১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গড়কাপ্টানী বিভাগৰ নাম সলনি। এতিয়াৰ পৰা এই বিভাগৰ নাম হ'ব লোক নিৰ্মাণ বিভাগ। এই সন্দৰ্ভত বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰে এক জাননি।

২. অসম আৰক্ষীৰ এছ আই পদৰ নিযুক্তিৰ নামত ব্যাপক অনিয়ম। পুৱতি নিশালৈকে চিআইডিয়ে চলালে বিভিন্ন স্থানত অভিযান। অসম আৰক্ষীৰ প্ৰাক্তন উপ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্তৰ ঘৰত অভিযান অব্যাহত।

৩. চিআইডি অভিযানৰ পূৰ্বে ঘৰৰ পৰা পলাল প্ৰাক্তন আৰক্ষী প্ৰশান্ত কুমাৰ দত্ত। আগদিনা মাতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছিল প্ৰশান্ত কুমাৰ দত্তই।

৪. টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অখিল গগৈক মুক্তিৰ দাবী। পৰিষদে অখিল গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে প্ৰদান কৰিলে ১০ হাজাৰ টকাৰ সাহায্য।

৫. কোভিডত আক্ৰান্ত হৈ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ আংগাড়ীৰ মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক ব্যক্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।

৬. সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলিউডত ধুমুহা। ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ সংক্ৰান্তত শুকুৰবাৰে জেৰাৰ সন্মুখীন হ'ব পাৰে দীপিকা পাডুকন। শনিবাৰে এনচিবিয়ে জেৰা চলাব ছাৰা আলী খানক।

৭. অনুৰাগ কাশ্যপৰ সন্মুখত বিপদ। তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বলাৎকাৰৰ গোচৰ।

৮. কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঠন কৰিবলৈ লোৱা নতুন ৰাজনৈতিক দলটোৰ সন্দৰ্ভত সমষ্টিয়ে সমষ্টিয়ে মতামত সংগ্ৰহৰ অভিযান। ৩০ ছেপ্টেম্বৰত হ'ব এই নতুন দলটোৰ নাম ঘোষণা।

৯. মঙলদৈত বুধবাৰৰ দিনাত ৪৪জন ব্যক্তিৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। দৰঙত এই পৰ্যন্ত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩৬৪৭লৈ বৃদ্ধি।

১০. কোভিডত মৃত্যু হোৱা কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ আংগবাৰীৰ বাসগৃহত অগণন লোক ভিৰ। তেওঁৰ মৃত্যুত ম্ৰিয়মান দেশবাসী।

১১. নইডাৰ ৬০ নং ছেক্টৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনী উপস্থিত ঘটনাস্থলিত। কোনো লোক হতাহত হোৱা নাই।

১২. মহাৰাষ্ট্ৰত ৪২৪জন জে'লৰ কৰ্মচাৰী আৰু ২০৬১জন কাৰাবন্দী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। এই পৰ্যন্ত ৰাজ্যখনত ৬ কাৰাবন্দী আৰু ৫ জন কাৰাগাৰৰ কৰ্মচাৰীৰ মৃত্যু কোভিডত।

১৩. আই পি এলৰ মেচত মুম্বাইেয়ে পৰাস্ত কৰিলে কলকাতাক। ৪৯ ৰানত পৰাস্ত কলকাতা নাইট ৰাইডাৰ। ২০ অভাৰত মাত্ৰ ৯টা উইকেট হেৰুৱাই ১৪৬ ৰানে সংগ্ৰহ কৰে কলকাতাই। মুম্বাই ইণ্ডিয়ানে লক্ষ্য বান্ধি দিছিল ১৯৫ ৰান।

১৪. আন্দামান নিকোবৰতো কোভিডৰ সংহাৰ অব্যাহত । বুধবাৰৰ দিনা ২১জন লোকৰ দেহত কোভিড পজিটিভ ধৰে পৰে। মুঠ কোভিডত আক্ৰান্তৰ সংখ্যা ৩৭১২লৈ বৃদ্ধি।

১৫. গুজৰাটত আকৌ ১৩৭২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১২৭৫৪১জনলৈ বৃদ্ধি।

১৬. সদনত গৃহীত কৃষি বিধেয়কে উত্তৰ পূবতে পেলাব ব্যাপক প্ৰভাৱ। ক্ষুদ্ৰ খেতিয়কে হেৰুৱাব মাটি। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰে হোৱা বাৰ্তালাপত ৰিপুন বৰাৰ এই দাবী।

১৭. ৰাজ্যত বৰ্তমান কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩০১৮২জন । বুধবাৰে ১৭৬২গৰাকী লোক সুস্থ হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয়।

১৮. যোৱা ২৪ ঘন্টাত অসমত সম্পূৰ্ণ কৰা হৈছিল ২৯,৮৯৬টা কোভিড টেষ্ট। ইয়াৰে ২০৯৮গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। তাৰে ৫০৫গৰাকী কামৰূপ মহানগৰৰ।

১৯. অসমত কোভিডত আক্ৰান্তৰ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৯৭জনলৈ বৃদ্ধি। বুধবাৰে কোভিডত আক্ৰান্ত হৈ ১১জনৰ মৃত্যু।

২০. কৰ্ণাটকত আকৌ ৬৯৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৪০৮৪৭জনলৈ বৃদ্ধি।

২১. দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছদিয়া কোভিডত আক্ৰান্ত। তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

২২. ২ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি সত্যমেৱ জয়তে-২। অভিনেতা জন আব্ৰাহামে কৰিছে ছবিখনত অভিনয়।

২৩. দেশৰ ৭খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে মোডীৰ বাৰ্তালাপ। দ্ৰুত হাৰত বৃদ্ধি পোৱা কোভিডক লৈ শংকা ব্যক্ত প্ৰধানমন্ত্ৰীৰ। মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যত সংক্ৰমণ বৃদ্ধি হোৱাক লৈ উদ্বিগ্ন মোডী।

২৪. পঞ্জাৱত ২১২৩জনৰ দেহত বুধবাৰে কোভিড পজিটিভ ধৰে পৰে। ৰাজ্যখনত ১০৩৪৬৪জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যা।

২৫. মুখ্যমন্ত্ৰী সোণোৱালে বুধবাৰে মুকলি কৰে গ্ৰাম্য পৰিবহন আঁচনি। এই আঁচনিৰ আধাৰত বহু লোকক দিছে বাহন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in