১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শনিবাৰে অসমত কোৰোনাত আক্ৰান্ত ১৩জনকৈ লোকৰ মৃত্যু। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৩৮জনলৈ পাইছে বৃদ্ধি।

২. অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত অব্যাহত। শনিবাৰে এই কেলেংকাৰীৰ সন্দৰ্ভত আটক কৰে তিনিজন লোকক। নলবাৰীৰ পৰা আটক কৰা হয় তিনিওকে।

৩. আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিবেশক গোলাপ শইকীয়াৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ। কোভিডত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই।

৪. শনিবাৰে গুৱাহাটীৰ ৰাণী বনাঞ্চলৰ বাকাৰাপাৰাত কৰুণ মৃত্যুক সাৱতিলে দুটি বনৰীয়া হাতীয়ে। বন কৰ্তৃপক্ষই জনোৱা মতে বিদ্যুৎপৃষ্ট হৈ হাতী দুটাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। 

৫. অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত অব্যাহত আছে। এই কেলেংকাৰীৰে জড়িত কোনো দোষী সাৰি যাব নোৱাৰে।

৬. বটদ্ৰৱাৰ জাজৰিৰ যুৱ সাংবাদিক মানস জ্যোতি মহন্তৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে অঞ্চলবাসী। শনিবাৰে দুপৰীয়া গুৱাহাটী জি এন আৰ চি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে সংবাদিকজনে।

৭. কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষক বিৰোধী আইনৰ বাবে সমগ্ৰ দেশজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন। ইয়াৰ সমান্তৰালভাবে লখিমপুৰ জিলাৰ শিমলুগুৰিতো শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

৮. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক জন্মজয়ন্তী। আজি পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হৈছে বটদ্ৰৱা থানত। 

৯. ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতি সন্দৰ্ভত জিএমচিএইচত মন্তব্য কৰে অখিল গগৈৰ। এছ আই কেলেংকাৰী সন্দৰ্ভতো অখিল গগৈয়ে কৰে মন্তব্য । মধ্যপ্রদেশৰ ব্যাপম কেলেংকাৰিত কৈও ভয়াৱহ এই কেলেংকাৰী বুলি মন্তব্য কৃষক নেতা জনৰ ।

১০. দিল্লীত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । এটি ফেক্টৰীত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰন কৰে জুই । ২৬ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় ।

১১. অহা ১ অক্টোবৰৰ পৰা পশ্চিমবংগত খুলিব পাৰিব চিনেমা হল, নৃট্য অনুষ্ঠান আদি। অৱশ্যে ৫০জন লোকহে উপস্থিত থাকিব পাৰিব। এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১২. কৰ্ণাটকত আকৌ ৮৮১১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬০২৩জনলৈ বৃদ্ধি।

১৩. হিমাচলপ্ৰদেশত আকৌ ৩১৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১৩,৯৯৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৪. ছত্তীশগড়ৰ পিঠোৰাত বন্যহস্তীৰ মৃত্যু। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় হাতীটোৰ।

১৫. গুজৰাটত ১৩১৮০৮জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে ১৪১৭জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৬. ডুচেৰীত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৬০৩২জনলৈ বৃদ্ধি। ইয়াৰে ৫৩২৭জন লোক চিকিৎসাধীন হৈ আছে।

১৭. যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ২০৪১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৪৩০জন লোকে হেৰুৱাই প্ৰাণ।

১৮. পঞ্জাৱত আকৌ ১৫৮৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৮৬৮৪জনলৈ পাইছে বৃদ্ধি।

১৯. ছত্তীশগড়ত আকৌ ২০৭জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১,৩৮০জনলৈ পাইছে বৃদ্ধি।

২০. হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। এই বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বেগামপেটৰ বাট-পথ ডুব গৈছে কৃত্ৰিম বানত।

২১. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০,০৫১জনলৈ পাইছে বৃদ্ধি।

২২. ৰাজস্থানত ১২৬৭৭৫জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে ১০৪৫জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২৩. ২ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

২৪. বিশিষ্ট অৰ্থনীতিবিদ ইশ্বাৰ আহলুৱালীই শেষ নিশ্বাস ত্যাগ কৰে শনিবাৰে। ব্ৰেইন কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ।

২৫. চীনত হোৱাইত এটা ফেক্টৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত মৃত্যু হৈছে ৩জনকৈ লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in