিন্দী ছবি কবীৰ সিঙ। ছবিখনৰ পৰিচালনা কৰিছে সন্দীপ ভাঙ্গাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in