১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। বৈঠকত অংশ ল'ব গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শ্বাৱন্ত। গোৱাত পুনৰ খনন কাৰ্য সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকত।

২. ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া। ৮ উইকেটত জয়ী হয় ইংলেণ্ড।

৩. উত্তৰাখণ্ডৰ ভীমলি এলেকাত ভূমিস্খলনৰ ফলত মৃত্যু এজন লোকৰ। ইফালে ১৭জনকৈ লোক এই ভূমিস্খলনৰ ফলত আহত। আহত আটাইকেইজনে ভৰ্তি কৰোৱা হৈছে স্থানীয় হাস্পতালত।

৪. 'মই আটাইকেইজন বিধায়কৰে পদত্যাগসমূহ পৰীক্ষা কৰি চাব লাগিব একেটা নিশাৰ ভিতৰত।'- এই মন্তব্য কৰ্ণাটক বিধানসভা অধ্যক্ষ কে আৰ ৰমেশ কুমাৰৰ।

৫. বৃহস্পতিবাৰে টি এম চি সাংসদ প্ৰসুন বেনাৰ্জীয়ে সংসদভৱনৰ চৌহদত ফুটবল খেলা দেখা পোৱা যায়। তেওঁ কয়- 'আমি ভাৰতীয় ফুটবল দলক এদিন ফুটবল বিশ্বকাপ খেলা চাব বিচাৰো।'

৬. লুধিয়ানাৰ চৰকাৰী বিদ্যালয়ত কোঠাৰ বাহিৰত পাঠগ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে। শ্ৰেণীসমূহ ই ভি এমৰে ভৰি পৰাৰ ফলত এনেদৰে বাহিৰত পঢ়িব লগা হৈছে স্কুলীয়া শিক্ষাৰ্থীসকলে।

৭. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাক্ষাৎ কৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰক। দিল্লীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে ৰাজনাথ সিঙক।

৮. ঝাৰখণ্ডত উদ্ধাৰ মুণ্ডহীন শিশুৰ মৃতদেহ। নৰবলিৰ আশংকা ৰাইজৰ।

৯. দেশত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। ১৪০০ কোটি টকা কৰা হ'ব খৰচ।

১০. 'আমি কল্পনাও কৰা নাছিলো ৰাহুল গান্ধীয়ে পদত্যাগ কৰিব, আমি নতুন অধ্যক্ষ বিচাৰিব লাগিব' এই মন্তব্য কৰিলে জ্যোতিৰাদিত্য সিন্ধিয়াই।

১১. 'দেশৰ কৃষকসকলক বেয়া ব্যৱহাৰ কৰি আছে কেন্দ্ৰই' এই অভিযোগ ৰাহুল গান্ধীৰ।

১২. দিল্লীৰ বিমান বন্দৰত কাৰ্গিজস্থানৰ দুগৰাকী মহিলাৰ পৰা ৭ কিলো সোণ জব্দ কৰিছে কষ্টম বিভাগে। সোনখিনিৰ মূল্য ২.২২ কোটি।

১৩. গোৱাত বৃহস্পতিবাৰে ১০ কংগ্ৰেছ বিধায়কে যোগদান কৰিলে বিজেপিত। গোৱাৰ মন্ত্ৰীসভাত পাব পাৰে স্থান।

১৪. পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত বুধবাৰে নিশা বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ বোমা আক্ৰমণত হাত ছিগি গৈছে আনিছুৰ ৰেহমান নামৰ এজন বি এছ এফ জোৱানৰ।

১৫. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় চিকাৰৰ অন্যতম নায়ক চোৰাংচিকাৰীৰ মাজত মাষ্টৰ নামেৰে পৰিচিত টইখু ঝিম'মী নামৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰীটোক বন বিভাগে বৃহস্পতিবাৰে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন টইখু ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

১৬. অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা সমবায় বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে বৃহস্পতিবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এক বিশেষ পৰ্য্যালোচনা সভাত অংশ গ্ৰহণ কৰি দুয়োটা বিভাগৰ অধীনত জিলাখনত চলি থকা কাম-কাজ আৰু আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয়।

১৭. সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাত বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং ভগামুখৰ ৰাইজ এতিয়া সম্পূৰ্ণৰূপে বানৰ কবলত।

১৮. মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে জিলা সমূহৰ উপায়ুক্ত সকলৰ লগতে জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ জেষ্ঠ বিষয়াসকলৰ সৈতে ৰাজ্যত শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোনা কৰাৰ উপৰি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত উপায়ুক্তসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে।

১৯. মহাৰাষ্ট্ৰৰ তিৱাৰী ডেমত উদ্ধাৰকাৰী দলৰ অভিযান বৃহস্পতিবাৰেও অব্যাহত। বৰ্তমানলৈ মুঠ ২০জনৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

২০. চিৰাঙৰ ৰুণিখাটাত বৃহস্পতিবাৰে সেনা জোৱানে উদ্ধাৰ কৰে কেইবাজনো স্থানীয় লোকক। বানৰ মাজত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰে জোৱানসকলে।

২১. পশ্চিমবংগৰ কলকাতাস্থিত টি এম চিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী মনতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত থাকে দলটোৰ সকলো বিধায়ক।

২২. 'বিভিন্ন দলে বিধায়কসকলক বিভান্ত কৰি গণতন্ত্ৰক কলংকিত কৰিব বিচাৰিছে বিজেপিয়ে' এই মন্তব্য কৰিলে মায়াৱতীয়ে।

২৩. ভুপালত ৯ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্তক ফাচীঁৰ নিৰ্দেশ। ৩২ দিনৰ ভিতৰতে আহিল এই নিৰ্দেশ।

২৪. কলকাতাত যুৱ কংগ্ৰেছৰ সদস্য আৰু সমৰ্থসকলে সাব্যস্ত কৰে প্ৰতিবাদ। কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত সাব্যস্ত কৰে এই প্ৰতিবাদ।

২৫. ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ছাহো। ছবিখনত মুখ্য চৰিত্ৰ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in