১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. 'তেজে সুধাকণ্ঠক দিয়া ভাৰত ৰত্ন সন্মান গ্ৰহণ কৰিব বিচৰা নাই। এইটো তেওঁৰ সিদ্ধান্ত, মোৰ নহয়। কিন্তু মই ভাবো ভূপেন হাজৰিকাই এই সন্মান পাব লাগে। ইতিমধ্যে বহু দেৰিয়েই হৈছে এই সন্মান দিয়াত।'- সোমবাৰে এই মন্তব্য কৰে ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই।

২. কৰিমগঞ্জ জিলা পৰিষদ কংগ্ৰেছৰ দখলত। অধ্যক্ষ পদৰ নিৰ্বাচনত ১০টা ভোট বিজেপিৰ। ২০খন আসনৰ কংগ্ৰেছেও লাভ কৰে ১০টা ভোট। টচত জিকি জিলা পৰিষদ গঠনৰ সুযোগ কংগ্ৰেছৰ।

৩. মঙলবাৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ১৪ মাৰ্চত অন্ত পৰিব লগা এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ২,৪২,৮৪৩গৰাকী পৰীক্ষাৰ্থী।

৪. দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যনৰ অধ্যক্ষ অমিত ভাণ্ডাৰীক সোমবাৰে প্ৰহাৰ কৰে এজন প্ৰতিযোগীয়ে। ২৩ অনূৰ্ধৰ দলত নিৰ্বাচিত নোহোৱাৰ বাবেই প্ৰতিযোগীজনে প্ৰহাৰ কৰে অধ্যক্ষগৰাকীক।

৫. ৰাজস্থানত সোমবাৰে ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যুক সাৱটে ৫জন লোকে। ইফালে, ৭৯জনকৈ লোক ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা কথা পোহৰলৈ আহে।

৬. 'আমাৰ চকীদাৰ চোৰ নহয়। আমাৰ চকীৰ সৎ। পৰৱৰ্তী সময়ত পুনৰ তেওঁ প্ৰধানমন্ত্ৰী হ'ব। আৰু তেওঁৱে ভাৰত সমস্যাবোৰৰ সমাধান।'- সোমবাৰে এই মন্তব্য কৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

৭. সমগ্ৰ ভাৰতবৰ্ষত চোৱাইন ফ্লৰ আতংক। বৰ্তমানৰ লৈকে মৃত্যু ৩১২ জন। ৯০০০ জনৰো অধিক লোক আক্ৰান্ত এই ৰোগত।

৮. 'এনেকুৱা ৰে'লীৰে কোনো প্ৰভাৱ পেলাব নোৱাৰে।' মঙলবাৰৰ প্ৰিয়ংকা গান্ধীৰ ৰেলী সন্দৰ্ভত এই মন্তব্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ।

৯. 'মোডীৰ নৈতিকতাৰ ওপৰত কাৰো প্ৰশ্ন কৰাৰ অধিকাৰ নাই' উত্তৰ প্ৰদেশৰ এখন জনসভাত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ।

১০. 'ৰাম মন্দিৰ নিৰ্মাণৰ বিবাদ নিষ্পত্তি কৰিবলৈ ২৪ ঘণ্টাতকৈ অধিক সময়ৰ প্ৰয়োজন নাই' এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ।

১১. বহু বিৰ্তকিত ৰাফেল চুক্তিক লৈ মঙলবাৰে সংসদত চৰকাৰে দাখিল কৰিব কেগৰ প্ৰতিবেদন।

১২. বিপদে লগ এৰা নাই ৰৰ্বাট ৱাদ্ৰাৰ। মঙলবাৰে পুনৰ ই ডিয়ে কৰিব সোধা পোছা।

১৩. তামিলনাডুৰ প্ৰত্যেক বি পি এল কাৰ্ডধাৰী পৰিয়ালক চৰকাৰে আগবঢ়াব ২০০০ টকাৰ বিশেষ সাহাৰ্য। সোমবাৰে চৰকাৰে কৰে এই ঘোষণা।

১৪. 'সবকা সাথ-সবকা বিকাশৰ নীতিৰ জৰিয়তেই এখন নতুন ভাৰতৰ গঢ়িব লাগিব'- বৃন্দাবন জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

১৫. 'ইভিএমে লগ দিলে লণ্ডন আমেৰিকাতো জিকিব বিজেপি' মঙলবাৰে এখন জনসভাত এই মন্তব্য শিৱসেনাৰ নেতা উৰ্ধৱ থাকৰেই।

১৬. আবু ধাবীত নিৰ্মান হ'ব হিন্দু মন্দিৰ। অহা এপ্ৰিল মাহত কৰা হ'ব আধাৰশিলা।

১৭. চীনত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত বিভিন্ন স্থানত হোৱা দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু। কেইবাজনো লোক আহত।

১৮. সোমবাৰে হৰিদ্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চৰ্দাৰ হৰদেৱ আৰু তেওঁৰ পুত্ৰক। উত্তৰাখণ্ডত বিষাক্ত সুৰাপান কৰি কেবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে জড়িত দুয়ো।

১৯. সোমবাৰে পশ্চিমবংগত বিধান নগৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা। ট্ৰাকেৰে বিহাৰলৈ সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় সুৰাখিনি। 

২০. ওড়িশ্যাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন পিকভান নিয়ন্ত্ৰণহীন দ' খাৱৈত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ৪জন। ইফালে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১১জনক চিকিৎসালয়লৈ প্ৰেৰণ।

২১. বিহাৰত ভয়ংকৰ ঘটনা। এহাল দম্পতীক নৃশংসভাৱে হত্যা কৰা হয় বিহাৰৰ গায়াত। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে দুয়োকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ।

২২. ছয়গাও থানাৰ সহ উপ পৰিদৰ্শক মণ্টু কুমাৰ দাসক আক্ৰমণ কৰাৰ অভিযোগত আটক ১১জন অভিযুক্তক। এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি গুমীৰ কলহী নৈত ডিঙিলেকে পানীত নমাই দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল বিষয়াজনক।

২৩. উদয়পুৰৰ ত্ৰিলোকীনাথত তুষাৰপাতৰ ফলত অসুবিধাৰ সন্মুখীন স্থানীয় ৰাইজ। উক্ত অঞ্চলটোৰ পানী যোগান আঁচনিত তুষাৰপাতৰ ফলত প্ৰভাৱ পৰে।

২৪. অহা ১ মাৰ্চত মুক্তি পাব হিন্দী ছবি 'সন্দীপ অৰ পিংকি ফায়াৰ'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্জুন কাপুৰে।

২৫. এনআৰচিৰ দাবী আৰু আপত্তিৰ শুনানি আৰম্ভ হ'ব ১৫ ফেব্ৰুৱাৰীৰ পৰা। নিৰ্বাচিত ১৪০০টা কেন্দ্ৰত শুনানি অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ৩৪ লাখ লোকলৈ প্ৰেৰণ কৰা হৈছে জাননী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in